...

১১০খন নাওঁৰে যাত্ৰা কেন্দ্ৰলৈ

Spread the love

১১০খন নাওঁৰে যাত্ৰা কেন্দ্ৰলৈ

চৰাঞ্চচলৰ ২০৫টা ভোটকেন্দ্ৰত কঠোৰ নিৰাপত্তা

ভোটৰ পূৰ্বে সজাগ ধুবুৰী প্ৰশাসন

ধুবুৰী:

ভোটগ্ৰহণৰ প্ৰাকমুহূৰ্তত বৰ্তমানে ধুবুৰীত ব্যাপক তৎপৰতা তথা প্ৰস্তুতি চলি আছে প্ৰশাসনৰ। চহৰৰ কাষেৰে বৈ যোৱা গদাধৰ নৈৰ পাৰৰ মেলা ময়দানত প্ৰশাসনে স্থাপন কৰা বোট চেলতো এতিয়া দেখা গৈছে ব্যাপক তৎপৰতা। জিলাখনৰ বিভিন্ন চৰাঞ্চলৰ ভোটকেন্দ্ৰত ভোটকৰ্মী প্ৰেৰণৰ বাবে ইঞ্জিন সংযোজিত মুঠ ১১০খন নাওঁ সাজু কৰি ৰখা হৈছে। আভ্যন্তৰীণ জল পৰিবহন বিভাগৰ সহযোগত এই বৃহৎ ব্যৱস্থা গ্ৰহণ কৰিছে প্ৰশাসনে। ধুবুৰী জিলাৰ চৰাঞ্চলকে ধৰি ভাৰত-বাংলাদেশ সীমান্তৰ সমীপৰ মুঠ ২০৫টা ভোটকেন্দ্ৰত গঢ়ি তুলা হৈছে কঠোৰ নিৰাপত্তা ব্যৱস্থা। ভাৰত-বাংলাদেশ সীমান্তৱৰ্তী সংবেদনশীল অঞ্চলসমূহত কঠোৰ নিৰাপত্তা বেষ্টনী গঢ়ি তুলিছে সীমান্ত সুৰক্ষা বাহিনীয়ে। শান্তিপূৰ্ণ আৰু বিঘ্নমুক্ত ভোটগ্ৰহণ নিশ্চিত কৰিবলৈ বহুস্তৰীয় নিৰাপত্তা ব্যৱস্থা গ্ৰহণ কৰিছে প্ৰশাসনে। জৰুৰী পৰিস্থিতিৰ বাবে সাজু কৰা হৈছে স্পীড বোট। ধুবুৰীত বোট চেলৰ দায়িত্বত থকা বিষয়াই সদৰি কৰিছে এয়া।

Leave a Reply

Your email address will not be published. Required fields are marked *