উলহ-মালহৰে বাসুগাঁও মহাবিদ্যালয়ত বিহু-বৈশাগু-বিষুৱা উদযাপন
ঢোল-পেপা-গগনা-খাম-ছিফুঙৰ শব্দত মুখৰিত মহাবিদ্যালয় প্ৰাংগন
বাসুগাঁও:
১৯৮৬ চনত স্থাপিত চিৰাং জিলাৰ উচ্চ শিক্ষানুষ্ঠান বাসুগাঁও মহাবিদ্যালয় চৌহদ আজি ঢোল, পেপা, গগনা, খাম, চিফুংৰ শব্দত ৰজনজনাই উঠে । অসমৰ জাতীয় উৎসৱ, বাপতি সাহোন ৰঙালী বিহু, বড়োসকলৰ বৈশাগু আৰু কোঁচ ৰাজবংশীৰ বিষুৱা একেলগে উলহ-মালহৰে উদযাপন কৰা হয় । আৰম্ভণিতে ৰাতিপুৱা বিশ্ববৰেণ্য সুধাকণ্ঠ ড০ ভূপেন হাজৰিকা, যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰব হিচাপে খ্যাতি অৰ্জন কৰা জুবিন গাৰ্গ, গোৱালপাৰীয়া লোকগীতৰ সম্ৰাজ্ঞী, পদ্মশ্ৰী প্ৰতিমা বৰুৱা পাণ্ডে , জ্যোতিপ্ৰসাদ আগৰৱালা, বিষ্ণু প্ৰসাদ ৰাভা, বড়ো সমাজৰ যশস্বী শিল্পী অৰুণ নাৰ্জাৰী, নিলেশ্বৰ ব্ৰহ্ম ইত্যাদি শিল্পীক শ্ৰদ্ধাৰে স্মৰণ কৰি তেওঁলোকৰ প্ৰতিচ্ছবিতৰ সম্মুখত বন্তি প্ৰজ্বলন আৰু মাল্যাৰ্পন কৰা হয় । বন্তি প্ৰজ্বলন আৰু মাল্যাৰ্পন কাৰ্যসূচীৰ
শুভাৰম্ভ কৰে মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ ৰনেন চন্দ্ৰ মুছাহাৰীয়ে । ইয়াৰ প্ৰাকমুহূৰ্তত কলৰ পাত, তামোল-পানক প্ৰকৃতিৰ অৱদান লগতে অসমৰ প্ৰতিটো জাতি জনগোষ্ঠীৰ পবিত্ৰ বুলি উল্লেখ কৰি ধুপ-চাকি জ্বলাই কাৰ্যসূচী আৰম্ভ কৰা হয় । অনুষ্ঠানটিত মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলে অসমীয়া, বড়ো আৰু কোঁচ ৰাজবংশীৰ নৃত্য-গীত পৰিবেশন কৰি পৰিবেশটি ৰজনজনাই তোলে । ইয়াৰোপৰি ছাত্ৰ-ছাত্ৰীৰ মাজত একক নৃত্য, দলীয় নৃত্য, গীত-মাত-নৃত্যৰ ওপৰত অনুষ্ঠিত প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ প্ৰতিযোগীৰ মাজত বঁটা প্ৰদান কৰা হয় ।
মহাবিদ্যালয়ৰ এছোচিয়েট প্ৰফেছাৰ ড০ কৰুণা পাঠকৰ সভাপতিত্বত অনুষ্ঠিত বঁটা বিতৰণী সভাত অতিথি হিচাপে উপস্থিত থাকি মহাবিদ্যালয় কৰ্তৃপক্ষই আয়োজন কৰা বিহু, বৈশাগু আৰু বিষুৱা একেলগে উলহ-মালহৰে অনুষ্ঠিত কৰা মহাবিদ্যালয় কৰ্তৃপক্ষক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে সংবাদ দাতা ভৃগু মুনি ৰায় । ইয়াৰ জৰিয়তে জাতি-জনগোষ্ঠীৰ মাজত ঐক্য-একোতাৰ ভেটি সুদৃঢ় হোৱাৰ লগতে আত্মীক সম্পৰ্ক বৃদ্ধি হোৱা বুলি তেওঁ ভাষণ প্ৰসংগত ব্যক্ত কৰে । আৰম্ভণিতে বঁটা প্ৰদান কৰে মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ ৰনেন চন্দ্ৰ মুছাহাৰী । ৰাতিপুৱাৰে পৰা গোটেই কাৰ্যসূচী নিয়াৰিকৈ ৰূপায়ণ হোৱাত বাসুগাঁও মহাবিদ্যালয় ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদক জৌংসাৰ মুছাহাৰী আৰু সহ সাধাৰণ সম্পাদক মনিলাল বৰ্মনে সকলোকে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে ।