ঢকুৱাখনাত নৱ কুমাৰ দলেৰ হৈ নিৰ্বাচনী প্ৰচাৰ সভাত ছত্তিশগড়ৰ উপ-মুখ্যমন্ত্ৰী
অসমে বিভিন্ন ক্ষেত্রত দ্রুত অগ্রগতি লাভ কৰিছে- অৰুণ চাও
ঢকুৱাখনা :

নং ঢকুৱাখনা বিধানসভা সমষ্টিত বিজেপি মিত্রজোটৰ এক বিশাল নির্বাচনী প্রচাৰ সভা অনুষ্ঠিত হয়। বিজেপি মিত্রজোটৰ মনোনীত প্রার্থী নৱ কুমাৰ দলেৰ সমর্থনত
ঢকুৱাখনা নগৰৰ নৱনিৰ্মিত নৈশ বাছ আস্থানত আয়োজিত নিৰ্বাচনী সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে লখিমপুৰ লোকসভা সমষ্টিৰ নিৰ্বাচনী তত্ত্বাৱধায়ক তথা ছত্তিশগড়ৰ উপ-মুখ্যমন্ত্ৰী অৰুণ চাও।ভাষণ প্রসংগত উপ-মুখ্যমন্ত্ৰী অৰুণ চাওৱে কেন্দ্র আৰু ৰাজ্যৰ ডাবল ইঞ্জিন চৰকাৰে যোৱা কেইবছৰত কৰা উন্নয়নমূলক কাম-কাজৰ খতিয়ান দাঙি ধৰে। নিজৰ ভাষণত ছত্তিশগড়ৰ উপ-মুখ্যমন্ত্ৰী গৰাকীয়ে লগতে কয় যে -অসম এতিয়া বিজেপিময়।ডাবল ইঞ্জিন চৰকাৰৰ জৰিয়তে ৰাজ্য আৰু কেন্দ্ৰ একেলগে কাম 
