মধ্য গুৱাহাটীৰ এজেপিৰ প্ৰাৰ্থী কুংকী চৌধুৰীৰ মাতৃৰ বিৰুদ্ধে চাঞ্চল্যকৰ অভিযোগ মুখ্যমন্ত্ৰীৰ
গো- মাংস ভক্ষণৰ ফটো সামাজিক মাধ্যমত দি কুংকি চৌধুৰীৰ মাতৃ সুজাতা চৌধুৰীয়ে সনাতনী পৰম্পৰাক অপমান কৰিছে: মুখ্যমন্ত্ৰী
চাইন অন ডেস্ক:
“মই লুৰীণজ্যোতি গগৈ, অখিল গগৈ, গৌৰৱ গগৈৰ বিষয়ে বিভিন্ন সময়ত বিভিন্ন কথা কৈ আহিছো। আমাৰ যি গগৈ আছে তৰংগ গগৈ, চক্ৰধৰ গগৈ, কিৰণ গগৈ । আমাৰ তিনি গগৈ হৈছে ৰাইজৰ মাজত থকা।” –এই মন্তব্য ডিব্ৰুগড়ত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ।ডিব্ৰুগড়ৰ বৰবৰুৱাৰ লেপেটকটাত বি জে পি মিত্ৰজোঁটৰ প্ৰাৰ্থী চক্ৰধৰ গগৈৰ হৈ মুখ্যমন্ত্ৰীয়ে নিৰ্বাচনী প্ৰচাৰত অংশ গ্ৰহণ কৰি ভাষণত পুনৰাই কয়–“গৌৰৱ গগৈ পাকিস্তানৰ লগত থাকে , অখিল গগৈ কাৰ লগত থাকে নিজেও নাজানে। লুৰীণজ্যোতি গগৈৰ ওপৰতো মই এটা অভিযোগ আনিব বিচাৰিছো। লুৰীণজ্যোতি গগৈয়ে গুৱাহাটীত কুংকি চৌধুৰী বুলি এগৰাকী মহিলাক এজেপিৰ প্ৰাৰ্থী দিছে। সেই কুংকি চৌধুৰীৰ মা হৈছে সুজাতা গুৰুং চৌধুৰী, তেওঁ হৈছে ছিকিমৰ মহিলা। তেওঁ কুংকি চৌধুৰীৰ মাক তাত মোৰ একো আপত্তি নাই। তেওঁ ইনষ্টাগ্ৰামত কেইবাখনো ফটো দিছে গৰু মাংস খায়।তেওঁ গৰু মাংস খাই আমাৰ সনাতনী মানুহক প্ৰত্যাহ্বান জনাইছে। এসময়ত আমাৰ চিকেন নেক কাটি দিয়াৰ ধমকি দিছিলে দুজন চয়তানে।এই সুজাতা গুৰুং চৌধুৰীয়ে তেওঁৰ ফেচবুকত অপেনলি এই দুজনক সমৰ্থন জনাইছে যে ভাৰতৰ পৰা এই চিকেন নেকটো কাটি দিয়াটো ভুল নহয় বুলি। তৃতীয়তে তেওঁ কৃষ্ণৰ ওপৰত কৈছিল যে “ভগৱান কৃষ্ণৰ ওপৰত মোৰ কোনো আস্থা নাই”। এই সুজাতা গুৰুং চৌধুৰীয়ে কৈছিল ” আমি পাকিস্তানক ৰাজনৈতিক সাধাৰণ কথোপকথনত শত্ৰু হিচাপে ৰাখিছো। কিন্তু তেওঁলোক আচলতে শত্ৰু হয় নেকি”? তাৰমানে লুৰীণজ্যোতি গগৈয়ে অসম জাতীয় পৰিষদৰ যিখন মঞ্চ , য’ত শ্বহীদৰ কেঁচা তেজ জড়িত হৈ আছে সেইখন মঞ্চৰ পৰা এনেকুৱা এগৰাকী ছোৱালীক টিকট দিছে যিয়ে ভগৱান কৃষ্ণক সমালোচনা কৰিছিল , গৰুৰ মাংস অপেনলি খাই ইনষ্টাগ্ৰামত ফটো দিছিল আৰু ছাৰজিদ ইলাম, উমৰ খালিদক চাপোৰ্ট কৰিছে আৰু কৈছে পাকিস্তান আমাৰ এনিমি ৰাষ্ট্ৰ নহয় ।
এইজনেই হৈছে লুৰীণজ্যোতি গগৈ। ইণ্ডিৰা গান্ধীৰ হাতত ৮৬০ জন শ্বহীদ হৈছিল। লুৰীণজ্যোতি গগৈক ইলেকশ্যন জিকাবৰ কাৰণে গান্ধীৰ ফেমিলিক প্ৰয়োজন আছে। আমিও আছু নেতা। লুৰীণজ্যোতি গগৈৰ দৰে জেনেৰেল চেক্ৰেটেৰী নাছিলো। যি আছুৰ প্লেটফৰ্মত আন্দোলন কৰি ৮৬০ জন শ্বহীদ হ’ল তাত আমি মতা বেলেগ কথা, গৌৰৱ গগৈয়ে মতা বেলেগ কথা লুৰীণজ্যোতি গগৈয়ে প্ৰিয়ংকা গান্ধীক কিয় মাতিবলগীয়া হ’ল? তাৰমানে “এম এল এ হোৱা আৰু এম এল এ হৈ কোনোবা এগৰাকীক বিয়া কৰোৱা এইটোৱে মোৰ জীৱনৰ লক্ষ্য। তাৰ বাদে মোৰ জাতি মাটি ভেটিত কোনো মৰম নাই”। মই লুৰীণজ্যোতি গগৈক প্ৰত্যাহ্বান জনাম কুংকি চৌধুৰীৰ মাকৰ বিষয়ে মই কোৱা কথাখিনি তেওঁ প্ৰত্যাখ্যান কৰক।” এইদৰে আজি খোৱাঙত বিধায়ক চক্ৰধৰ গগৈৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই লুৰীণজ্যোতি গগৈৰ বিৰুদ্ধে
সোচ্চাৰ হৈ পৰা পৰিলক্ষিত হয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক। প্ৰতিকূল বতৰৰ মাজতে লেপেটকটাৰ পূজা ফিল্ডত উপস্থিত হৈ মুখ্যমন্ত্ৰী গৰাকীয়ে ভাষণত লক্ষ্য কৰি লয় বিৰোধী মিত্ৰদলৰ প্ৰাৰ্থী লুৰীণজ্যোতি গগৈক । লুৰীণজ্যোতি গগৈয়ে বিধায়ক হৈ বিয়া পাতিব । লুৰীণজ্যোতিয়ে খোৱাঙৰ উন্নতি একো নকৰে । চক্ৰধৰ গগৈ জিকিলে চেচুঘাটৰ দলং নিৰ্মাণ কৰাৰ লগতে খোৱাঙৰ বাট-পথ সমূহ পকী কৰি দিম বুলি আশ্বাস প্ৰদান কৰে মুখ্যমন্ত্ৰীয়ে।