গুৱাহাটী হাইক’ৰ্টৰ গুৰুত্বপূৰ্ণ ৰায়
১৩ বিষয়াৰ আবেদন খাৰিজ
১৩ বিষয়াৰ বিৰুদ্ধে আদালতত গোচৰ চলিব !
গুৱাহাটী,১৪মার্চঃ ধনৰ বিনিময়ত এ পি এছ চিত
চাকৰি লোৱাৰ গোচৰত বিপদ ঘনীভূত হৈ পৰিছে তেৰজনকৈ ৰাজপত্ৰিত বিষয়াৰ।বিশেষ ন্যায়াধীশৰ আদালতৰ ৰায় আৰু এছ আই টিৰ অভিযোগনামাক (চার্জশিট) প্রত্যাহ্বান জনাই তেৰজনকৈ ৰাজপত্রিত বিষয়াই গুৱাহাটী উচ্চ ন্যায়ালয়ত এখন আবেদন দাখিল কৰিছিল। কিন্তু দীর্ঘদিন ধৰি আবেদনখনৰ শুনানি গ্ৰহণ কৰাৰ অন্তত আজি উচ্চ ন্যায়ালয়ে তেৰজন ৰাজপত্ৰিত বিষয়াৰ আবেদন নাকচ কৰে। ন্যায়ালয়ে আবেদন নাকচ কৰা এই তেৰজন বিষয়া হৈছে ক্রমে ধ্ৰুৱজ্যোতি হাতীবৰুৱা, ড° হিতেশ মজুমদাৰ, আকাশী দুৱৰা, কুলপ্রদীপ ভট্টাচার্য, কমিৰ টিমুংপি, ফারুক আহমেদ, কল্যাণ কুমাৰ দাস, নন্দিনী কাকতি, অনলজ্যোতি দাস, বিকাশ শর্মা, জয়ন্ত দলে, প্রিয়ংকা ডেকা আৰু সৌৰভপ্ৰাণ শর্মা। উচ্চ ন্যায়ালয়ে আবেদন নাকচ কৰাৰ পৰিণতিত এই আটাইকেইজন বিষয়াই বিশেষ আদালতত গোচৰৰ সন্মুখীন হোৱাৰ বাট প্রশস্ত হৈ পৰিল। উল্লেখযোগ্য যে এ পি এছ চি কেলেংকাৰীত নাম সাঙোৰ খোৱা একাংশ বিষয়াক ৰেহাই দি পূর্বে এছ আই টিয়ে আদালতত অভিযোগনামা দাখিল কৰিছিল। কিন্তু এছ আই টিৰ এনে পালমৰা অভিযোগনামাক লৈ অসন্তুষ্ট বিশেষ আদালততে একাংশ অভিযুক্ত বিষয়াৰ বিৰুদ্ধে পৰৱৰ্তী তদন্ত আগবঢ়াই নিবলৈ নির্দেশ দিয়ে। অকল সিমানেই নহয়, ক্ষুব্ধ আদালতে গোচৰৰ তদন্তকাৰী বিষয়া সলনি কৰিবলৈও নির্দেশ দিয়ে। ন্যায়ালয়ৰ এনে নিৰ্দেশৰ পিচতে এছ আই টিৰ নতুন তদন্তকাৰী বিষয়াই অনুসন্ধান চলাই মুঠ ৩২ জনৰ বিৰুদ্ধে অভিযোগনামা দাখিল কৰে। এনে অভিযোগনামাৰ পিচতে আদালতে অভিযুক্তসকলৰ বিৰুদ্ধে গোচৰ (কগনিজেন্স) গ্রহণ কৰে। কিন্তু নতুনকৈ অভিযোগনামাত নাম সন্নিৱিষ্ট হোৱা তেৰজনকৈ বিষয়াই এছ আই টিৰ তদন্ত আৰু অভিযোগনামাক প্রত্যাহ্বান জনাই উচ্চ ন্যায়ালয়ত আবেদন দাখিল কৰে। আদালতত অভিযুক্তসকলৰ হৈ জ্যেষ্ঠ অধিবক্তা এ চৌধুৰীয়ে যুক্তি দর্শোৱাৰ বিপৰীতে অসম চৰকাৰৰ হৈ অতিৰিক্ত লোক অধিবক্তা ধনেশ দাসে আবেদনৰ বিৰুদ্ধে তীব্ৰ বিৰোধিতা কৰে। পিচত উভয় পক্ষৰ যুক্তি শুনি উচ্চ ন্যায়ালয়ে অভিযুক্ত তেৰ বিষয়াৰ আবেদন নাকচ কৰে।