জকাই হাহঁচৰা প্ৰাথমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষক
কৃপা সোণোৱালক বিদায় সম্বৰ্ধনা
চাইন অন ডেস্ক:
ডিব্ৰুগড় জিলাৰ বৰবৰুৱা খণ্ড প্ৰাথমিক শিক্ষা বিভাগৰ অন্তৰ্গত জকাই হাহঁচৰা প্ৰাথমিক বিদ্যালয়ৰ পৰা সদ্য অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক কৃপা সোণোৱালক যোৱা ৬এপ্ৰিলত উক্ত বিদ্যালয়ৰ পৰিচালনা সমিতিয়ে বিদায় সম্বৰ্ধনা জ্ঞাপন কৰে। উল্লেখযোগ্য যে ১৯৮৯চনৰ ৭নৱেম্বৰত কৃপা সোণোৱালে বৰবৰুৱা খণ্ড প্ৰাথমিক শিক্ষা বিভাগৰ অন্তৰ্গত জকাই খামটিঘাট প্ৰাথমিক বিদ্যালয়ৰ সহকাৰী শিক্ষক হিচাপে চাকৰিত যোগদান কৰিছিল। এগৰাকী অমায়িক,সহজ সৰল,সৎ নিকা ভাৱ মুৰ্তি সম্পন্ন হিচাপে কৃপা সোণোৱালে কতব্য নিষ্ঠাৰে , দায়বদ্ধতাৰে শিক্ষকতাৰ সেৱাত অৱতীৰ্ণ শিক্ষক হিচাপে জনপ্ৰিয়তাই অঞ্চলটোৰ বাবে গৌৰৱৰ বিষয় হিচাপে পৰিগণিত । জকাই হাহঁচৰা প্ৰাথমিক বিদ্যালয়ৰ পৰা প্ৰধান শিক্ষক হিচাপে অৱসৰ গ্ৰহণ কৰা কৃপা সোণোৱালে শিক্ষকতা সময় চোৱাত জকাই হাহঁচৰা প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী সকলক শৈক্ষিক বিকাশৰ তথা উত্তৰণৰ ক্ষেত্ৰত অৰিহণা যোগাবলৈ সক্ষম আহিছে বুলি অভিভাৱক সকলে অশ্ৰুসিক্ত ভাষাৰে বক্তব্য আগবঢ়ায়। নিয়মীয়াকৈ বিদ্যালয়লৈ আহি ছাত্ৰ ছাত্ৰীক যথা সময়ত পাঠদান, অভিভাৱক তথা বিদ্যালয় পৰিচালনা সমিতিৰ
সৈতে বিদ্যালয়ৰ আন্তঃগাথঁনিৰ উন্নয়ন সাধন কৰা,সততা আৰু নিষ্ঠাৰে শিক্ষা দান কৰি কৃপা সোণোৱালে শিক্ষক ৰূপে শিক্ষা দানৰ ক্ষেত্ৰত শিক্ষক, ছাত্ৰ ছাত্ৰী আৰু অভিভাৱকৰ মাজৰ মধুৰ সম্পৰ্ক গঢ়ি তোলাৰ ক্ষেত্ৰতো অগ্ৰনী ভূমিকা পালন কৰিছিল। বিদায় সম্বৰ্ধনা উপলক্ষে আয়োজন কৰা সভাত জকাই হাহঁচৰা প্ৰাথমিক বিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি মৃদুল সোণোৱাল, প্ৰমুখ্যে অভিভাৱক- অভিভাৱিকা সকলৰ উপৰিও প্ৰধান শিক্ষক দেৱ জ্যোতি ভূঞা, সহকাৰী শিক্ষয়িত্ৰী উৰ্বশী গগৈয়ে সহযোগিতা আগবঢ়ায়ৃ অনুষ্ঠানত জকাই হাহঁচৰা প্ৰাথমিক বিদ্যালয়ৰ পৰা অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক কৃপা সোণোৱালক অঙ্গবস্ত্ৰ গামোচা,চেলেং চাদৰ,শৰাই, আৰু প্ৰশস্তি পত্ৰৰে বিদায় সম্বৰ্ধনা জ্ঞাপন কৰে। বিদায় সম্বৰ্ধনা গ্ৰহণ কৰি অৱসৰপ্ৰাপ্ত শিক্ষক কৃপা সোণোৱালে শিক্ষক হিচাপে সমগ্ৰ কৰ্মজীৱন সততা,নিষ্ঠা, কতৰ্ব্যপৰায়নতাৰে শিক্ষাদান সেৱাত ব্ৰতী হবলৈ প্ৰয়াস কৰিছিল বুলি উল্লেখ কৰি ছাত্ৰ ছাত্ৰী সকলক শিক্ষাৰে গঢ়ি মানৱ সম্পদ ৰূপে ভৱিষ্যতৰ দিনত শৈক্ষিক বিকাশৰ ক্ষেত্ৰত শিক্ষক হিচাপে দায়বদ্ধতাক সদায় গুৰুত্ব দি আহিছোঁ বুলি প্ৰকাশ কৰি শিক্ষক জীৱনৰ স্মৃতি ৰোমন্থন কৰি অশ্ৰুসিক্ত নয়নেৰে নিজৰ বক্তব্য প্ৰকাশ কৰে।