...

ৰেলৱেৰ মাল গুদামৰ শ্ৰমিকসকলৰ বাবে নতুন ব্যৱস্থা শীঘ্ৰে কাৰ্যকৰী

Spread the love

ৰেলৱেৰ মাল গুদামৰ শ্ৰমিকসকলৰ বাবে নতুন ব্যৱস্থা শীঘ্ৰে কাৰ্যকৰী

চাৰিটা লেবাৰ কোড অনুসৰি প্ৰস্তুত হৈছে ৰোডমেপ

চাইন অন ডেস্ক:

উত্তৰ-পূৰ্ব সীমান্ত ৰেলৱেৰ মাল গুদামসমূহত কৰ্মৰত হাজাৰ হাজাৰ শ্ৰমিকৰ বাবে এটা ঐতিহাসিক পৰিৱৰ্তনৰ ভেটি স্থাপন হৈছে। নতুন, শক্তিশালী, স্বচ্ছ আৰু সংগঠিত ব্যৱস্থা ৰূপায়ণৰ প্ৰক্ৰিয়া এতিয়া অন্তিম পৰ্যায়ত উপনীত হৈছে ।দীৰ্ঘদিন ধৰি চাকৰিৰ সুৰক্ষা, পৰিচয়, স্বচ্ছতা আৰু সামাজিক সুৰক্ষাৰ দাবী জনাই অহা শ্ৰমিক সকলৰ বাবে এই পদক্ষেপে এক গুৰুত্বপূৰ্ণ আৰু নিৰ্ণায়ক ভূমিকা পালন কৰিব বুলিও আশা কৰা হৈছে। বৰ্তমান আৰু ভৱিষ্যতৰ প্ৰয়োজনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি শ্ৰমিক প্ৰতিনিধি আৰু সংশ্লিষ্ট পক্ষসমূহৰ সহযোগত এক দৃঢ় প্ৰশাসনিক আৰু আইনী প্ৰক্ৰিয়াৰ মাধ্যমেৰে লোৱা হৈছে উক্ত পদক্ষেপ সমূহ । এই সমগ্ৰ ব্যৱস্থাটো ভাৰত চৰকাৰে প্ৰণয়ন কৰা চাৰিটা মুখ্য লেবাৰ কোড—বেতন সংহিতা, উদ্যোগিক সম্পৰ্ক সংহিতা, সামাজিক সুৰক্ষা সংহিতা , পেছাগত সুৰক্ষা, স্বাস্থ্য আৰু কৰ্ম পৰিস্থিতি সংহিতাৰ—লক্ষ্য আৰু উদ্দেশ্যৰ সৈতে সামঞ্জস্য ৰাখি প্ৰস্তুত কৰা হৈছে।
ইয়াৰ লক্ষ্য হৈছে শ্ৰমিকসকলক ন্যূনতম বেতন, আইনী সুৰক্ষা, সামাজিক সুৰক্ষা তথা সুৰক্ষিত আৰু মৰ্যাদাপূৰ্ণ কৰ্ম পৰিৱেশ নিশ্চিত কৰা।
ৰেলৱেৰ উচ্চ পদস্থ বিষয়াসকলৰ লগত হোৱা আলচনামৰ্মে আৰু উচ্চ প্ৰাধিকৰণৰ দিশ-নিৰ্দেশনা অনুসৰি, ভাৰতীয় ৰেলৱেৰ সকলো নীতি-নিয়ম মানি NFR জ’নৰ তিনিটাকৈ মাল গুদামত প্ৰাথমিক পৰ্য্যায়ত পৰীক্ষামূলকভাৱে প্ৰশিক্ষণ কেন্দ্ৰ স্থাপন কৰাৰ ব্যৱস্থাও গ্ৰহণ কৰা হৈছে। এই কেন্দ্ৰসমূহৰ জৰিয়তে শ্ৰমিকসকলক শীঘ্ৰে আধুনিক আৰু সুশৃঙ্খলিত প্ৰশিক্ষণ প্ৰদান কৰা হ’ব, যাৰ ফলত তেওঁলোকৰ কাৰ্যদক্ষতা, সুৰক্ষা সজাগতা আৰু পেছাগত ভাৱে দৈনিক 24/7 ৰ কৰ্মৰ বাবে সাজু কৰি তোলা হব।ৰেলৱেৰ নিৰ্ধাৰিত নিয়ম, নীতিক লক্ষ্য ৰাখি এই ব্যৱস্থাৰ সকলো প্ৰস্তুতি ইতিমধ্যেই সম্পূৰ্ণ হৈছে, মাত্ৰ কিছু প্ৰযুক্তিগত আৰু আনুষ্ঠানিক প্ৰক্ৰিয়াহে বাকী আছে। উক্ত প্ৰক্ৰিয়া সমূহ সম্পূৰ্ণ হোৱাৰ পাছতেই আনুষ্ঠানিক ঘোষণাসহ এক বিস্তৃত আৰু দায়িত্বশীল পদক্ষেপৰ জৰিয়তে সকলো বিষয় ৰাজহুৱা কৰা হ’ব বুলি
শ্ৰমজীৱী গুডশেড কৰ্পোৰেচনৰ
ডেপুটি ডাৰেক্টৰ (HR, NFR) বিজিপ কুমাৰ টায়ে সদৰী কৰে।ইয়াৰ লগতে, আঞ্চলিক আৰু একক স্তৰৰ নেতৃত্বক এক প্ৰতিবেদন প্ৰস্তুত কৰি শ্ৰমিক সকলৰ সকলো যাৱতীয় নথি পত্ৰ কৰ্পোৰেচনৰ হাতত জৰুৰীভাৱে দাখিল কৰিবলৈ নিৰ্দেশ দিয়া হৈছে, যাতে পৰৱৰ্তী প্ৰক্ৰিয়া সময়মতে আৰু সুচাৰুৰূপে আগবঢ়াব পাৰি।এই পদক্ষেপৰ বাবে শ্ৰমিক সমাজৰ মাজত দেখা আনন্দ- উৎসাহ তথা ইতিবাচক পৰিৱেশে আমাক অনুপ্ৰাণিত কৰিছে ।

Leave a Reply

Your email address will not be published. Required fields are marked *