...

ৰাঙাপানী ৰাজ্যিক পশু চিকিৎসালয়ৰ অচলাৱস্থা ?

Spread the love

ৰাঙাপানী ৰাজ্যিক পশু চিকিৎসালয়ৰ অচলাৱস্থা ?

উন্নীতকৰণৰ দাবী ৰাইজৰ

নগৰবেৰা:

কামৰূপৰ ছমৰীয়া সমষ্টিৰ ৰাঙাপানী ৰাজ্যিক
পশু চিকিৎসালয়ৰ বৰ্তমানৰ অচলাৱস্থাই ৰাইজক ভবাই তুলিছে। ৰাইজৰ অভিযোগ মতে দীৰ্ঘদিনৰে পৰা পশু চিকিৎসালয় খনত কৰ্মৰত চিকিৎসক গৰাকীৰ উপস্থিতি নিয়মীয়া নহয় ,তাৰ উপৰিও কোনো নাই দৰৱ-পাতিও। আছে গৰু নাবায় হাল’ ,সদৃশ হৈ চলি আছে ছমৰীয়া সমষ্টিৰ ৰাঙাপানী ৰাজ্যিক পশু চিকিৎসালয় খন ।অভিযোগ মতে বিগত তিনি মাহৰে পৰা পশু চিকিৎসকৰ অনুপস্থিত চতুৰ্থ বৰ্গৰ এজন কৰ্মচাৰীয়েহে চলাই আহিছে বিগত সময়চোৱাত ।কৃষিপ্ৰধান অঞ্চলটোৰ সততে বিভিন্ন ৰোগত আক্ৰান্ত পশুধনক লৈ বিপাঙত পৰিছে কৃষিজীৱী গঞা।চিকিৎসক গৰাকীয়ে মাহৰ কোনোবা এটা দিনত গোপনে উপস্থিত থাকি স্বাক্ষৰ কৰি ৰাইজৰ লগতে বিভাগীয় কৰ্তৃপক্ষকো কাগজে-কলমে উপস্থিতি দেখুৱায় থকা বুলিও উল্লেখ অভিযোগত ।এই সন্দৰ্ভত ইতিমধ্যে বিভিন্ন বা বাতৰি সম্প্ৰচাৰ হোৱাৰ উপৰি ৰাইজে বহু অভিযোগ কৰিও সুফল নোপোৱা বুলিও উল্লেখ।চিকিৎসালয় গৃহৰ অৱস্থাও তথৈবচ ,চাইনব’ৰ্ড, বাউণ্ডাৰী ৱাল’ আদিবোৰ নথকা চিকিৎসালয়খনৰ অস্তিত্ব পুতৌলগা ধৰণৰ।শীঘ্ৰে পশু চিকিৎসালয় খনক কাৰ্যক্ষম কৰা আৰু চিকিৎসকৰ উপস্থিতি নিয়মীয়া কৰাৰ দিহা কৰিবলৈ সংশ্লিষ্ট বিভাগক দাবী জনাইছে অঞ্চলবাসী ৰাইজে।

Leave a Reply

Your email address will not be published. Required fields are marked *