ঘিলামৰা কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনৰ স্মৃতিগ্ৰন্থ ‘বহনা’ উন্মোচন
স্মৃতিগ্ৰন্থই ব্যক্তি আৰু সমাজৰ ঐতিহ্য বহন কৰে: ড° গীতাঞ্জলি বৰুৱা
ঢকুৱাখনা:
স্মৃতিগ্ৰন্থৰ বুকুত বৈ থাকে একোটা অনুষ্ঠানৰ নেদেখা ইতিহাস । স্মৃতিগ্ৰন্থই ব্যক্তি আৰু সমাজৰ ঐতিহ্য বহন কৰে।
স্মৃতিগ্ৰন্থ এসময়ত অঞ্চলটোৰ বাবে এক মূল্যবান দলিল স্বৰূপ হৈ পৰে।সেয়ে ইয়াৰ গুৰুত্ব অপৰিসীম।’ এই মন্তব্য নৰ্থ বেংক মহাবিদ্যালয়ৰ অধ্যক্ষ তথা লেখিকা ড° গীতাঞ্জলি বৰুৱাৰ। সোমবাৰে সন্ধিয়া ৬৭ সংখ্যক ঘিলামৰা কেন্দ্ৰীয় 

