অসমীয়া সমাজ জীৱনৰ বাবে এক গৌৰৱময় দিন হিচাপে ইতিহাসৰ পাতত জিলিকি ৰ’ল। ১৬ হাজাৰ আয়তীয়ে অসমীয়া সমাজ সংস্কৃতিৰ পৰা ক্ৰমাৎ লুপ্ত পাবলৈ ধৰা পৰম্পৰাগত বিয়া নাম পৰিৱেশনেৰে বিশ্ব অভিলেখ গঢ়িবলৈ সক্ষম হ’ল। ভাৰত চৰকাৰৰ NEZCC আৰু অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ সহযোগত দুলীয়াজান সমজিলা সন্মিলিত আয়তী সাংস্কৃতিক গোষ্ঠী আৰু শিৱসাগৰ জিলা সন্মিলিত সুৰুযমুখী শিল্পী সমাজৰ যুটীয়া উদ্যোগত দেওবাৰৰ দিনা দুলীয়াজান নেহেৰু ময়দানত এই বিশ্ব অভিলেখৰ কাৰ্যসূচী সফলতাৰে অনুষ্ঠিত হয়। এই অনুষ্ঠানত ৩৫ মিনিট ধৰি সমূহীয়া বিয়া নাম পৰিৱেশনেৰে “ইউনাইটেড ষ্টেটচ অৱ আমেৰিকা বুক অৱ ৱৰ্ল্ড ৰেক’ৰ্ড” ত নাম সন্নিৱিষ্ট কৰিলে আয়তীসকলে। বিয়া নামক প্ৰচাৰ আৰু প্ৰসাৰৰ উদ্দেশ্যে বিশ্ব অভিলেখ গঢ়াৰ মানসেৰে অনুষ্ঠিত এই কাৰ্যসূচীৰ শুভ উদ্বোধন কৰে অসমীয়া চলচ্চিত্ৰ জগতৰ বিশিষ্ট শিল্পী তথা কৌতুক অভিনেত্ৰী চেতনা দাসে। অনুষ্ঠানত উপস্থিত থাকি সংবাদমাধ্যমৰ আগত অসমৰ হিয়া আমঁঠু জুবিন গাৰ্গৰ গীতক লৈ বিতৰ্ক হোৱা ঘটনাত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে জ্যেষ্ঠ শিল্পী গৰাকীয়ে। তেওঁ কয়, জুবিন জুবিনেই হৈ থাকিব লাগিব। জুবিনক লৈ ব্যৱসায় কৰিব নালাগে আৰু তেওঁৰ সৃষ্টিৰাজিক বিকৃত ৰূপ দিবলৈ সাহস ক’ত পালে বুলি প্ৰশ্ন কৰে। দুলীয়াজানৰ নেহেৰু ময়দানৰ বাকৰিৰ পৰাই অসমবাসীৰ মাজত জুবিনক জুবিন হিচাপে জীয়াই ৰাখিবলৈ কৰযোৰে প্ৰাৰ্থনা জনাই বিশিষ্ট কৌতুক অভিনেত্ৰী চেতনা দাসে। অনুষ্ঠানটিৰ আৰম্ভণিতে প্ৰকৃতি প্ৰেমী চেনেহী গগৈয়ে গছপুলি ৰোপণ কৰে। জুবিন গাৰ্গৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰে অইলৰ কাৰ্যবাহী সঞ্চালক মাধুৰ্য বৰুৱাই। দুলীয়াজান ছোৱালী মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষা ডঃ লখিমী ফুকনে মঞ্চ উদ্বোধন কৰাৰ পাছতে বন্তি প্ৰজ্বলন কৰে সমাজকৰ্মী অৰুণা হাজৰিকা বড়াই। এই অনুষ্ঠানতে উদযাপন সমিতিয়ে দুলীয়াজানৰ বয়োজ্যেষ্ঠা মহিলা সুভদ্ৰা গোস্বামী আৰু শিক্ষাবিদ কল্পনা বৰুৱা কছাৰীক বিশেষভাৱে সম্বৰ্ধনা জনাই। অনুষ্ঠানৰ শেষত সমন্বয়ক প্ৰভাত চন্দ্ৰ বড়াই বিশ্ব অভিলেখৰ প্ৰমাণ পত্ৰখন সমিতিৰ হাতত অৰ্পণ কৰে। অনুষ্ঠানত অংশগ্ৰহণকাৰী প্ৰতিগৰাকী আয়তীকো একোখনকৈ মানপত্ৰৰে তেওঁলোকৰ প্ৰতিভাক স্বীকৃতি দিয়া হয়। অনুষ্ঠানটোত উপস্থিত থাকে উদযাপন সমিতিৰ সভাপতি বীণা কোঁৱৰ বৰুৱা, সাঃ সম্পাদক অনিল গগৈ, দুলীয়াজান সমজিলা সন্মিলিত আয়তী সাংস্কৃতিক গোষ্ঠীৰ সভানেত্ৰী চম্পা গগৈ, সাঃ সম্পাদক দুলুমণি শইকীয়া আৰু শিৱসাগৰৰ সন্মিলিত সুৰুযমুখী শিল্পী সমাজৰ সভানেত্ৰী ৰূপৰেখা বৰুৱা, সাঃ সম্পাদিকা ৰূপজ্যোতি বৰপাত্ৰ গোহাঁই আৰু উপ সভাপতি মদন পাগবন্ধাই অনুষ্ঠানটি সাফল্যমণ্ডিত কৰি তোলাত বিশেষ অৰিহণা যোগায়।
Your email address will not be published. Required fields are marked *
Comment *
Name *
Email *
Website
Save my name, email, and website in this browser for the next time I comment.