...

ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ অসম বিধানসভা নিৰ্বাচন-২০২৬ৰ ইস্তাহাৰত কি আছে?

Spread the love

ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ অসম বিধানসভা নিৰ্বাচন-২০২৬ৰ ইস্তাহাৰত কি আছে?

ভাৰতীয় জাতীয় কংগ্ৰেছ দলে আজি আনুষ্ঠানিকভাৱে ‘ৰাইজৰ ইস্তাহাৰ’ মুকলি কৰিছে। অসমৰ ৰাইজৰ পৰামৰ্শৰ ভিত্তিত প্ৰস্তুত কৰা হোৱা কংগ্ৰেছ দলৰ ইস্তাহাৰত আছে অসমখনক প্ৰকৃতাৰ্থত পৰিৱৰ্তন কৰিব পৰা বাস্তৱসন্মত পৰিকল্পনা। এই পৰিকল্পনা কেৱল ঘোষণা বা প্ৰতিশ্ৰুতি নহয়। এয়া বাস্তৱায়িত কৰাৰ গেৰাণ্টী কংগ্ৰেছ দলে অসমৰ জনতাক দিছে। ১০০ দিনৰ ভিতৰত প্ৰাণৰ শিল্পী জুবিন গাৰ্গক ন্যায় প্ৰদানৰ ব্যৱস্থা কৰাৰ লগতে কংগ্ৰেছ দলৰ এই ইস্তাহাৰত আস্থা স্থাপনৰ বাবে ১০০ দিনৰ ভিতৰত আৰু ৫টা বিশেষ কাম সম্পূৰ্ণ কৰাৰ কথা ঘোষণা কৰা হৈছে। ইয়াৰ পিছত ১ বছৰৰ ভিতৰত ব্যৱস্থাসমূহ গঢ়ি তোলা আৰু ৫ বছৰৰ ভিতৰত ৰূপান্তৰ সাধন কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে।

➡️ এই অনুযায়ী প্ৰথম ১০০ দিনৰ ভিতৰত সম্পূৰ্ণ কৰিবলগীয়া ৫টা কাম হৈছে—
(১) ৰাজ্যৰ আৰ্থিক অৱস্থাৰ ওপৰত শ্বেতপত্র প্রকাশ আৰু দুর্নীতি-বিৰোধী আয়োগ গঠন।
(২) স্বচ্ছ ভূমি অভিলেখ, ৰাজহ আৰু আহৰণ প্রণালী।
(৩) স্থানীয় লোকৰ বাবে ‘চাকৰি আৰু ঠিকা’ত অগ্ৰাধিকাৰ।
(৪) প্ৰাথমিকতাৰ ভিত্তিত বান-সাহায্য আৰু গৰাখহনীয়া প্ৰতিৰোধমূলক কাম আৰম্ভ।
(৫) চিকিৎসালয় আৰু বিদ্যালয়ৰ খালী পদসমূহ পূৰণৰ বাবে ক্ষিপ্র নিযুক্তি প্রক্রিয়া।

➡️ চৰকাৰ গঠনৰ ১ বছৰৰ ভিতৰত ব্যৱস্থাসমূহ গঢ়ি তোলা হ’ব। এই ব্যৱস্থাসমূহ হৈছে —
(১) পঞ্চায়তী ৰাজ প্রতিষ্ঠানসমূহক নিশ্চয়তাপ্রাপ্ত বার্ষিক অনুদান আৰু জবাবদিহিতামূলক ড্যাশব’র্ড ব্যৱস্থা।
(২) জিলা পর্যায়ত একক নাগৰিক সেৱা কেন্দ্র স্থাপন।
(৩) আৰক্ষী সংস্কাৰ আৰু দুর্নীতি, ভূমি আৰু মহিলা সুৰক্ষা সম্পৰ্কীয় গোচৰৰ বাবে দ্রুত বিচাৰ আদালত স্থাপন।
(৪) এম.এছ.এম.ই. ক্লাষ্টাৰ আৰু উদ্যোগিতা অভিযান স্থাপন।
(৫) জিলা চিকিৎসালয়সমূহ উন্নীতকৰণ আৰু ডিজিটেল শ্রেণীকক্ষ বিস্তাৰ।

