২০১৬ চনত বিজেপিলৈ আহিবলৈ জিতু গোস্বামীয়েই মোক কৈছিল
বঢ়মপুৰত বিজেপিৰ বিশাল নিৰ্বাচনী বিজয় সংকল্প সভাত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা
ত্ৰিশ সহস্ৰাধিক পুৰুষ মহিলাৰ উপস্থিতিত বঢ়মপুৰত এক উৎসৱ মুখৰ পৰিবেশ
নগাঁও:
মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শর্মাই আজি বঢ়মপুৰ সমষ্টিৰ অন্তৰ্গত বঢ়মপুৰ ৰাজহুৱা খেল পথাৰত অনুষ্ঠিত বিজয় সংকল্প বিশাল সভাত অংশগ্ৰহণ কৰে ৷বঢ়মপুৰ সমষ্টিৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী জিতু গোস্বামীৰ নিৰ্বাচনী বিশাল বিজয় সংকল্প সভা খনত সকলো শ্ৰেণী ৰাইজৰ ব্যাপক উৎসাহ-উদ্দীপনা পৰিলক্ষিত হয়। আজি বঢ়মপুৰ সমষ্টিত অনুষ্ঠিত হোৱা বিজয় সংকল্প সভাত অংশ লৈ মুখ্যমন্ত্রী ড° শৰ্মাই তেওঁৰ ভাষণত কয়- জাতি-মাটি-ভেটি ৰক্ষাৰ বাবে আমি এইখন অসমত থাকিবই লাগিব। কংগ্রেছে আমাক ৰক্ষা কৰিব নোৱাৰে। কেৱল বিজেপি চৰকাৰেহে খিলঞ্জীয়াক সুৰক্ষিত কৰিব পাৰিব। বিজেপি মিত্ৰজোঁটৰ প্রার্থী জিতু গোস্বামীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই মুখ্যমন্ত্রী গৰাকীয়ে ভাষণ প্ৰসংগত কয় যে ২০২১ চনৰ বিধানসভা পাছত নির্বাচনত এক লাখ ল’ৰা-ছোৱালীক চাকৰি দিম বুলি কোৱাৰ সময়ত কোনোরে বিশ্বাস কৰা নাছিল। কিন্তু ৫ বছৰ সম্পূৰ্ণ কৰাৰ সময়ত আমি এতিয়া ১ লাখ ৬৫ হাজাৰ যুৱক-যুৱতীক চাকৰি দিলোঁ। কংগ্ৰেছৰ দিনত অংগনৱাড়ী চাকৰিৰ বাবেও পইচা দিব লাগিছিল, মধ্যাহ্ন ভোজনৰ চাকৰিতো পইচা দিব লাগিছিল। কিন্তু বিজেপি চৰকাৰে স্বচ্ছ আৰু নিকাৰে ১.৬৫ লাখ শিক্ষিত যুৱক-যুৱতীক চৰকাৰী চাকৰিত নিযুক্তি দিবলৈ সক্ষম হ’ল ৷ পুনৰ চৰকাৰ গঠন কৰিলে ২ লাখ যুৱক-যুৱতীক চৰকাৰী চাকৰি দিম। ইয়াৰে ২৫ হাজাৰ যুৱক-যুৱতীক আৰক্ষীত নিযুক্তি দিয়াৰ বিপৰীতে ৭৫ হাজাৰক নতুনকৈ শিক্ষক পদত নিযুক্তি দিয়া হ’ব। মুখ্যমন্ত্রীয়ে কয়- মহিলা উদ্যমিতা আঁচনিত এইবাৰ ১০ হাজাৰ টকাকৈ প্ৰদান কৰা হৈছে। আগন্তুক
দিনত এই ধন ২৫ হাজাৰ টকালৈ বৃদ্ধি কৰা হ’ব। মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসমৰ বঢ়মপুৰৰ দহ হাজাৰ যুৱক-যুৱতীক ২ লাখ টকাকৈ প্রদান কৰা হ’ব বুলিও আজি প্রতিশ্রুতি প্রদান কৰে। মুখ্যমন্ত্ৰী গৰাকীয়ে বঢ়মপুৰ সমষ্টিৰ বিজেপি মিত্ৰজোঁটৰ প্রার্থী জিতু গোস্বামীক ৫০ হাজাৰৰো অধিক ভোটত জয়যুক্ত কৰাৰ বাবে উপস্থিত ৰাইজক আহ্বান জনায়।