...

মেদেৰটাৰীৰ শোকাৱহ লঞ্চ দূৰ্ঘটনাৰ ১৪ বছৰ !

Spread the love

মেদেৰটাৰীৰ শোকাৱহ লঞ্চ দূৰ্ঘটনাৰ ১৪ বছৰ !

 

দুখ আৰু মিছা প্ৰতিশ্ৰুতিৰ এক জীয়া কাহিনী!

 

ধুবুৰী, ২৭ এপ্ৰিল:

৩০ এপ্ৰিল, ২০১২, ধুবুৰী জিলাৰ ইতিহাসৰ এক অভিশপ্ত দিন। উল্লেখ্য যে, ১৪ বছৰ পূৰ্বে ২০১২ চনৰ ৩০ এপ্ৰিলৰ দিনা সংঘটিত হৈছিল ৰাজ্যৰ আটাইতকৈ ভয়াৱহ নাওঁ দূৰ্ঘটনাটো৷ সিদিনা ধুবুৰী চহৰৰ যোগমায়া ঘাটৰ পৰা ব্ৰহ্মপুত্ৰইদি বিয়লি ৩টা মানশবজাত মেদেৰটাৰী অভিমুখে যাত্ৰা কৰিছিল ‘পাঁচ ভাই’ নামৰ লেছী চালিত লঞ্চ এখন। যাত্ৰাৰম্ভ কৰাৰ আনুমানিক প্ৰায় ডেৰ ঘন্টা মান পিছত ফুট গধূলীত সংঘটিত হৈছিল সেই দূৰ্ঘটনাটো। গন্তব্যস্থান মেদেৰটাৰীৰ নদী ঘাট পোৱালৈ বাকী আছিল মাথো কেই কিলোমিটাৰ পথ। কিন্তু তাৰ পূৰ্বে এক প্ৰচণ্ড ধুমুহাৰ সন্মুখীন হৈছিল লঞ্চখন। সেই কাল ধুমুহাত খণ্ড বিখণ্ড হোৱা লঞ্চখনৰ ৪৭ গৰাকী যাত্ৰীয়ে সিদিনা প্ৰাণ হেৰুৱাইছিল। দূৰ্ঘটনাটোৰ পিছত দূৰ্ঘটনাগ্ৰস্থ সেই লঞ্চখনৰ সম্ভাব্য যাত্ৰীসংখ্যাক লৈও সৃষ্টি হৈছিল বিভ্ৰান্তিৰ। কিয়নো লেছী নিয়ন্ত্ৰণাধীন ধুবুৰীৰ যাত্ৰীবাহী লঞ্চবোৰৰ অধিকাংশতে নাছিল যাত্ৰীৰ কোনো ধৰণৰ টিকটৰ ব্যৱস্থা। ফলত সিদিনা দূৰ্ঘটনাত পতিত হোৱা লঞ্চখনত দৰাচলতে কিমান যাত্ৰী আছিল সেই সংখ্যাক লৈ প্ৰথমাৱস্থাত বিপাঙত পৰা দেখা গৈছিল জিলা প্ৰশাসনকে ধৰি আভ্যন্তৰীণ জল পৰিবহন বিভাগে। ইফালে মেদেৰটাৰীৰ সেই দূৰ্ঘটনাটোৱে লেছী নিয়ন্ত্ৰাধীন সেই লঞ্চখনে যাত্ৰীৰ উপৰিও বহন ক্ষমতাতকৈ অধিক সামগ্ৰী কঢ়িওৱা বুলিও উন্মোচিত হৈছিল। পোহৰলৈ আহিছিল ধুবুৰীৰ ব্ৰহ্মপুত্ৰইদি চলাচল কৰা লেছী চালিত যাত্ৰীৱাহী, মালৱাহী লঞ্চ আৰু ভূটভূটিবোৰৰ অধিকাংশৰে বিভাগীয় অনুজ্ঞাপত্ৰ নথকাৰ বিষয়টোও। দূৰ্ঘটনাটোৰ পিছত দূৰ্ঘটনাগ্ৰস্থ সেই লঞ্চখনৰ বিভাগীয় অনুজ্ঞা পত্ৰকে ধৰি বীমাকৰণ নথকাৰ বিষয়টোও পোহৰলৈ আহিছিল। । ফলত স্বাভাৱিক ভাৱেই মেদেৰটাৰীৰ সেই লঞ্চ দূৰ্ঘটনাটোৰ পিছত লঞ্চ অথৱা ভূটভূটীৰে ধুবুৰীলৈ নিতৌ অহা–যোৱা কৰা শ শ নাওঁ যাত্ৰীসকলৰ প্ৰতি থকা