আৰ্বান ফৰেষ্টৰ দাবীত ডিব্ৰুগড়ত গণ স্বাক্ষৰ অভিযান
জুবিন গাৰ্গৰ স্মৃতিত আৰ্বান ফৰেষ্ট স্থাপন হওক
চাইন অন ডেস্ক:
চাহ নগৰী হিচাপে খ্যাত ডিব্ৰুগড়ৰ মাজমজিয়াত থকা সেউজীয়া চাহ বাগিচাবোৰে মহানগৰ খনৰ সৌন্দৰ্য বৰ্ধন আৰু প্ৰকৃতি ৰক্ষাৰ লগতে প্ৰাকৃতিক ভাৰসাম্যতা ৰক্ষাৰ হকে নিৰবিচ্ছিন্ন ভাবে কাম কৰি “ছাছটেইনেবুল গ্ৰীণ সংগঠন”ৰ উদ্যোগত যোৱা ৩ এপ্ৰিলৰ বিয়লি চৌকিডিঙ্গীত এক গণ স্বাক্ষৰ অভিযানৰ কাৰ্যসূচী হৈ যায় । বিষয়টো গভীৰভাৱে উপলব্ধি কৰি স্বত্পোতভাৱে ৫ শতাধিক লোকে স্বাক্ষৰ প্ৰদান কৰে । ইয়াৰোপৰি ইতিমধ্যে সংগঠনৰ সদস্যই বিভিন্ন ঠাইৰ সহস্ৰাধিক লোকৰ স্বাক্ষৰ সংগ্ৰহ কৰিছে ।অ-ৰাজনৈতিক
স্ংগঠনটোৰ দাবী যে ডিব্ৰুগড়ৰ কাষতে থকা দক্ষিণ জালাল নগৰ চাহ বাগিচাখনতে হিয়াৰ আমঠু জুবিন গাৰ্গৰ স্মৃতিত আৰ্বান ফৰেষ্ট এখন স্থাপন হওক । উল্লেখ্যযোগ্য যে ভাৰতৰ কেবাখনো মহানগৰীৰ মাজমজিয়াত মানুহৰ সুস্বাস্থ্য, পশু পক্ষী তথা জীৱকুলৰ সুৰক্ষাৰ বাবে একোটা এলেকা সংৰক্ষণ কৰি সৌন্দৰ্যৰ লগতে জলবায়ু প্ৰদুষন ৰোধ কৰাৰ ব্যৱস্থা কৰিছে । গতিকে ডিব্ৰুগড়টো উল্লেখিত এলেকাত এখন আৰ্বান ফৰেষ্ট হওক । যিহেতু ডিব্ৰুগড় মহানগৰীৰ মাজত সৰু সৰু ল’ৰা-ছোৱালীৰ বাবে কোনো পাৰ্ক নাই ।ইতিমধ্যে এই সন্দৰ্ভত মুখ্যমন্ত্ৰীক অৱগত কৰাৰ লগতে আন কেইবাটাও প্ৰতিবাদী কাৰ্যসূচী কৰা হৈছে। এই গণ স্বাক্ষৰ অভিযানত বিভিন্ন সংগঠনৰ লগতে সহযোগ আগবঢ়োৱা ব্যক্তিসকল আছিল বিশিষ্ট চিকিৎসক ডাঃ ৰাম হাজৰিকা, নাট্যকৰ্মী দূৰ্গা বৰঠাকুৰ, যশস্বী উপন্যাসিক জুৰি বৰা বৰা বৰগোহাই, অধিবক্তা সুব্ৰত বৰ্মন, সাংস্কৃতিক কৰ্মী মনোজ কুমাৰ বৰুৱা, নাট্যকৰ্মী জ্যোতি প্ৰকাশ ভট্টাচাৰ্য,স্ংগঠক বিশ্ববিজয় ফুকন, জেমছ দুৱৰা, অধ্যাপক লক্ষ্মীনন্দন বৰগোহাঞি,পল্লৱ চক্ৰৱৰ্তী, বিশ্বকিংকৰ বৰুৱা, অৰ্পনা বৰা,চাহিল ঠাকুৰ,বিদিশা দত্ত, প্ৰিয়াংশু গগৈ,মানৱ বৰ্মন, জিণ্টু ফুকন, আদিত্য দাস, দুলুমণি ৰাজখোৱা চুইতি বৰ শইকীয়া , ৰাজশ্ৰী খনিকৰ, ৰাজীৱ সোনোৱাল, হেমন্ত সোনোৱাল আদি। কাৰ্যসূচীত জনপ্ৰিয় গায়ক মানস ৰবিনেও অ্ংশ গ্ৰহণ কৰাৰ কথা আছিল কিন্তু
বিশেষ অসুবিধাৰ বাবে আহিব নোৱাৰি এটা বাৰ্তা প্ৰেৰণ কৰি তেওঁৰ পূৰ্ণ সহযোগিতা আগবঢ়াব বুলি দোহাৰে ।ছাছটেইনেবুল গ্ৰীণ সংগঠন এ পৰবৰ্তী পৰ্যায়ত কাৰ্যসূচী সমুহতো সকলোৰে সহযোগিতা আৰু সমৰ্থন কামনা কৰে ।