ৰেচন কার্ড থকা প্ৰতিটো পৰিয়ালে চাউল-দাইল-চেনি-নিমখৰ লগতে এক লিটাৰকৈ মিঠাতেল বিনামূলীয়াকৈ পাব বুলি উল্লেখ কৰি মুখ্যমন্ত্রীয়ে কয় যে মহিলা উদ্যমিতা, অৰুণোদয়, নিযুত মইনা, নিযুত বাবু আঁচনিসমূহ একমাত্র বিজেপি চৰকাৰৰ বাবেহে সম্ভৱ হৈছে। ইফালে একে পৰিয়ালতে যিসকলৰ এখন ৰেচন কাৰ্ডত দুগৰাকী মহিলাৰ নাম আছে তেনে ৰেচন কাৰ্ড দুখন কৰি হ’লেও ঘৰখনৰ দুগৰাকী মহিলাক অৰুণোদয় দিয়া হ’ব।কংগ্ৰেছ চৰকাৰে সাধাৰণ ৰাইজৰ বাবে এই আঁচনিসমূহ অনাৰ কোনো পদক্ষেপেই গ্রহণ নকৰিলে। মুখ্যমন্ত্ৰীয়ে কয় যে এইবাৰ বিজেপি আৰু মিত্রদলে ৯০ খনৰ পৰা ১০০ খন আসন দখল কৰিব। বিগত নির্বাচনৰ সময়ত যিবোৰ প্রতিশ্রুতি দিছিলোঁ, সেই প্রতিশ্রুতিসমূহ আখৰে আখৰে পালন কৰিবলৈ সক্ষম হৈছোঁ। সেইবাবে ৰাইজে জানে যে মই প্রতিশ্রুতি পালন নকৰাকৈ নাথাকোঁ। পুনৰ চৰকাৰ গঠন হ’লে আৰক্ষী, শিক্ষক, নাৰ্ছকে ধৰি বিভিন্ন পদৰ লগতে গ্রেড-৩ আৰু গ্রেড-৪ বিভাগত যুৱক-যুৱতীক চাকৰি দিয়া হ’ব। তদুপৰি এতিয়াৰে পৰা কোনো পৰিয়ালে তেওঁলোকৰ ল’ৰা-ছোৱালীক পঢ়ুওৱাৰ খৰচ বহন কৰিব নালাগে। বিজেপি
চৰকাৰে বিনামূলীয়াকৈ প্ৰতিটো সন্তানক পঢ়ুওৱাৰ দায়িত্ব গ্ৰহণ কৰিব। : মুখ্যমন্ত্ৰী গৰাকীয়ে ভাষণ প্রসংগত কংগ্ৰেছ দলক সমালোচনা কৰি কয় যে কংগ্ৰেছৰ দিনত কেৱল সুতা, কম্বল আৰু ধুতী-লুঙী দিয়েই ৰাইজৰ প্ৰতি দায়িত্ব সামৰিলে । কিন্তু বিজেপি চৰকাৰে মহিলাসকলক আর্থিকভাৱে সবল কৰি তোলাৰ লক্ষ্যৰে মহিলা উদ্যমিতা আঁচনিৰ অধীনত ১০ হাজাৰ টকাকৈ আগবঢ়াইছে। পুনৰ চৰকাৰ গঠন হ’লে এই ধন ২৫ হাজাৰ টকালৈ বৃদ্ধি কৰা হ’ব। পুনৰ বিজেপি চৰকাৰক সমর্থন দিবলৈ আহ্বান জনাই মুখ্যমন্ত্ৰীয়ে কয়- অসমৰ সুৰক্ষা আৰু বিকাশৰ বাবে পুনৰ বিজেপি চৰকাৰ গঠন হ’বই লাগিব। সমষ্টিটোত বিজেপি মিত্ৰদলৰ প্ৰাৰ্থী জীতু গোস্বামীক বিপুল ভোটত জয়যুক্ত কৰাবৰ বাবে আহ্বান জনাই ৷লগতে ড: শৰ্মাই কয় ৰাজ্যৰ যুৱক – যুৱতীসকলৰ লগত থিয় হোৱা মোৰ দায়িত্ব আৰু কৰ্তব্য। মই ৰাইজক প্ৰতিশ্ৰুতি দিছোঁ, বিজেপি চৰকাৰ আহিলে আমি ২ লাখ ল’ৰা ছোৱালীক চৰকাৰী চাকৰি দিম । পুলিচত ২৫ হাজাৰ, শিক্ষক – শিক্ষয়ত্ৰীত ৭৫ হাজাৰ , বাকী এক লাখ তৃতীয় আৰু চতুৰ্থ বৰ্গ , ডাক্তৰ, ইঞ্জিনিয়াৰ ইত্যাদি। মই বেলেগৰ তুলনাত জিতুক অলপ বেছি মৰম কৰো কাৰণ ২০১৬ চনত বিজেপিত আহিবলৈ মোক জিতুৱেই কৈছিল ।