চৰকাৰৰ নুণ্যতম দায়বদ্ধতা আছে নে নাই উত্থাপিত হৈছিল সেই প্ৰশ্নও। ইফালে সেই নাওঁ দূৰ্ঘটনাটোৱে ৰাজ্যৰ লগত সমগ্ৰ দেশত খলকনি তোলাৰ পিছ মূহুৰ্তৰে পৰা দূৰ্গম, অনগ্ৰসৰ মেদেৰটাৰীলৈ আগমন ঘটা দেথা লৈছিল হাই প্ৰোফাইল নেতা, মন্ত্ৰী আৰু আমোলাৰ। ৰাজ্যৰ তদানীন্তন মুখ্যমন্ত্ৰী প্ৰয়াত তৰুণ গগৈসহ মেদেৰটাৰীত উপস্থিত হৈছিল কংগ্ৰেছৰ শীৰ্ষ নেতা ৰাহুল গান্ধীও। দূৰ্ঘটনাটো সংঘটিত হোৱাৰ পিছত ২০১২ বৰ্ষৰ ৫ মে’ৰ দিনা মেদেৰটাৰীত উপস্থিত হৈছিল তদানীন্তন কেন্দ্ৰীয় চৰকাৰখনৰ নৌ-পৰিবহন মন্ত্ৰী (Minster, Ministry of Shipping) জি. কে ভাছান। মন্ত্ৰীগৰাকীয়ে ধুবুৰীৰ ব্ৰহ্মপুত্ৰত আগলৈ যাতে এনে ধৰণৰ দূৰ্ঘটনা নঘটে সেয়া ৰোধ কৰাৰ বাবে নিৰাপদ জল পৰিবহন ব্যৱস্থা গঢ়ি তোলা হ’ব বুলি ঘোষণা কৰাৰ সমান্তৰালকৈ ধুবুৰী আৰু মেদেৰটাৰীৰ মাজত এম ভি যাযাবৰ নামৰ যাত্ৰীবাহী এখন ইঞ্জিন চালিত মাৰবোটৰ শুভ উদ্বোধন কৰিছিল। পিছে, বৰলুইতৰ জলস্তৰ হ্ৰাস পোৱাৰ লগে লগে সেই মাৰবোটখনৰ চলাচল বন্ধ হৈ পৰিছিল আৰু পিছলৈ গৈ সেইখন পৰিত্যাক্ত অৱস্থাতেই জহি-খহি গৈ নিশ্চিহ্ন হৈ পৰা দেখা গৈছিল। এয়াই কেবল নহয়; মেদেৰটাৰীত উপস্থিত হোৱা কেন্দ্ৰীয় মন্ত্ৰী ভাছানক তদানীন্তন কংগ্ৰেছ নেতৃত্বাধীন ৰাজ্য চৰকাৰখনৰ পৰিবহন মন্ত্ৰী চন্দন ব্ৰহ্মই ৰাজ্যৰ জল পৰিবহন ক্ষেত্ৰখনৰ উন্নয়ন আৰু ২শখন নিৰাপদ যাত্ৰীবাহী লঞ্চ ক্ৰয় কৰাৰ বাবে যুগুত কৰা ৩৬৫ কোটি টকাৰ আঁচনি এখনত অনুমোদন প্ৰদান কৰিবলৈ এখন স্মাৰকপত্ৰ প্ৰদান কৰিছিল। তদানীন্তন কেন্দ্ৰীয় নৌ-পৰিবহন মন্ত্ৰীগৰাকীয়ে স্মাৰপত্ৰখনত উল্লেখিত বিষয়বোৰ অতি শীঘ্ৰে বিবেচনা কৰা হ’ব বুলিও প্ৰতিশ্ৰুতি দিয়া পোৱা গৈছিল যদিও পিছলৈ গৈ এটা টাকড়িও মোকোলাই দিয়া নাছিল তদানীন্তন কেন্দ্ৰীয় চৰকাৰখনে। কেন্দ্ৰীয় চৰকাৰৰ অনুৰূপে মেদেৰটাৰীৰ শোকাবহ সেই দূৰ্ঘটনাটোৰ পিছত শোকবিহ্বল মেদেৰটাৰীবাসীলৈ অঞ্চলটোৰ উন্নয়নৰ বাবে তদানীন্তন ৰাজ্য চৰকাৰ আৰু বিভিন্ন ৰাজনৈতিক দলৰ নেতা-মন্ত্ৰীয়ে প্ৰদান কৰা পোৱা গৈছিল বিভিন্ন প্ৰতিশ্ৰুতি। তদানীন্তন