...

১লাখ ৬৩,০৮২ গৰাকী ভোটাৰে নিৰ্ণয় কৰিব ৩গৰাকী প্ৰাৰ্থীৰ ভাগ্য

Spread the love

১লাখ ৬৩,০৮২ গৰাকী ভোটাৰে নিৰ্ণয় কৰিব ৩গৰাকী প্ৰাৰ্থীৰ ভাগ্য

ঢকুৱাখনা সমষ্টিত ২০ টা ভোটগ্ৰহণ কেন্দ্ৰ পৰিচালনা কৰিব কেৱল মহিলাই

 

ঢকুৱাখনা:

লখিমপুৰ লোকসভা সমষ্টিৰ অন্তৰ্গত ৭৭ নং ঢকুৱাখনা বিধানসভা সমষ্টিত মুঠ ১ লাখ ৬৩,০৮২ গৰাকী ভোটাৰে নিৰ্ণয় কৰিব ৩গৰাকী প্ৰাৰ্থীৰ ভাগ্য। অনুসূচীত জনজাতিৰ বাবে সংৰক্ষিত সমষ্টিটোত এইবাৰ ভাৰতীয় জনতা পাৰ্টি আৰু মিত্ৰজোঁটৰ প্ৰাৰ্থী নৱ কুমাৰ দলে, ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ প্ৰাৰ্থী আনন্দ নৰহ আৰু এছ ইউ চি আই দলৰ যুতিকা দলেয়ে
প্রাৰ্থিত্ব আগবঢ়াইছে। ঢকুৱাখনা বিধানসভা সমষ্টিত মুঠ ভোটাৰৰ সংখ্যা হৈছে ১,৬৩,০৮২ গৰাকী।ইয়াৰ ভিতৰত পুৰুষ ভোটাৰ ৮২,০৪৬ জন আৰু মহিলা ভোটাৰ ৮১,০৩৬ গৰাকী।সমষ্টিটোত মুঠ ২২৬ টা ভোটকেন্দ্ৰত প্ৰায় ১৪০০গৰাকী নিৰ্বাচনী বিষয়া-কৰ্মচাৰী নিযুক্তি দিয়া হৈছে।প্ৰতিটো ভোটগ্ৰহণ কেন্দ্ৰত ৱেৱ কাষ্টিঙৰ ব্যৱস্থা কৰা হৈছে।চৰকাৰী তথ্য মতে, সমষ্টিটোত ২০টা ভোটগ্ৰহণ কেন্দ্ৰ কেৱল মহিলা বিষয়া-কৰ্মচাৰীৰ দ্বাৰা পৰিচালিত হ’ব আৰু ৯৭৬ নং ঢকুৱাখনা চৰকাৰী মজলীয়া বিদ্যালয়ৰ ভোটগ্ৰহণ কেন্দ্ৰটো আদৰ্শ ভোটগ্ৰহণ কেন্দ্ৰ হিচাপে স্থাপন কৰা হৈছে।মহিলাৰ দ্বাৰা পৰিচালিত হ’বলগীয়া ভোটগ্ৰহণ কেন্দ্ৰকেইটা হ’ল ৮৯১ নম্বৰ ঘিলামৰা আদৰ্শ নিম্ন বুনিয়াদী প্ৰাথমিক বিদ্যালয় (সোঁফাল) আৰু ৮৯২ নম্বৰ ঘিলামৰা আদৰ্শ নিম্ন বুনিয়াদী প্ৰাথমিক বিদ্যালয়(বাওঁফাল),৯৪০ নম্বৰ সোণাৰি চাপৰি ট্ৰাইবেল হাইস্কুল(সোঁফাল) ৯৪১ নম্বৰ সোণাৰি চাপৰি ট্ৰাইবেল হাইস্কুল (বাওঁফাল),৯৫৬ নম্বৰ পশ্চিম ঢকুৱাখনা উচ্চতৰ মাধ্যমিক বিদ্যালয়, ৯৫৭ নম্বৰ চেতিয়া গাঁও প্ৰাথমিক বিদ্যালয়,৯৫৮ নম্বৰ মাধৱদেৱ উচ্চ মাধ্যমিক বিদ্যালয়(সোঁফাল)৯৫৯ নম্বৰ মাধৱদেৱ উচ্চ মাধ্যমিক বিদ্যালয়(বাওঁফাল),৯৭৫ নম্বৰ ঢকুৱাখনা বি.এড কলেজ,৯৭৬ নং ঢকুৱাখনা চৰকাৰী মজলীয়া বিদ্যালয়,৯৮০ নম্বৰ নগৰ আমকটীয়া প্ৰাথমিক বিদ্যালয় ,৯৮২ নম্বৰ কাঠৰবাৰী প্ৰাথমিক বিদ্যালয় (সোঁফাল),৯৮৩ নম্বৰ কাঠৰবাৰী প্ৰাথমিক বিদ্যালয়,৯৮৬ নম্বৰ ঢকুৱাখনা ছোৱালী উচ্চ মাধ্যমিক বিদ্যালয় (সোঁফাল),৯৮৭ নম্বৰ ঢকুৱাখনা ছোৱালী উচ্চ মাধ্যমিক বিদ্যালয় (বাওঁফাল),১০৭০ নম্বৰ গোবিন্দপুৰ এম্ ভি স্কুল,১০৭১ নম্বৰ হাৰ্হি উচ্চতৰ মাধ্যমিক বিদ্যালয় (সোঁফাল) আৰু২১৯ নং হাৰ্হি উচ্চতৰ মাধ্যমিক বিদ্যালয়(বাওঁফাল)।নিৰ্বাচন সুকলমে অনুষ্ঠিত কৰাৰ বাবে সমষ্টিটোক ৫ টা জ’ন আৰু ২২টা ছেক্টৰত ভাগ কৰা হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *