অসমীয়া বিষয়ত অধ্যাপক হোৱাৰ মন আলফিয়া নাছৰিনৰ
দলগাওঁ:
সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ চুড়ান্ত ফলাফলত অসমীয়া বিষয়ত সৰ্বোচ্চ নম্বৰ লাভ কৰি গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে দৰঙৰ ৪নং শ্যামপুৰ চাপৰি গাঁৱৰ আলফিয়া নাছৰিনে। ২নং শিয়ালমাৰী জ্ঞান বিকাশ জাতীয় বিদ্যালয়ৰ ছাত্ৰী গৰাকীয়ে মাতৃ ভাষা অসমীয়া বিষয়ত ১০০ শতাংশ নম্বৰ লাভ কৰিবলৈ সক্ষম হোৱাৰ লগতে আন এটা বিষয়ত লেটাৰ নম্বৰসহ মেট্রিক উত্তীৰ্ণ হয় । ছাত্রী গৰাকীৰ এই কৃতিত্বত বিদ্যালয়খনৰ শিক্ষক-শিক্ষয়িত্ৰীৰ লগতে ছাত্ৰ ছাত্ৰীও উৎফুল্লিত হৈ পৰে । আজি বিদ্যালয়ত আয়োজিত এক অনুষ্ঠাত সকলো ছাত্ৰ ছাত্ৰীৰ উপস্থিতিত ছাত্রী গৰাকীক বিদ্যালয়ৰ তৰফৰ পৰা সম্বৰ্ধনা জনোৱাৰ উপৰি দলগাওঁ প্রেছ ক্লাবৰ সভাপতি প্রদীপ ঘোষেও অভিনন্দন জনায় ।
সাংবাদিকৰ আগত ছাত্রী গৰাকীয়ে কয় যে এই ফলাফলত তাই সুখী । ভবিষ্যতে অসমীয়া বিষয়ত অধ্যাপক হোৱাৰ মন আছে । উল্লেখ্য যে বিদ্যালয় খনৰ ৬০ জন পৰীক্ষার্থীৰ ৫০ উত্তীর্ণ হয় । ইয়াৰে
এজনৰ ষ্টাৰ সহ ৮ জনে প্রথম বিভাগ পায় ।