বেছিমাৰীত শাৰিৰীক প্ৰশিক্ষণ কেন্দ্ৰ উদ্বোধন
দলগাঁওস্থিত ২১০ কোব্ৰা ৰেজিমেন্টৰ উদ্যোগ
দলগাঁও:
দৰঙৰ বেছিমাৰীত আঞ্চলটোৰ যুৱক যুৱতী সকলক উপকৃত কৰিবলৈ বেছিমাৰী ফিজিকেল একাডেমী নামেৰে এটা প্ৰশিক্ষণ কেন্দ্ৰ আজি উদ্বোধন কৰা হয়৷ দলগাঁওস্থিত ২১০ কোব্ৰা ৰেজিমেন্টৰ এছিছটেন্ট কমান্ডেন্ট জোছেফ হ্ৰীমাইয়ে কেন্দ্ৰটো আনুষ্ঠানিক ভাৱে মুকলি কৰে৷ বৃহত্তৰ বেছিমাৰী সচেতন নাগৰিক মঞ্চৰ উদ্যোগত প্ৰতিষ্ঠা লাভ কৰা উক্ত শাৰিৰীক প্ৰশিক্ষণ কেন্দ্ৰটোত আৰক্ষী, অৰ্ধ সামৰিক বাহিনী আৰু আন আন সংস্থাত চাকৰিত যাতে শাৰিৰীক ফিটনেছত উত্তীৰ্ণ হব পাৰে তাৰেই লক্ষ্য আৰু উদ্দেশ্য লৈ আৰম্ভ কৰা বিনামূলীয়া প্ৰশিক্ষণ শিবিৰটোত অঞ্চলটোৰ প্ৰায় ৭০ গৰাকী যুৱক যুৱতীয়ে অংশ গ্ৰহণ কৰে৷ যুৱ সাংবাদিক আনোৱাৰ হুছেইনে পৰিচালনা কৰা উক্ত উদ্বোধনী অনুষ্ঠানত কোব্ৰা ৰেজিমেন্টৰ বিষয়া দীপক জাক্কাৰ, বেছিমাৰী আঞ্চলিক পঞ্চায়তৰ সভাপতি হামিদুৰ ৰহমান, বেছিমাৰী গাঁও পঞ্চায়তৰ সভাপতি ওমৰ আলী, জ্যেষ্ঠ সাংবাদিক প্ৰদীপ ঘোষ, ওদালগুৰি বি এড কলেজৰ প্ৰৱক্তা আব্দুল ৱাহাবৰ লগতে গণ্য মান্য ব্যক্তি সকল উপস্থিত থাকে৷
Like this:
Like Loading...