➡️ একেদৰে ৫ বছৰৰ ভিতৰত ৰূপান্তৰ সাধন কৰাৰ লক্ষ্য লোৱা হৈছে। সেয়া হৈছে —
(১) সাফল্যৰ প্রতিবেদনসহ সম্পূর্ণ বিকেন্দ্রীকৃত আৰু কার্যক্ষমতাৰ সৈতে সংযুক্ত শাসন ব্যৱস্থা।
(২) সকলো চৰকাৰী সেৱাৰ বাবে একত্রিত আৰু সম্পূৰ্ণ ডিজিটেল শাসন ব্যৱস্থা।
(৩) সার্বজনীন স্বাস্থ্যসেৱাৰ সুবিধা আৰু বিদ্যালয়ত ১০০% নামভর্তি নিশ্চিত কৰা।
(৪) বান আৰু ভূমিক্ষয়ৰ সামগ্রিক প্রভাৱ উল্লেখযোগ্যভাৱ হ্রাস কৰা।
(৫) আয় দুগুণ কৰা আৰু স্থায়ী নিয়োগ বৃদ্ধিৰ ধাৰা নিশ্চিত কৰা।

➡️ আনহাতে, ইস্তাহাৰত থকা মূল সংকল্প আৰু ঘোষণাসমূহ তলত চমুকৈ উল্লেখ কৰা হ’ল—

(১) মহিলাসকলৰ বাবে ৫ গেৰাণ্টীত কৰা ঘোষণাৰ উপৰিও কংগ্ৰেছ দলে পুৰুষসকলকো সামৰি ল’ব পৰাকৈ ‘কর্মযোগী উদ্যোগী’ৰ কথা ঘোষণা কৰিছে। ইয়াৰ জৰিয়তে ‘অসম যুৱ উদ্যোগী ডেঞ্চাৰ ফাণ্ড’ৰ অধীনত প্ৰথমবাৰৰ বাবে ষ্টার্টআপ আৰম্ভ কৰাসকলৰ সহায়ৰ বাবে ১,০০০ কোটি টকাৰ পুঁজি ধাৰ্য কৰা হ’ব। “উদ্যমী কার্ড”ৰ অধীনত প্ৰথম প্ৰজন্মৰ উদ্যোগীসকলৰ বাবে কোনো বন্ধকী নোহোৱাকৈ ৪% সুতত ১০ লাখ টকালৈকে ঋণ প্ৰদান কৰা হ’ব। অতি কম সময়ৰ ভিতৰত (৭২ ঘণ্টাতকৈও কম) ক্ষুদ্র ব্যৱসায় আৰম্ভ আৰু পঞ্জীয়ন কৰিবলৈ এক সৰল ডিজিটেল ব্যৱস্থা গঢ়ি তোলা হ’ব। অসমৰ অতি ক্ষুদ্র উদ্যোগীসকলৰ সামগ্ৰী গোলকীয় ই-কমার্চ প্লেটফর্মত বিনামূলীয়াকৈ সুচীবদ্ধ কৰিবলৈ আৰু কোনো কমিছন নোহোৱাকৈ বিক্ৰী কৰিবলৈ ‘ডিজিটেল বজাৰ সেতু’ নিৰ্মাণ কৰা হ’ব।

(২) কৰ্মচাৰীসকলৰ বাবে উন্নত বাসস্থান, স্বাস্থ্যসেৱা আৰু কল্যাণমূলক সমর্থন। কৰ্মচাৰীৰ অধিকাৰ সুৰক্ষিত কৰিবলৈ সময়মতে পদোন্নতি আৰু স্বচ্ছ বদলিকৰণ নীতি নিশ্চিত কৰা।

(৩) গৃহ নিৰ্মাণ, ৰেচন আৰু স্বাস্থ্য আঁচনিৰ ক্ষেত্ৰত বিধৱা মহিলাসকলক অগ্রাধিকাৰ। আইনী অধিকাৰ, সম্পত্তিৰ বিবাদ আৰু চৰকাৰী আঁচনিৰ ক্ষেত্ৰত সহায় কৰিবলৈ বিশেষ ‘সঁহাৰি কোষ’। বিধৱা মাতৃৰ সন্তানৰ বাবে বিনামূলীয়া হোষ্টেল আৰু শিক্ষাৰ সুবিধা। বিশেষ স্বাস্থ্য শিবিৰ আৰু মানসিক স্বাস্থ্য সেৱাৰ ব্যৱস্থা কৰা হ’ব।

