...

বিশ্বকাপত খেলাক লৈ ইৰানক নতুন চৰ্ত আমেৰিকাৰ ?

Spread the love

বিশ্বকাপত খেলাক লৈ ইৰানক নতুন চৰ্ত আমেৰিকাৰ ?

কি চৰ্ত দিলে ড’নাল্ড ট্ৰাম্পে ?

বাশ্বিংটন,২৭এপ্রিল:

ফুটবল বিশ্বকাপ সন্দর্ভত ইৰানৰ ওপৰত নতুন চৰ্ত জাৰি কৰিছে আমেৰিকাই। এই চৰ্ত পূৰণ হ’লেহে ইৰানৰ ফুটবল দলক আমেৰিকাত প্ৰৱেশৰ অনুমতি প্রদান কৰা হ’ব বুলি উল্লেখ কৰিছে মার্কিন বিদেশ সচিব মার্কো ৰোবিঅ’ই। উল্লেখ্য যে আমেৰিকা, মেক্সিকো আৰু কানাডাই যুটীয়াভাৱে এইবাৰৰ বিশ্বকাপ অনুষ্ঠিত কৰিব। ইৰানৰ গ্ৰুপ পৰ্যায়ৰ সকলো খেল অনুষ্ঠিত হ’ব আমেৰিকাত। কিন্তু মধ্যপ্রাচ্যৰ যুদ্ধৰ পৰিস্থিতিৰ পিছৰ পৰা বিশ্বকাপত ইৰানৰ অংশগ্রহণক লৈ অনিশ্চয়তাই দেখা দিছে। মার্কিন ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পৰ মন্তব্যৰ পাছৰ পৰা দিনক দিনে ইৰানৰ অংশগ্ৰহণ অনিশ্চিত হৈ পৰিছে। যুদ্ধবিৰতি ঘোষণা কৰিলেও এতিয়ালৈকে কোনোধৰণৰ আনুষ্ঠানিক
আলোচনাত মিলিত হোৱা নাই ইৰান-আমেৰিকা। ইয়াৰ মাজতে বিশ্বকাপত ইৰানৰ অংশগ্রহণ সন্দর্ভত মার্কিন, বিদেশ সচিবগৰাকীয়ে কয়-‘ইৰানী ফুটবলাৰসকলে আমেৰিকাত বিশ্বকাপ খেলিবলৈ অহাত আমাৰ কোনো আপত্তি নাই। কিন্তু ইৰানৰ ইছলামিক ৰিভ’লিউচনাৰী গার্ড কর্পছৰ কোনোৱেই দলটোৰ লগত থাকিব নোৱাৰিব। ফুটবলৰ সৈতে অহা কোনো লোকেই আইআৰজিচিৰ সৈতে

জড়িত হ’ব নোৱাৰিব। এনে কোনো সাংবাদিক আৰু প্ৰশিক্ষক আহিলে তেওঁলোকে আমেৰিকাত প্ৰৱেশ কৰিব নোৱাৰিব। ইফালে, ইৰানৰ অনিশ্চয়তাৰ সময়ত আমেৰিকাই শত্রু দেশখনৰ স্থানত ইটালীক বিশ্বকাপত অন্তর্ভুক্ত কৰাৰ পৰিকল্পনা কৰি থকা বুলিও চর্চা চলি আছে।

Leave a Reply

Your email address will not be published. Required fields are marked *