মন্দিৰাত আৰক্ষীৰ জালত ৩ গো সৰবৰাহকাৰী
২৮ টাকৈ গৰু জব্দ
নগৰবেৰা:
কামৰূপৰ মন্দিৰা আৰক্ষী চকীৰ এটা আৰক্ষীৰ দলে কালি নিচেই পুৱাতে
চোৰাং গৰু সৰবৰাহকাৰীৰ বিৰুদ্ধে এক অতৰ্কিত অভিযান চলাই ২৮ টাকৈ চোৰাং গৰু জব্দ কৰাৰ লগতে তিনিজনকৈ সৰবৰাহকাৰীকো আটক কৰিবলৈ সক্ষম হয় ৷ মন্দিৰা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া জ্যোৰ্তিময় দাসৰ নেতৃত্বত
ঘিলাবাৰীৰ পৰা আৰক্ষীয়ে চোৰাং গৰুকেইটা জব্দ কৰে।তদুপৰি আৰক্ষীয়ে ক্ৰমে মালিবাৰীৰ বাছেৰ আলী, শুক্টাটাৰীৰ জয়নুদ্দিন আৰু আঠুভাঙাৰ অঞ্জন খান নামৰ তিনি গৰাকী চোৰাং গৰু সৰবৰাহকাৰীকো গ্ৰেপ্তাৰ কৰে।শেহতীয়াকৈ জনা মতে গো সৰবৰাহকাৰী তিনিজনক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰাৰ লগতে গৰু কেইটা গো শালালৈ প্ৰেৰণ কৰা হৈছে।উল্লেখ্য যে জব্দকৃত গৰু কেইটা গোপনে ঘিলাবাৰীৰ পৰা ধুপধৰালৈ সৰবৰাহ কৰাৰ সময়তে জব্দ কৰে আৰক্ষীয়ে।