...

নিজ গৃহতে ধৰাশায়ী হল ঋষভ পণ্ট নেতৃত্বাধীন লক্ষ্ণৌ ছুপাৰ জায়েন্তে

Spread the love

নিজ গৃহতে ধৰাশায়ী হল ঋষভ পণ্ট নেতৃত্বাধীন লক্ষ্ণৌ ছুপাৰ জায়েন্তে

অধিনায়ক ৰিয়ান পৰাগো ২০ ৰান কৰি পেভিলিয়নলৈ

লক্ষ্ণৌ:

নিজ গৃহতে ধৰাশায়ী হল ঋষভ পণ্ট নেতৃত্বাধীন লক্ষ্ণৌ ছুপাৰ জায়েন্তে।কালি লক্ষ্ণৌত অনুষ্ঠিত আইপিএলৰ মেচখনত ৰাজস্থান বয়েলছেৰ বলাৰৰ নিয়ন্ত্রিত বলিঙত তিষ্ঠিব নোৱাৰি ৪০ ৰানত পৰাস্ত হয় এলএছজি। এয়া লক্ষ্ণৌ দলটোৰ একেৰাহে চতুৰ্থখন মেচত পৰাজয়। ইফালে ৰাজস্থানে প্রথম চাৰিখন মেচত ধাৰাবাহিক পৰাজয়ৰ পাছত কালি পুনৰ জয়েৰে পইন্ট তালিকাৰ দ্বিতীয় স্থানলৈ উন্নীত হয়।কালিৰ মেচখনত প্রথমে বেটিং কৰি ৰাজস্থানে নির্ধাৰিত ২০’ অভাৰত ৬ উইকেটৰ বিনিময়ত ১৫৯ ৰান সংগ্ৰহ কৰিছিল। আজিও দলটোৰ দুয়োগৰাকী অপেনাৰ’ আৰু টপ অর্ডাৰ বেটছমেনসকল ব্যর্থ হোৱা পৰিলক্ষিত হয়। অপেনাৰ জয়ছোৱালে ২২ আৰু সূর্যবংশীয়ে ৮ ৰানত বিদায় লোৱাৰ পিছত ক্রীজলৈ অহা ধ্রুব জুৰেলো শূণ্যতে আউট হয়। ইফালে চলিত ছিজিনত ফর্মহীনতাত ভুগি থকা অধিনায়ক ৰিয়ান পৰাগো ২০ ৰান কৰি পেভিলিয়ন মুখী হয়। সিমবন হেড মায়াৰে ২২ ৰান, দোনোভান ফেৰেইৰাই ২০ ৰান সংগ্ৰহ কৰে। দলটোৰ হৈ ৰবীন্দ্র জাডেজাই ২৯টা বলত সর্বাধিক ৪৩ ৰানেৰে দলীয় স্ক’ৰ ১৫৯ লৈ উন্নীত কৰে। ইফালে ইমপেকট খেলুৱৈৰ শুভম ডুবেই ১১টা বলত ১৯ ৰানৰ বৰঙণি আগবঢ়ায়। লক্ষ্ণৌৰ হৈ মহম্মদ ছামী, প্রিন্স যাদৱ আৰু মহছিন খানে দুটাকৈ উইকেট দখল কৰে। ঘৰুৱা সমৰ্থকৰ সুযোগ লৈ কম স্ক’ৰৰ খেলখনত লক্ষ্ণৌ সহজেই জয়ী হ’ব বুলি ক্রীড়া প্ৰেমীৰ মাজত চৰ্চা চলিছিল যদিও ৰাজস্থানৰ বলাৰসকলে আৰম্ভণিৰ পৰা দুর্দান্ত বলিঙেৰে প্রতিপক্ষৰ বেটাৰসকলক চাপত ৰাখিবলৈ সক্ষম হয়। অপেনাৰ মিছেল মার্ক্সাৰ অর্ধশতৰানৰ বাহিৰে প্রথম তিনিগৰাকী টপ অর্ডাৰ বেটছমেনক শূন্যতে আউট কৰি ৰাজস্থানে খেলখনত দমনীয় প্ৰদৰ্শন কৰে। দলটোৰ হৈ নিকোলাছ পুৰানে ২২ বান আৰু ইমপেক্ট খেলুৱৈ হিম্মৎ সিঙে ১৫ ৰান কৰাৰ বাহিৰে বাকীসকল বেটাৰে দহকৰ ঘৰো অতিক্ৰম কৰিবলৈ সক্ষম নহ’ল। ফলত দলটোৱে ১১৯ ৰানতে স্তব্ধ হৈ পৰে। ৰাজস্থানৰ হৈ জফ্রা আর্চাৰে ৪ অভাৰত তিনিটা উইকেট দখল কৰাৰ বিপৰীতে নন্দ্ৰে বাৰ্গাৰ আৰু ব্রিজেছ

শৰ্মাই দুটাকৈ উইকেট দখল কৰে। দলটোৰ দুগৰাকী স্পীনাৰ ৰবীন্দ্ৰ জাডেজা আৰু ৰবি বিষ্ণৈবে এটাকৈ উইকেট দখল কৰি দলটোৰ জয়ত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়ায়।

Leave a Reply

Your email address will not be published. Required fields are marked *