বঢ়মপুৰ সমষ্টিত মই নতুনকৈ ১০ হাজাৰ আৰু অৰুণোদয় দিম । এইবাৰ আমি সিদ্ধান্ত লৈছো,ব’হাগ বিহু আৰু দুৰ্গা পূজাৰ সময়ত এইবাৰ দুটা গেছৰ চিলিণ্ডাৰ আমি আপোনালোকক বিনা পইচাত দিম । অসমত এতিয়া বোমা নাই , গুলী নাই , আন্দোলন নাই , এতিয়া আমাৰ অসম , শান্তিৰ অসম । লৰা ছোৱালীৰ উৎসাহ দেখি বঢ়মপুৰ সমষ্টিত অতিৰিক্তভাৱে ১০ হাজাৰ ল’ৰা ছোৱালীক “CMAAA” আঁচনি দিম । এইবাৰ চাহ শ্ৰমিকৰ মজুৰি ৪৫০ – ৫০০ টকালৈকে লৈ যাম । মই নতুনকৈ দুটা কামাণ্ডো বেটেলিয়ান খুলিম যাতে ল’ৰা-ছোৱালীবোৰে পুলিচত সোমাব পাৰে। মোৰ ভাগিনবিলাকৰ কোনো কষ্ট হ’ব নালাগে , সকলো চৰকাৰী সুবিধা আমাৰ ভাগিনবোৰে পাব লাগে । বিপদে আপদে আপোনালোকে জিতু গোস্বামীক ওচৰত পাব নে ৰাজেন গোহাঁইক ওচৰত পাব , বঢ়মপুৰত অসুবিধা হ’লে মুখ্যমন্ত্ৰীক ফোন লগালে আগতে জিতু গোস্বামীয়ে পাব নে ৰাজেন গোহাঁইয়ে পাব বুলি প্ৰশ্ন কৰে। অসমৰ জাতি মাটি ভেটি ৰক্ষাৰ কাৰণে আমি বিজেপি দলক শাসনত ৰাখিব লাগিব , বঢ়মপুৰত জিতু গোস্বামীক আমি বিধায়ক বনাব লাগিব । এইবাৰ বঢ়মপুৰত জিকাৰ আমাৰ টাৰ্গেট হ’ল ৫০ হাজাৰ । ৫০ হাজাৰ ভোটত আমি জিকিব লাগিব । আজি সভাখন দেখিলেই লাগে যে জিতু গোস্বামী বৃহৎ ভোটত জয়লাভ কৰিব। বিশাল নিৰ্বাচনী সভা খনৰ অন্তত সাংবাদিকে সোধা প্ৰশ্নত মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে পাকিস্তানৰ লগত লগ লাগি কংগ্ৰেছে হিমন্ত বিশ্ব শৰ্মাৰ গতি স্তব্ধ কৰিব খোজে , কিন্তু অসমৰ ৰাইজৰ আশীৰ্বাদ মোৰ লগত আছে , ইলেকচন বিজেপি জিকিবই । যি হিন্দুৱে গৰু খাই, তাকে অসম জাতীয় পৰিষদে টিকট দিয়ে। ৰাজেন গোহাঁই অন্তত বিজেপিত আছিল , তেওঁ এই দলটোৰ পৰা ওলাই আহিব ।
বাংলাদেশী মিঞাই ভোট দিব ৰাজেন গোহাঁইক আৰু বঢ়মপুৰৰ বাকীখিনিয়ে ভোট দিব জিতু গোস্বামীক । পৱন খেৰাই জেলত সুমুৱাক লৈ কয় যে – পৱন খেৰাক মই পেৰা বনাই দিম । উল্লেখ্য যে আজি বঢ়মপুৰত অনুষ্ঠিত হ’ব লগা সভাখনৰ বাবে বঢ়মপুৰত পুৱাৰে পৰা হাজাৰ হাজাৰ লোকৰ সমাগম হয়।ত্ৰিশ হাজাৰৰো অধিক লোকৰ উপস্থিতিত অনুষ্ঠিত হোৱা সভাখনত সৰহ সংখ্যকেই আছিল মহিলা।সভাখনত বিধায়ক তথা প্ৰাৰ্থী জিতু গোস্বামীৰ উপৰিও কলিয়াবৰ জিলা বিজেপিৰ সভাপতি বাবুল বৰা, জন্মু কাশ্মীৰৰ বিধায়ক তথা বঢ়মপুৰৰ দায়িত্বত থকা মনীষ শৰ্মা,অগপৰ জেষ্ঠ নেতা নৰেন্দ্ৰ নাথ শৰ্মা,নিৰঞ্জন বৰাকে ধৰি বিজেপি আৰু অগপ দলৰ ভালেসংখ্যক নেতা কৰ্মী উপস্থিত থাকে।আজিৰ বিজয় সংকল্প সভাত মামা হিমন্ত বিশ্ব শৰ্মাৰ সৈতে একেলগে নাচিলে হাজাৰ হাজাৰ পুৰুষ মহিলাই।বিজেপি নেতা অনিৰ্বান গোস্বামীয়ে আত ধৰা সভাত শিল্পী স্বজল নায়কে গীত পৰিবেশন কৰে।