মাজনিশা অন্ত পৰিব অমৃতপাল সিঙৰ এনএছএ বন্দীত্বৰ ম্যাদ
সাংসদ সিঙক পুনৰ গ্ৰেপ্তাৰৰ প্ৰস্তুতি পঞ্জাৱ আৰক্ষীৰ!
চাইন অন ডেস্ক:
তিনি বছৰ ধৰি ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰত বন্দী হৈ থকা ‘ৱাৰিছ পঞ্জাৱ দে’ৰ মুৰব্বী তথা সাংসদ অমৃতপাল সিঙক পুনৰ গ্ৰেপ্তাৰৰ বাবে পঞ্জাৱ আৰক্ষীয়ে চলাইছে প্ৰস্তুতি৷ আজি মাজনিশা ১২ বজাত খালিস্তানপন্থী নেতা অমৃতপাল সিঙৰ ৰাষ্ট্ৰীয় নিৰাপত্তা আইন চমুকৈ এন এছ এ অধীনত বন্দীত্বৰ ম্যাদ অন্ত পৰাৰ পাছতে পঞ্জাৱ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিব৷ ইতিমধ্যে ডিব্ৰুগড়ত বাহৰ পাতি সকলোধৰণৰ যাৱতীয় আইনী প্ৰক্ৰিয়া সম্পূৰ্ণ কৰি তুলিছে পঞ্জাৱ আৰক্ষীৰ শীৰ্ষ বিষয়াৰ দলটোৱে৷ আনহাতে এন এছ এৰ অধীনত বন্দীত্বৰ ম্যাদ অন্ত পৰাৰ পাছতে কাইলৈ মুকলি আকাশৰ তললৈ ওলাই অহাৰ পথ প্ৰশস্ত হৈ পৰিছিল যদিও অমৃতপাল সিঙৰ সেই আশা পুৰণ হোৱাৰ সম্ভাৱনা এতিয়া আৰু নাই৷ এক বিশেষ সূত্ৰই প্ৰকাশ কৰামতে, ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰৰ পৰা অমৃতপাল সিং ওলাই অহাৰ পাছতে গ্ৰেপ্তাৰ কৰিব পঞ্জাৱ আৰক্ষীয়ে৷ যোৱা ১৯ এপ্ৰিলৰ পৰা পঞ্জাৱৰ অমৃতসৰ (গ্ৰাম্য)ৰ এজন উপ-আৰক্ষী অধীক্ষক পৰ্যায়ৰ এটা আৰক্ষীৰ দল ডিব্ৰুগড়ত বাহৰ পাতিছে৷ জানিব পৰামতে, ২০২৩ চনৰ ফেব্ৰুৱাৰী মাহত সংঘটিত হোৱা পঞ্জাৱৰ অজনালা আৰক্ষী থানা আক্ৰমণৰ গোচৰত গ্ৰেপ্তাৰ হ’ব পাৰে সাংসদ অমৃতপাল সিং৷ উল্লেখ্য যে, অমৃতপাল সিঙক ৰাষ্ট্ৰীয়
নিৰাপত্তা আইনৰ অধীনত গ্ৰেপ্তাৰ কৰাৰ বাবেই অজনালা কাণ্ড গোচৰটোত কিছু আইনী জটিলতাত সোমাই পৰিছিল। ২০২৩ চনৰ ২৩ এপ্ৰিলত পঞ্জাবৰ মোগা জিলাৰ পৰা অমৃতপালক প্ৰথমবাৰৰ বাবে জিম্মাত লোৱা হৈছিল। ইয়াৰ প্ৰায় দুমাহ পূৰ্বে অমৃতপাল আৰু তেওঁৰ সশস্ত্ৰ সমৰ্থকসকলে অমৃতসৰৰ উপকণ্ঠ অজনালা আৰক্ষী থানাৰ বেৰিকেড ভাঙি ভিতৰত প্ৰৱেশ কৰি এজন সহযোগীক মুকলি কৰি আনিবলৈ আৰক্ষীৰ সৈতে সংঘাতত লিপ্ত হৈছিল। এই ঘটনাৰ পাছতে অমৃতপাল সিঙক গ্ৰেপ্তাৰ কৰি আৰক্ষীয়ে পঞ্জাবৰ পৰা হাজাৰ হাজাৰ কিলোমিটাৰ নিলগৰ ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰত প্ৰথমাৱস্থাত তিনিতৰপীয়া কঠোৰ নিৰাপত্তাৰ মাজত ৰখা হৈছিল। অৱশ্যে বিগত বৰ্ষৰ পৰা দুই তৰপীয়া নিৰাপত্তাৰ মাজত ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰত ৰখা হৈছে অমৃত পাল সিঙক৷ উল্লেখ্য যে পঞ্জাব চৰকাৰে আইন-শৃংখলাৰ গুৰুতৰ পৰিস্থিতিৰ দোহাই দি সিঙক অসমত ৰখাৰ যুক্তি দৰ্শাইছিল। যোৱা সপ্তাহত পঞ্জাব আৰু হাৰিয়ানা উচ্চ ন্যায়ালয়ে অমৃতপালক ৰাষ্ট্ৰীয় নিৰাপত্তা আইনত গ্ৰেপ্তাৰ কৰি বন্দীত্বৰ ম্যাদ শেষ হোৱাৰ পাছত অজনালা গোচৰত আনুষ্ঠানিকভাৱে গ্ৰেপ্তাৰ কৰি ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰতে বন্দী ৰখাৰ বাবে পঞ্জাব চৰকাৰৰ এক আবেদনত অনুমোদন
জনাইছে। ন্যায়ালয়ে আৰক্ষী আৰু ন্যায়িকজিম্মাকে ধৰি বিচাৰ প্ৰক্ৰিয়াৰ সকলো কাম-কাজ ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে পৰিচালনা কৰিবলৈ অনুমতি দিছে, যাতে অমৃতপালক পঞ্জাবলৈ নিয়াৰ পৰিৱৰ্তে ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰৰ পৰাই নিজৰ মত প্ৰকাশ কৰিব পাৰে। এই গোচৰটো পৰ্যবেক্ষণ কৰি থকা এজন বিষয়াই কয়, ‘আনুষ্ঠানিক গ্ৰেপ্তাৰৰ পাছতো অমৃতপাল সিং ডিব্ৰুগড় কাৰাগাৰতে বন্দী হৈ থাকিব। এই গ্ৰেপ্তাৰে অজনালা আৰক্ষী থানা আক্ৰমণৰ গোচৰৰ বিচাৰ প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ পথ প্ৰশস্ত কৰিব, য’ত অমৃতপাল সিং আছিল এই গোচৰটোৰ মূল অভিযুক্ত। ইফালে ভাৰতীয় দণ্ডবিধিৰ কেইবাটাও ধাৰা— হত্যাৰ চেষ্টা (ধাৰা ৩০৭), চৰকাৰী কৰ্মচাৰীক আক্ৰমণ (ধাৰা ৩৫৩), অপৰাধমূলক ষড়যন্ত্ৰ (ধাৰা ১২০ বি), দাঙ্গা (ধাৰা ১৪৮) আৰু বেআইনী সমাৱেশ (ধাৰা ১৪৯)ৰ লগতে অস্ত্ৰ আইনৰ ধাৰা ২৫ ৰ অধীনত অমৃতপালকে ধৰি মুঠ ৪১ জন অভিযুক্তৰ বিৰুদ্ধে ইতিমধ্যে অভিযোগনামা দাখিল কৰা হৈছে। এই গোচৰৰ এজাহাৰ ২০২৩ চনৰ ২৪ ফেব্ৰুৱাৰীত পঞ্জীয়ন কৰা হৈছিল।
অমৃতপালৰ অধিবক্তা হৰপাল সিং খাৰাই পূৰ্বতেই নিশ্চিত কৰিছিল যে ন্যায়ালয়ে এন এছ এৰ ম্যাদ অন্ত পৰাৰ পাছত চৰকাৰক গ্ৰেপ্তাৰৰ অনুমতি দিছে আৰু পৰৱৰ্তী কাৰ্যবিধি ভাৰ্চুৱেল
মাধ্যমেৰে কৰিবলৈ নিৰ্দেশ দিছে।আনহাতেদি অমৃতপালৰ ৯ জন সহযোগী পাপলপ্ৰীত সিং, দলজিৎ সিং খালসী, কুলৱন্ত সিং, বৰিন্দৰ জোহাল, গুৰমিত সিং ভুখনৱালা, খুৰাক হৰজিৎ সিং, বসন্ত সিং, গুৰিন্দৰ সিং অজলা আৰু ভগৱন্ত সিঙক এন এছ এৰ অধীনত গ্ৰেপ্তাৰ কৰি ডিব্ৰুগড় কাৰাগাৰতে ৰখা হৈছিল৷ অৱশ্যে ২০২৫ বৰ্ষত আটাইকেইজন খালিস্তানপন্থী নেতাক পঞ্জাৱলৈ স্থানান্তৰ কৰা হৈছে৷ অমৃতপাল সিঙৰ বিৰুদ্ধে কেৱল অজনালা কাণ্ডই নহয়, অমৃতসৰ (গ্ৰাম্য), জলন্ধৰ আৰু মোগাত সংঘটিত কৰা হিংসাত্মক কাণ্ডৰ লগতে প্ৰায় ১২ টাকৈ গোচৰ ৰুজু হৈ আছে৷ ২০২৪ চনৰ ৯ অক্টোবৰত কোটকাপুৰাত ছ’চিয়েল মিডিয়া ইনফ্লুৱেঞ্চাৰ গুৰপ্ৰীত সিং ওৰফে হৰি নৌৰ হত্যাকাণ্ডৰো মূল ষড়যন্ত্ৰকাৰী বুলি অভিযোগ উঠিছে৷ মন কৰিবলগীয়া কথাটো হ’ল, ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰত বন্দী হৈ থকাৰ সময়তে ২০২৪ চনৰ লোকসভা নিৰ্বাচনত পঞ্জাৱৰ খাদূৰ চাহাৱ সমষ্টিৰ পৰা প্ৰতিদ্বন্দিতা কৰি বৃহৎ ভোটৰ ব্যৱধানত বিজয়ী হৈছিল৷ ইফালে ২০২৪ চনৰ ৫ জুলাইত লোকসভাত সাংসদ হিচাপে শপতগ্ৰহণ কৰিছিল৷ সেইয়াই আছিল অমৃতপাল সিঙে সাংসদ হিচাপে সংসদত উপস্থিত থকাৰ প্ৰথমটো সুযোগ৷ অৱশ্যে পৰৱৰ্তী সময়ত অমৃতপাল সিঙে সংসদীয় অধিৱেশনত অংশগ্ৰহণ কৰিবলৈ পেৰ’ল বিচাৰি উচ্চ ন্যায়ালয়ত দাখিল কৰা দুখন আবেদন ন্যায়ালয়ে অগ্ৰাহ্য কৰিছিল৷ অন্যহাতে কাইলৈ অৰ্থাৎ ২৩ এপ্ৰিলত আনুষ্ঠানিক গ্ৰেপ্তাৰৰ লগে লগে দীৰ্ঘদিন ধৰি স্তব্ধ হৈ থকা অজনালা কাণ্ডৰ ন্যায়িক প্ৰক্ৰিয়া পুনৰ সক্ৰিয় হৈ উঠিব বুলি আশা কৰা হৈছে।