মৰিগাঁৱৰ তিতাতলাত বীৰঙ্গনা ৰানী সতী সাধনীৰ ৫০৩ তম স্মৃতি দিবস
ভুমি পুত্ৰ চুতীয়া জাতিৰ জনজাতিকৰণৰ দাবী
মৰিগাঁও:
মৰিগাঁৱৰ তিতাতলাত বীৰঙ্গনা ৰানী সতী সাধনীৰ ৫০৩ তম স্মৃতি দিবসৰ বৰ্ণাঢ্য কাৰ্যসূচী আজি সুচাৰুপে অনুষ্ঠিত হয়।
মৰিগাঁও জিলা চুতীয়া সন্মিলন, চুতিয়া যুৱ সন্মিলন, মহিলা সন্মিলন আৰু চুতীয়া ছাত্ৰ সন্হাৰ উদ্যোগত তথা তিতাতলা আঞ্চলিক চুতীয়া সন্মিলনৰ আতিথ্যত তিতাতলা নাট্যমঞ্চ প্ৰাঙ্গনত পুৱাৰ পৰা আৰম্ভ হয় কাৰ্যসূচী।
চাৰি সংগঠনৰ নেতৃত্বই চাৰিখন পতাকা সমান্তৰালভাৱে উত্তোলন কৰি ৰানী বিৰঙ্গনা সতি সাধনীৰ প্ৰতিচ্ছবিৰ লগতে ঈশ্বৰ পুত্ৰ জুবিন গাৰ্গলৈ মায়াবিনী গীতেৰে শ্ৰদ্ধাঞ্জলী জনাই এক বৰ্ণিল শুভাযাত্ৰাৰে বিৰঙ্গনা গৰাকীৰ প্ৰতি শ্ৰদ্ধাৰ্ঘ নিবেদন কৰে বিভিন্ন সাংস্কৃতিক দলে। সাস্কৃতিক শোভাযাত্ৰাৰে সমান্তৰালকৈ দেওঁকুবেৰ পূজাৰে নেদেখা জনৰ ওচৰত আঠু ললে ভক্তই।
বিৰঙ্গনা গৰাকীৰ বীৰত্ব আৰু ত্যাগক গৌৰৱৰে সোৱৰণ কৰি ভুমি পুত্ৰ চুতীয়া জাতিৰ জনজাতিকৰণৰ দাবী নেতৃত্বৰ।
Like this:
Like Loading...