“অসমৰ ৰাইজে পুনৰ বিজেপি নেতৃত্বাধীন এনডিএ চৰকাৰ বিচাৰিছে। তেতিয়াহে ৰাজ্যত শান্তি আৰু প্ৰগতি অব্যাহত থাকিব।”:সোণোৱাল
চাইন অন ডেস্ক:

খোৱাং বিধানসভা সমষ্টিৰ কুটোহাত বিজেপি আৰু এজেপি সমৰ্থকৰ মাজত নিৰ্বাচনী হিংসাৰ খবৰ পোৱা গৈছে, যাৰ ফলত সমগ্ৰ অঞ্চলটোত এক উত্তেজনাৰ সৃষ্টি হয়। সংঘৰ্ষৰ সময়ত এখন বাহন ক্ষতিগ্ৰস্ত হোৱা বুলি জানিব পৰা গৈছে। আৰক্ষীৰ জ্যেষ্ঠ বিষয়াসকলে ক্ষিপ্ৰতাৰে ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনে। খোৱাং সমষ্টিত বিজেপিৰ চক্ৰধৰ গগৈ আৰু এজেপিৰ সভাপতি লুৰীণজ্যোতি গগৈৰ মাজত এক হাই-প্ৰফাইল প্ৰতিদ্বন্দ্বিতাত অৱতীৰ্ণ হৈছে।
এজন জ্যেষ্ঠ আৰক্ষী বিষয়াই জানিবলৈ দিয়ে যে, “আমি পৰিস্থিতি নিৰীক্ষণ কৰি আছো আৰু পৰ্যাপ্ত নিৰাপত্তা বাহিনী মোতায়েন কৰা হৈছে।”
দিনটোৰ আৰম্ভণিতে কেন্দ্ৰীয় মন্ত্ৰী তথা অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ডিব্ৰুগড়ত নিজৰ ভোটদান সাব্যস্ত কৰাৰ পাছত শাসকীয় মিত্ৰজোঁটৰ বিজয়ৰ সন্দৰ্ভত আত্মবিশ্বাস প্ৰকাশ কৰে। তেওঁ কয়, “অসমৰ ৰাইজে পুনৰ বিজেপি নেতৃত্বাধীন এনডিএ চৰকাৰ বিচাৰিছে। তেতিয়াহে ৰাজ্যত শান্তি আৰু প্ৰগতি অব্যাহত থাকিব।” তেওঁ ১২৬ খন বিধানসভা আসনৰ ভিতৰত বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটে প্ৰায় ১০০ খন আসন লাভ কৰিব বুলি ভৱিষ্যদ্বাণী কৰে।
ইফালে ডিব্ৰুগড়ত মুঠ ছটা সমষ্টিত মুঠ ১০,৪৬,০৩১ জন ভোটাৰে ভাগ্য নিৰ্ণয় কৰিব ২৪ জন প্ৰতিদ্বন্দ্বিৰ। ইতিমধ্যে ইভিএম মেচিনত আবদ্ধ হৈছে ভাগ্য। ডিব্ৰুগড়জিলাত মুঠ ১৩২২ টা ভোট গ্ৰহণ কেন্দ্ৰ। ইয়াৰ ৩০০টা ভোটগ্ৰহণ কেন্দ্ৰ পৰিচালনা কৰিছে মহিলাই।শৃংখলাবদ্ধত আৰু শান্তিপূৰ্ণ ভোটদান সুনিশ্চিত কৰিবলৈ কটকটীয়া নিৰাপত্তা ব্যৱস্থা কৰিছিল যদিও আবেলি সময়ত খোৱাং ত চক্ৰধৰ গগৈ বাসগৃহ সমীপত অসম জাতীয় পৰিষদৰ সৈতে উতপ্ত পৰিস্থিতি সৃষ্টি হয়। স্বাক্ষৰ জ্যোতি বৰগোহাঁই আহত হোৱা লগতে তেওঁৰ এখন বলেৰ বাহন ভাঙি চুৰমাৰ কৰে বিজেপি কৰ্মীয়ে। ইয়াকে কেন্দ্ৰ কৰি চেপা উত্তেজনা অব্যাহত আছে।
আনহাতেদি জিলাখনৰ আটাইকেইটা সমষ্টিতে ভোটদানৰ হাৰ শক্তিশালী আছিল:
খোৱাং: ৮২.৫৫%
চাবুৱা-লাহোৱাল: ৮১.৪১%
টিংখং: ৮০.১২%
দুলীয়াজান: ৭৯.৭১%
নাহৰকটীয়া: ৭৮.৮১%
২০২১ চনৰ তুলনাত দুলীয়াজানত ভোটদানৰ হাৰ ৭৭.৪২% ৰ পৰা ৭৯.৭১% লৈ আৰু টিংখঙত ৭৯.৫২% ৰ পৰা ৮০.১২% লৈ বৃদ্ধি পাইছে।