প্ৰসংগঃ সাংসদ গৌৰৱ গগৈৰ পত্নী
ড° নূপুৰ বৰুৱাৰ আমন্ত্রণত দিল্লীলৈ আহিছিল আলী তৌকিৰ শ্বেখ
শীঘ্ৰে মুখ্যমন্ত্রীক দিব প্রতিবেদন
প্রয়োজনবশতঃ ইণ্টাৰপ’লৰ সহায় লোৱাৰ মন্তব্য মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ
গুৱাহাটীঃ পাকিস্তানৰ নাগৰিক আলী তৌকিৰ শ্বেখৰ ভাৰতৰিৰোধী ষড়যন্ত্র সন্দৰ্ভত তদন্ত কৰিবলৈ দিল্লীত উপস্থিত হোৱা অসম আৰক্ষীৰ এছ আই টিৰ দলটো কালি গুৱাহাটীলৈ উভতি আহিছে। কংগ্ৰেছ সাংসদ গৌৰৱ গগৈৰ পত্নীৰ পাকিস্তানৰ সৈতে থকা সম্পৰ্কৰ তথ্য উদ্ধাৰৰ বাবে ৰাজ্য চৰকাৰৰ নিৰ্দেশত চি আই ডিয়ে আলী তৌকিৰ শ্বেখ সন্দৰ্ভত ৰুজু কৰিছে গোচৰ। এই গোচৰৰ তদন্তৰ বাবে গঠন কৰা এছ আই টিৰ দল বিগত ১৩ দিন দিল্লীত বাহৰ পাতি বিষয়টোৰ তদন্ত কৰি উভতি আহিছে। এছ আই টিয়ে সমগ্র বিষয়টো সন্দর্ভত প্রতিবেদন প্রস্তুত কৰি অতিশীঘ্ৰে মুখ্যমন্ত্রীক প্রদান কৰিব বুলিও জনা গৈছে। দিল্লীত বাস কৰা অসমৰ মহিলা ড° নুপুৰ বৰুৱাৰ আমন্ত্রণক্রমে পাকিস্তান চৰকাৰৰ অতি ঘনিষ্ঠ আলী তৌকিৰ শ্বেখ দিল্লীলৈ আহিছিল বুলি এছ আই টিয়ে প্রাথমিক তদন্তত তথ্য লাভ কৰিছে। জে এন ইউৰ অৱসৰপ্ৰাপ্ত অধ্যাপক এগৰাকীৰ পত্নী ড° নূপুৰ বৰুৱাই এটা আন্তর্জাতিক এন জি অ’ৰ হৈ কাম কৰে। সেইসূত্রে তেওঁ আলী তৌকিৰ শ্বেখক দিল্লীলৈ মাতিছিল বুলিও জনা গৈছে। আৰক্ষী অধীক্ষক ৰ’জী কলিতাৰ নেতৃত্বত যোৱা এছ আই টিৰ দলে ইতিমধ্যে দিল্লীত ড° নূপুৰ বৰুৱাক সোধা-পোছা কৰে। লগতে ব্ৰিটিছ দূতাবাসৰ পৰাও এই সন্দৰ্ভত কিছু তথ্য সংগ্ৰহ কৰিছে। ড° নূপুৰ বৰুৱাৰ উপৰি এ এছ আই টিয়ে দিল্লীত বিষয়টোক লৈ আৰু কেইবাজনো ব্যক্তিক জেৰা কৰিছে। আনকি আলী তৌকিৰ শ্বেখৰ বিষয়টোক লৈ এছ আই টিয়ে পঞ্জাবতো চলাইছে তদন্ত। অৱশ্যে আলী তৌকিৰ শ্বেখৰ সৈতে সাংসদ গৌৰৱ – গগৈৰ পত্নীৰ সম্পৰ্ক, তেওঁৰ পাকিস্তান ভ্রমণ আদি বিষয়সমূহ সন্দৰ্ভত এছ আই টিয়ে কি তথ্য লাভ কৰিছে সেয়া জানিব পৰা হোৱা নাই। দেশৰ আভ্যন্তৰীণ নিৰাপত্তাৰ ক্ষেত্ৰত অতি স্পৰ্শকাতৰ বুলি বিবেচিত এই বিষয়টো সন্দর্ভত এছ আই টিয়ে বৈদেশিক মন্ত্ৰ্যালয়ৰ পৰা কিছু তথ্য বিচাৰিছে। উল্লেখযোগ্য যে মুখ্যমন্ত্রী হিমন্তবিশ্ব শর্মাই ইতিমধ্যে সংবাদ মাধ্যমৰ আগত সদৰী কৰিছে যে আলী তৌকিৰ শ্বেখে ক’ভিড মহামাৰীৰ পূৰ্বে ভাৰতলৈ কেইবাবাৰো আহিছিল আৰু দিল্লীৰ সৰু হোটেলত তেওঁৰ নেতৃত্বত অহা পাকিস্তানৰ ব্যক্তিয়ে আশ্রয় লৈছিল। বিষয়টোৰ তদন্তৰ বাবে প্রয়োজনবশতঃ ইণ্টাৰপ’লৰ সহায় ল’ব বুলিও ব্যক্ত কৰিছিল মুখ্যমন্ত্ৰীগৰাকীয়ে।