...

মাৰ্ঘেৰিটাত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিত বৃহৎ খহনীয়া

Spread the love

মাৰ্ঘেৰিটাত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিত বৃহৎ খহনীয়া

সভাপতি-সম্পাদকসহ শতাধিকৰ সমূহীয়া পদত্যাগ

মাৰ্ঘেৰিটা:

নিৰ্বাচনী গৰম বতাহৰ মাজতে মাৰ্ঘেৰিটাৰ ৰাজনীতিত এক বিশেষ চৰ্চিত বিষয় হৈ পৰিছে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ জ্যেষ্ঠ বিষয়ববীয়াৰ সমূহীয়া পদত্যাগ। ৰাজনৈতিক আদৰ্শগত মত-পাৰ্থক্য আৰু শেহতীয়াকৈ মূল ৰাজনৈতিক দল ‘ৰাইজৰ দল’ৰ প্ৰচাৰ কাৰ্যত ছাত্ৰ সংগঠনৰ সদস্যসকলক ব্যৱহাৰ কৰাৰ অভিযোগ তুলি আজি সংগঠনটোৰ পৰা আঁতৰি আহে মাৰ্ঘেৰিটা আঞ্চলিক সমিতিৰ সভাপতি-সম্পাদকসহ প্ৰায়সংখ্যক কাৰ্যনিৰ্বাহক সদস্য। প্ৰাপ্ত খবৰ অনুসৰি, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ মাৰ্ঘেৰিটা আঞ্চলিক সমিতিৰ সভাপতি ৰন্টো গগৈ, সম্পাদক পৰাগজ্যোতি বড়া, কাৰ্য্যকৰী সভাপতি মহিম আহমেদৰ লগতে মাৰ্ঘেৰিটা মহাবিদ্যালয় গোটৰ সভাপতি অয়ণজ্যোতি চেতিয়া, সম্পাদক অভিনাশ মেছ, কাৰ্য্যকৰী সভাপতি উদিপ্ত মৰাণ আৰু সহকাৰী সম্পাদক শংকৰ প্ৰধানে আজি আনুষ্ঠানিকভাৱে সংগঠনটোৰ প্ৰাথমিক সদস্য পদৰ পৰা পদত্যাগ কৰে। একেদৰে, মাৰ্ঘেৰিটা মহাবিদ্যালয় ছাত্ৰ একতা সভাৰ ছাত্ৰ মুক্তি সমৰ্থিত সাধাৰণ সম্পাদক ভাৰ্গবজিৎ গগৈয়েও সংগঠনটোৰ পৰা অব্যাহতি লয়। পদত্যাগ কৰা উচ্চ শিক্ষিত যুৱকসকলে অভিযোগ উত্থাপন কৰিছে যে, ছাত্ৰ সংগঠনটোক শেহতীয়াকৈ ৰাইজৰ দলৰ নিৰ্বাচনী স্বাৰ্থত ব্যৱহাৰ কৰা হৈছে, যিটো তেওঁলোকৰ আদৰ্শৰ পৰিপন্থী। উল্লেখ্য যে, বিগত সময়ছোৱাত এইসকল বিষয়ববীয়াই ছাত্ৰ মুক্তিৰ হৈ বিভিন্ন জনহিতকৰ তথা ছাত্ৰ আন্দোলনত সক্ৰিয় ভূমিকা পালন কৰি আহিছিল। ৰাজনৈতিক বিশ্লেষকসকলৰ মতে, নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত হোৱা এই বৃহৎ খহনীয়া মাৰ্ঘেৰিটা সমষ্টিৰ ৰাইজৰ দলৰ সমৰ্থিত প্ৰাৰ্থী ৰাহুল ছেত্ৰীৰ বাবে এক মোক্ষম আঘাত হিচাপে বিবেচিত হৈছে। ইয়াৰ লগে লগে সমগ্ৰ মাৰ্ঘেৰিটা অঞ্চলৰ ছাত্ৰ ৰাজনীতিত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *