...

অসম প্ৰদূষণ নিয়ন্ত্ৰণ ব’ৰ্ডৰ ৰাজহুৱা শুনানি

Spread the love

অসম প্ৰদূষণ নিয়ন্ত্ৰণ ব’ৰ্ডৰ ৰাজহুৱা শুনানি

আদানী পাৱাৰ লিমিটেডৰ উচ্চ ক্ষমতা সম্পন্ন থাৰ্মেল পাৱাৰ প্ৰজেক্টৰ প্ৰদূষণ !

 

চাইন অন ডেস্ক:

আদানী পাৱাৰ লিমিটেডৰ উচ্চ ক্ষমতা সম্পন্ন থাৰ্মেল পাৱাৰ প্ৰজেক্টৰ বাবে প্ৰদূষণ নিয়ন্ত্ৰণ ব’ৰ্ডে আয়োজন কৰে ৰাজহুৱা শুনানি। শুনানিত অংশ গ্ৰহণ কৰে চৰুৱাবাখৰা, সন্তোষপুৰ, চিৰাকুটা আদি অঞ্চলৰ কেইবাহাজাৰ পুৰুষ মহিলা। অনুষ্ঠানত পৰিৱেশ প্ৰদূষণ সন্দৰ্ভত বিভিন্নজনে বিভিন্ন ধৰণৰ মতামত আগবঢ়ায়। উল্লেখ্য যে- বিলাসীপাৰা সমজিলাৰ সন্তোষপুৰ, চৰুৱাবাখৰা আৰু চিৰাকুটাত আদানী গ্ৰুপে স্থাপন

কৰিৱ ৩২০০ মেগাৱাট আল্ট্ৰা ছুপাৰ ক্ৰিটিকেল থাৰ্মেল পাৱাৰ প্লান। ইতিমধ্যে অঞ্চল কেইখনত অসম চৰকাৰে ৰাজ্যৰ সৰ্ববৃহৎ উচ্ছেদ অভিযান চলাই মুক্ত কৰিছে প্ৰায় ৫ হাজাৰ বিঘা ভূমি। উক্ত ভূমিত আদানী গ্ৰুপে নিৰ্মাণ কৰিৱ উত্তৰ-পূৱ ভাৰতৰ সৰ্ববৃহৎ তাপ বিদ্যুৎ প্ৰকল্প। ইতিমধ্যে আদানী গ্ৰুপে সন্তোষপুৰ, চৰুৱাবাখৰা আৰু চিৰাকুটাত উক্ত তাপ বিদ্যুৎ প্ৰকল্পৰ বাবে আৰম্ভ কৰিছে প্ৰাথমিক পৰ্যায়ৰ সকলো কাম-কাজ। আজি অসম প্ৰদূষণ ব’ৰ্ডে আয়োজন কৰা ৰাজহুৱা শুনানিত অংশ গ্ৰহণ কৰে প্ৰদূষণ ব’ৰ্ডৰ উচ্চ পদস্থ বিষয়াৰ লগতে সমজিলা আৰু জিলা উচ্চ পদস্থ বিষয়া। ধুবুৰী জিলাত ভাৰতবৰ্ষৰ ভিতৰত অন্যতম সৰ্ববৃহৎ ৩২০০ মেগাৱাট আল্ট্ৰা ছুপাৰ ক্ৰিটিকেল থাৰ্মেল পাৱাৰ প্লান স্থাপনকলৈ আদানী গ্ৰুপক ধন্যবাদ জনাইছে স্থানীয় ৰাইজৰ লগতে বিভিন্ন দ’ল সংগঠনে। সন্তোষপুৰৰ ৩২০০ মেগাৱাট আল্ট্ৰা ছুপাৰ ক্ৰিটিকেল থাৰ্মেল পাৱাৰ প্লানক লৈ পৰিৱেশ সংৰক্ষণৰ ক্ষেত্ৰত অত্যাধুনিক বিজ্ঞান ভিত্তিক যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিব বুলি জানিবলৈ দিছে আদানী গ্ৰুপৰ উচ্চ পদস্থ বিষয়াই।

Leave a Reply

Your email address will not be published. Required fields are marked *