...

পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক

Spread the love

পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক

 

গ্ৰীণ কৰিডৰৰ ব্যৱস্থাৰ মাজেৰে সদৰ থানালৈ
পঞ্জাৱ আৰক্ষীৰ জিন্মাত ডিব্ৰুগড় থানাত

চাইন অন ডেস্ক:

মুকলি আকাশৰ সোৱাদ লোৱা নহল সাংসদ তথা
ৱাৰিছ পঞ্জাৱ ডে’ৰ মূৰব্বী অমৃতপাল সিঙৰ৷জেলৰ পৰা ওলাই অহাৰ পূৰ্বে পুনৰ গ্ৰেপ্তাৰ হ’ল ৱাৰিছ পঞ্জাৱ ডে’ৰ মূৰব্বী তথা সাংসদ অমৃতপাল সিং৷ মাজনিশা ৰাষ্ট্ৰীয় নিৰাপত্তা আইনৰ অধীনত তিনিবছৰীয়া বন্দীত্বৰ ম্যাদ অন্ত পৰিছিল যদিও মাত্ৰ কেইটামান ঘন্টাৰ পাছতে পঞ্জাৱ আৰক্ষীয়ে পুনৰ গ্ৰেপ্তাৰ কৰে অমৃতপাল সিঙক৷ ২০২৩ চনৰ অজনালা থানা আক্ৰমণৰ গোচৰত গ্ৰেপ্তাৰ কৰি পঞ্জাৱ আৰক্ষীয়ে দুদিনৰ জিন্মাত গ্ৰহণ কৰে সাংসদ সিঙক৷ ইফালে অমৃতপাল সিঙক গ্ৰেপ্তাৰৰ পিছতে ডিব্ৰুগড় মহানগৰত কটকটীয়া নিৰাপত্তাৰ বেষ্টনি গঢ়ি তোলা হৈছিল৷ কেন্দ্ৰীয় কাৰাগাৰ সমীপৰ ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা মানকটা পথ আৰু থানা চাৰিআলিৰ পৰা আৰকেবি পথ হৈ ডিব্ৰুগড় সদৰ থানালৈকে গ্ৰীণ কৰিডৰৰ ব্যৱস্থা কৰা হৈছিল৷ পঞ্জাৱ আৰক্ষীস অসম আৰক্ষী আৰু অসম আৰক্ষীৰ ব্লেক কামাণ্ডোৰে গঠিত ১১ খন বাহনৰ এটা কনভয়ৰ জৰিয়তে সাংসদ অমৃতপাল সিঙক কেন্দ্ৰীয় কাৰাগাৰৰ পৰা প্ৰায় ৮০০ মিটাৰ দূৰত্বত অৱস্থিত ডিব্ৰুগড় সদৰ থানালৈ ব্যাপক তথা কঠোৰ নিৰাপত্তা ব্যৱস্থাৰ মাজেৰে লৈ যোৱা হয়৷ পঞ্জাৱ আৰক্ষীৰ এজন উপ-আৰক্ষী অধীক্ষক পৰ্যায়ৰ বিষয়াৰ দলটোক সহযোগিতা আগবঢ়াইছিল ডিব্ৰুগড় জিলা অতিৰিক্ত আৰক্ষী অধীক্ষক অতুল কুমাৰে৷ আনহাতে অমৃতপাল সিঙক গ্ৰেপ্তাৰৰ পাছতে ডিব্ৰুগড় সদৰ থানাৰ পৰাই ভাৰ্চুৱেলী আদালতত হাজিৰ কৰোৱা হয়৷ সম্প্ৰতি ডিব্ৰুগড় সদৰ থানাত কেইবা তৰপীয়া নিৰাপত্তা বেষ্টনিৰ মাজত ৰাখি পঞ্জাৱ আৰক্ষীয়ে অমৃতপাল সিঙক চলাব জেৰা৷ দুদিনীয়া আৰক্ষীৰ জিন্মাৰ ম্যাদ শেষ হোৱাৰ পাছত পুনৰ ভাৰ্চুৱেলী অমৃতপাল সিঙক আদালতত হাজিৰ কৰোৱাব বুলি জানিব পৰা গৈছে৷ উল্লেখ্য যে, ২০২৩ চনৰ ২৩ এপ্ৰিলত এন এছ এৰ অধীনত গ্ৰেপ্তাৰ কৰি অমৃতপাল সিঙক ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰলৈ অনা হৈছিল৷ তিনি বছৰীয়া কাৰাবন্দীত্বৰ ম্যাদ বুধবাৰে মাজনিশা অন্ত পৰাৰ পাছত ১৯ এপ্ৰিলৰ পৰা ডিব্ৰুগড়ত বাহিৰ পাতি থকা পঞ্জাৱ আৰক্ষীৰ শীৰ্ষ বিষয়াৰ দলে কাৰাগাৰৰ পৰাই গ্ৰেপ্তাৰ কৰে অমৃতপাল সিঙক৷ ইফালে সমগ্ৰ প্ৰক্ৰিয়াটোৰ সন্দৰ্ভত অমৃতপাল সিঙৰ অধিবক্তা যশবীৰ কৌৰে জানিবলৈ দি কয় যে, অমৃতপাল সিঙক পঞ্জাৱ আৰক্ষীয়ে দুদিনৰ আৰক্ষী জিম্মাত লৈছে। অজনালা থানা আক্ৰমণৰ ঘটনা সন্দৰ্ভত ডিব্ৰুগড় সদৰ থানাত জেৰা চলোৱা হ’ব৷ ইয়াৰ পিছত তেওঁক পুনৰ ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰলৈ লৈ অহা হ’ব আৰু তাতেই ৰখা হ’ব। অধিবক্তা যশবীৰ কৌৰে লগতে কয় যে, পঞ্জাৱ আৰু হাৰিয়ানা উচ্চ ন্যায়ালয়ৰ অনুমতি মৰ্মে পৰৱৰ্তী সকলো বিচাৰ প্ৰক্ৰিয়া পঞ্জাৱৰ পৰা ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে পৰিচালনা কৰা হ’ব। মন কৰিবলগীয়া যে, এন এছ এৰ অধীনত বন্দী হৈ থকাৰ বাবে অজনালা গোচৰটো তিনি বছৰ ধৰি ওলমি ৰৈ আছিল৷ ২০২৩ চনৰ ২৪ ফেব্ৰুৱাৰীত অমৃতপাল সিঙৰ নেতৃত্বত অমৃতসৰৰ উপকণ্ঠত থকা অজনালা থানাৰ বেৰিকেড ভাঙি ভিতৰত প্ৰৱেশ কৰি এজন সহযোগীক মুকলি কৰি আনিবলৈ আৰক্ষীৰ সৈতে সংঘাতত লিপ্ত হৈছিল৷ এই ঘটনাটোৰ সন্দৰ্ভত ৰুজু হোৱা গোচৰত অমৃতপালসহ ৪১জন অভিযুক্তৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ কেইবাটাও ধাৰা— হত্যাৰ চেষ্টা (৩০৭), অপৰাধমূলক ষড়যন্ত্ৰ (১২০বি), চৰকাৰী কৰ্মচাৰীক আক্ৰমণ (৩৫৩), দাঙ্গা (১৪৮) আৰু অবৈধ সমাৱেশ (১৪৯)ৰ লগতে অস্ত্ৰ আইনৰ ২৫ নং ধাৰাৰ অধীনত পঞ্জীভূত হৈ আছিল৷ ইফালে আজি অমৃতপাল সিঙক পুনৰ গ্ৰেপ্তাৰৰ পাছতে আজিৰ দিনটোৰ পৰা আৰম্ভ হ’ব আজনালা কাণ্ডৰ বিচাৰ প্ৰক্ৰিয়া৷ পঞ্জাৱ আৰু হাৰিয়ানা উচ্চ ন্যায়ালয়ে যোৱা সপ্তাহত পঞ্জাৱ চৰকাৰক এন এছ এ বন্দীত্বৰ ম্যাদ শেষ হোৱাৰ পিছত অমৃতপালক গ্ৰেপ্তাৰৰ অনুমতি দিছিল আৰু তেওঁক ডিব্ৰুগড় কাৰাগাৰতে আৱদ্ধ কৰি ৰাখিবলৈ সন্মতি দিছিল। আদালতে আৰক্ষী আৰু ন্যায়িক জিম্মাকে ধৰি সকলো প্ৰক্ৰিয়া ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে কৰিবলৈ অনুমতি দিছে। আজনালা গোচৰৰ উপৰিও অমৃতপাল আৰু তেওঁৰ সহযোগীসকলৰ বিৰুদ্ধে অমৃতসৰ (গ্ৰাম্য), জলন্ধৰ আৰু মোগাত সংঘটিত হোৱা হিংসাত্মক ঘটনাৰ দৰে ১২ টা গোচৰ আছে৷ সমান্তৰালভাৱে ২০২৪ চনৰ ৯ অক্টোবৰত কোটকাপুৰাত গুলীয়াই হত্যা কৰা ছচিয়েল মিডিয়া ইনফ্লুৱেন্সাৰ গুৰপ্ৰীত সিং ওৰফে হৰি নৌৰ হত্যাকাণ্ডৰো অমৃতপাল সিঙক মূল ষড়যন্ত্ৰকাৰী হিচাপে অভিযুক্ত কৰা হৈছে। উল্লেখ্য যে, ডিব্ৰুগড় কাৰাগাৰত বন্দী হৈ থকা অৱস্থাতে অমৃতপাল সিঙে ২০২৪ চনৰ লোকসভা নিৰ্বাচনত নিৰ্দলীয় প্ৰাৰ্থী হিচাপে খাদূৰ চাহাব সমষ্টিৰ পৰা প্ৰতিদ্বন্দিতা কৰি বৃহৎ ভোটৰ ব্যৱধানত বিজয়ী হৈছিল৷ ইয়াৰ পাছতে প্ৰথমবাৰৰ বাবে ২০২৪ চনৰ ৫ জুলাইত শপত গ্ৰহণ কৰিবলৈ সংসদ ভৱনত প্ৰৱেশৰ সুযোগ লাভ কৰিছিল অমৃতপাল সিঙে৷ পৰৱৰ্তী সময়ত সংসদীয় অধিৱেশনত অংশগ্ৰহণৰ বাবে পেৰ’ল বিচাৰি কৰা দুখন আবেদন পঞ্জাৱ আৰু হাৰিয়ানা উচ্চ ন্যায়ালয়ে খাৰিজ কৰিছিল।

Leave a Reply

Your email address will not be published. Required fields are marked *