- ইউ এছ টি এমৰ আচাৰ্যগৰাকীক বৃহস্পতিবাৰে তেজপুৰ আদালতত হাজিৰ কৰোৱা হয়
তেজপুৰ: শৈক্ষিক অনুষ্ঠান ইউ এছ টি এমৰ আচাৰ্য মহবুবুল হকক গ্ৰেপ্তাৰৰ পাছত বিভিন্ন স্থানত তেওঁৰ বিৰুদ্ধে ৰুজু কৰা হৈছে একাধিক গোচৰ ৷ ইতিমধ্যে শোণিতপুৰৰ ঢেকিয়াজুলি থানাতো হকৰ বিৰুদ্ধে ৰুজু হোৱা এক গোচৰৰ ভিত্তিত ইউ এছ টি এমৰ আচাৰ্যগৰাকীক বৃহস্পতিবাৰে তেজপুৰ আদালতত হাজিৰ কৰোৱা হয় ৷ নিশা প্ৰায় ৮.১৫ বজাত তেজপুৰ আদালতে মহবুবুল হকক ন্যায়িক জিম্মালৈ প্ৰেৰনৰ নিৰ্দেশ দিয়ে ৷ তেওঁ পুনৰ ১৮ মাৰ্চত আদালতত হাজিৰ হ’ব লাগিব ৷ জামিন আবেদনৰ পুনৰ শুনানি অহা ১৮ মাৰ্চত হব বুলি চৰকাৰী অধিবক্তা মুনিন বৰুৱাই সাংবাদিকক জনায়। প্ৰণিধানযোগ্য যে, হকৰ বিৰুদ্ধে পাথাৰকান্দি, গোঁসাইগাঁৱৰ পাছতে ঢেকিয়াজুলিতো ৰুজু কৰা হৈছিল গোচৰ ৷ ঢেকিয়াজুলি থানাত তেওঁৰ বিৰুদ্ধে মোকছেদ আলী নামৰ এজন লোকে দাখিল কৰা এজাহাৰৰ ভিত্তিত ভাৰতীয় ন্যায় সংহিতাৰ ১১১(৪)/৩১৮(৪)/৩১৬(৫)/৩৩৬(৩) আৰ/ডব্লিউ ১১(১) দি পাব্লিক একজামিনেছন (প্ৰিভেনছন অৱ আনফেয়াৰ মিনছ) আইনৰ ২২৪ ধাৰা অনুসৰি ৰুজু হোৱা ৫৫/২৫ নম্বৰ গোচৰৰ বাবে বৃহস্পতিবাৰে দুপৰীয়া ১.৩০ বজাত হকক অনা হয় তেজপুৰ আদালতলৈ।উল্লেখযোগ্য যে, পুৱতি নিশাই হকক তেজপুৰ সদৰ থানালৈ অনা হৈছিল ৷ ইপিনে, হকক তেজপুৰ আদালতলৈ অনা হ’ব বুলি আগতীয়াকৈ জানিব পাৰি শুভাকাংক্ষীসহ বহু লোকে ভিৰ কৰেহি তেজপুৰ আদালতত ৷ইপিনে আদালতত হাজিৰ কৰোৱাৰ সময়ত তেওঁক সাংবাদিকৰ আগত কোনো মন্তব্য কৰিবলৈ দিয়া হোৱা নাছিল যদিও ইয়াৰ মাজতে এক প্ৰশ্নৰ উত্তৰত কয়, “আপোনালোকৰ ল’ৰা-ছোৱালীক ইউ এছ টি এমত পঢ়াওক, ভাল মানুহ বনাওক । ইউ এছ টি এম বৰ ভাল বিশ্ববিদ্যালয় ৷”