বনৰীয়া কাঠফুলা বিষাক্ত ! খোৱাৰ পৰা বিৰত থাকক
ডিব্ৰুগড় জিলা স্বাস্থ্য বিভাগৰ আহ্বান
চাইন অন ডেস্ক,২৯ এপ্ৰিল:
বাৰিষাৰ সময়ছোৱাত হাবিয়ে বননিয়ে পোৱা বিভিন্ন বনৰীয়া কাঠফুলা খাই বিষক্রিয়া হোৱাৰ ঘটনা পূৰ্বে পৰিলক্ষিত হোৱাৰ পৰিপ্ৰেক্ষিতত ৰাইজক হাবি বননিত পোৱা বনৰীয়া কাঠফুলা খোৱাৰ পৰা বিৰত থাকিবলৈ আহ্বান জনাইছে 
দিয়া লৈ অপেক্ষা নকৰি অনতিপলমে নিকটতম স্বাস্থ্য কেন্দ্ৰৰ সৈতে যোগাযোগ কৰিবলৈ স্বাস্থ্য বিভাগৰ তৰফৰ পৰা আহ্বান জনোৱা হৈছে। তদুপৰি বিষাক্ত কাঠফুলা সম্পর্কে চলি থকা কিছুমান ভ্রান্ত ধাৰণা যেনে- সকলো বিষাক্ত কাঠফুলাৰ ৰং উজ্জ্বল আৰু জিলিকি থকা, হাবি বননিত পোৱা কাঠফুলা ফ্রীজত, ৰ’দত শুকুৱাই বা বৰফত থৈ ৰান্ধি খালে নিৰাপদ হয়, বিষাক্ত কাঠফুলাৰ গোন্ধ আৰু সোৱাদ অতি উগ্র-ইত্যাদি ভ্ৰান্ত ধাৰণাৰ বশৱৰ্তী হৈ ৰাইজক বিষাক্ত কাঠফুলা খোৱাৰ পৰা বিৰত থাকিবলৈ জিলাখনৰ স্বাস্থ্য বিভাগৰ পৰা আহ্বান জনোৱা হৈছে। উল্লেখযোগ্য যে, এই বনৰীয়া কাঠফুলা সেৱনৰ ভয়াৱহতা সন্দৰ্ভত সজাগতা সৃষ্টিৰ বাবে ডিব্ৰুগড় জিলাৰ স্বাস্থ্য বিভাগৰ তৰফৰ পৰা বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰা হৈছে। স্বাস্থ্য কৰ্মী সকলে সচেতনতা সভাৰ জৰিয়তে ৰাইজক বনৰীয়া কাঠফুলা সেৱনৰ বিপদসংকুল ফলাফল সন্দৰ্ভত অহৰহ অৱগত কৰাৰ লগতে বিশেষকৈ চাহ -বাগিছা অঞ্চলত মাইকৰ জৰিয়তে ঘোষণা কৰি ৰাইজক সজাগ কৰাৰ পদক্ষেপ গ্ৰহণ কৰা হৈছে। একেদৰে সামাজিক মাধ্যমৰ যোগেদি বিভিন্ন সচেতনতা বাৰ্তা প্ৰেৰণ কৰি বনৰীয়া কাঠফুলা সেৱনৰ পৰা বিৰত থাকিবলৈ ৰাইজক অৱগত কৰা হৈছে।