ৰাজ্য চৰকাৰখনে মেদেৰটাৰী অঞ্চলৰ উন্নয়নৰ বাবে ১০ কোটি টকীয়া এটা পেকেজ প্ৰদান কৰাৰ ঘোষণা কৰাৰ সমান্তৰালকৈ এআইইউডিএফ চুপ্ৰিমো তথা প্ৰাক্তন সাংসদ বদৰুদ্দিন আজমলে তেওঁ আৰু তেওঁৰ দলৰ বিধায়কসকলে নিজৰ নিজৰ এমাহৰ দৰমহা মেদেৰটাৰীৰ নাওঁ দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা দূৰ্ভগীয়া সকলক প্ৰদান কৰাৰো প্ৰতিশ্ৰুতি দিছিল। সেই সময়ত, সঘনে মেদেৰটাৰী লৈ অহা-যোৱা কৰা দেখা যোৱা তদানীন্তন ৰাজ্য চৰকাৰৰ গ্ৰামোন্নয়ন বিভাগৰ মন্ত্ৰী তথা বৰ্ৰতমানে ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইনেও এমজিএনৰেগা আঁচনিৰ অধীনত ১ কোটি টকাৰে এমাহৰ ভিতৰত মেদেৰটাৰী অঞ্চলৰ ক্ষতিগ্রস্ত পথ আৰু দলংবোৰ মেৰামতি কৰা হ’ব বুলিও ঘোষণা দিছিল। কিন্তু সেই প্ৰতিশ্ৰুতিবোৰৰ অধিকাংশই দিঠকত গৈ ফুটুকাৰ ফেনত পৰিণত হোৱাহে দেখা গৈছিল। ইপিনে দূৰ্ঘটনাটোৰ পিছত তদানীন্তন ৰাজ্য চৰকাৰ আৰু ধুবুৰী জিলা প্ৰশাসনে পৃথকে পৃথকে দুটাকৈ তদন্ত আৰম্ভ হোৱা বুলি ঘোষণা কৰিছিল। আনকি জিলাখনৰ তদানীন্তন উপ–আৰক্ষী অধীক্ষক পৰ্যায়ৰ এগৰাকী আৰক্ষী বিষয়াৰ দ্বাৰা মেদেৰটাৰীত ৰাজহুৱা শুনানীৰ ব্যৱস্থা কৰাও হৈছিল। কিন্তু পৰিতাপৰ কথা এয়াই যে মেদেৰটাৰীৰ শোকাৱহ সেই দূৰ্ঘটনাটোৰ আজি ১৪ বছৰ উকলিবৰ হ’ল যদিও বৰ্তমানেও পোহৰলৈ নাহিল এটা তদন্তৰো প্ৰতিবেদন। পিছে চৰ্চা কিন্তু এয়াই যে, সেই সময়ত ধুবুৰীকে ধৰি জিলাখনৰ বিভিন্ন পাৰঘাটৰ দায়িত্বত থকা তথা কংগ্ৰেছৰ এগৰাকী নেতাৰ আশীষধন্য লেছিৰ এক শক্তিশালী চিণ্ডিকেট চক্ৰৰ হেঁচাত সেও মানি তদানীন্তন ৰাজ্য চৰকাৰখনে বিষয়টো লৈ পিছ হোঁহকা মাৰিছিল। পিছে, আটাইতকৈ পৰিতাপৰ কথা কিন্তু এয়াই যে ধুবুৰীৰ ব্ৰহ্মপুত্ৰইদি দৈনিক শ শ নাওঁযাত্ৰীৰ বিপদসংকুল নাওঁ যাত্ৰা এতিয়াও আছে অব্যাহত; কিন্তু নিৰ্লীপ্ত প্ৰশাসন আৰু ৰাজ্য চৰকাৰৰ আভ্যন্তৰীণ জল পৰিবহন বিভাগৰ ধুবুৰী শাখা। ৩০ এপ্ৰিললৈ এতিয়া মাজত মাথো কেইটামান দিন!

Leave a Reply

Your email address will not be published. Required fields are marked *