(৪) আৰক্ষী জোৱানসকলৰ বাবে সপ্তাহত এদিন বাধ্যতামূলক ছুটীৰ নীতি। আৰক্ষীৰ সকলো খালী পদ নির্দিষ্ট সময়ৰ ভিতৰত পূৰণ কৰা। চাইবাৰ অপৰাধ, ফৰেনছিক আৰু সংগঠিত অপৰাধৰ বাবে আধুনিক প্রশিক্ষণ একাডেমী।

(৫) অসমীয়া সংবাদ জগতত সেৱা আগবঢ়োৱা স্বীকৃত সাংবাদিকসকলক ৰাজসাহায্যযুক্ত ভূমি প্রদান। সংবাদ মাধ্যমৰ ওপৰত থকা একচেটিয়া আধিপত্য আৰু প্ৰভাৱশালী ৰাজনৈতিক পৰিয়াল বা ব্যৱসায়ী গোষ্ঠীৰ নিয়ন্ত্ৰণ ৰোধ কৰা।

(৬) অধিবক্তা আৰু আইনী কৰ্মচাৰীৰ বাবে ‘অধিবক্তা কল্যাণ পুঁজি’ গঠন। উচ্চ ন্যায়ালয় স্থানান্তৰৰ ফলত প্ৰভাৱিত হোরা অধিবক্তাসকলৰ যাতায়াত আৰু লজিষ্টিক খৰচ বহন কৰা। আদালতৰ কামকাজ ক্ষিপ্ৰ কৰিবলৈ জিলা আৰু সত্ৰ আদালতত ৫০০তকৈ অধিক জুডিচিয়াৰী ক্লার্ক নিযুক্তি দিয়া।

(৭) চিকিৎসক, স্বাস্থ্যকৰ্মীৰ কৰ্মৰ বোজা হ্রাস কৰিবলৈ স্বাস্থ্য আন্তঃগাঁথনি আৰু মানৱ সম্পদ বৃদ্ধি কৰা। NHM স্বাস্থ্যকর্মী, ১০৮ এম্বুলেন্স কৰ্মচাৰী, প্ৰাদেশীকৃত টিউটৰ আৰু P&RD কৰ্মচাৰীসকলৰ চাকৰি নিয়মীয়াকৰণ কৰা।

(৮) ঠিকাভিত্তিক শিক্ষকসকলৰ চাকৰি নিয়মীয়াকৰণ কৰা আৰু খালী পদসমূহ স্বচ্ছ প্রক্রিয়াৰে পূৰণ কৰা। শিক্ষাৰ মান উন্নত কৰিবলৈ শিক্ষকসকলৰ বাবে নিয়মীয়া প্ৰশিক্ষণৰ ব্যৱস্থা কৰা।

(৯) অট’, ই-ৰিক্সা আৰু টেক্সি চালকসকলৰ বাবে কল্যাণ ব’ৰ্ড গঠন আৰু দুর্ঘটনা বীমাৰ সুবিধা। ক্ষুদ্র দোকানীবোৰৰ বাবে সবল অনুজ্ঞাপত্ৰ আৰু কম সুতত ঋণৰ ব্যৱস্থা। পদপথৰ ব্যৱসায়ীৰ বাবে বৈধ বিক্রী অঞ্চল নিৰ্ধাৰণ আৰু জীৱিকাৰ সুৰক্ষা। ডেলিভাৰী বয় তথা আন গিগ কৰ্মীসকল উপকৃত হ’ব পৰাকৈ সামাজিক সুৰক্ষা (স্বাস্থ্য বীমা, দুর্ঘটনা বীমা) প্ৰদানৰ বাবে ‘গিগ ৱৰ্কাৰ কল্যাণ ব’ৰ্ড’ গঠন।

(১০) অসমৰ নগৰ আৰু চহৰসমূহক বিকাশ, কর্মসংস্থাপন আৰু মানসম্পন্ন জীৱনৰ মূল চালিকাশক্তিলৈ ৰূপান্তৰ কৰাই হ’ল কংগ্ৰেছৰ লক্ষ্য। গুৱাহাটী মহানগৰী তথা আন নগৰসমূহত যান-জঁট হ্রাস কৰিবলৈ ‘স্মার্ট পার্কিং নীতি’ প্ৰৱৰ্তন কৰা হ’ব। ২৪x৭ বিশুদ্ধ খোৱাপানী আৰু বিদ্যুৎ যোগান নিশ্চিত কৰা হ’ব। এক ব্যাপক ‘নগৰীয়া বান প্রশমন পৰিকল্পনা’ৰ জৰিয়তে চহৰৰ কৃত্রিম বানপানীৰ সমস্যা সমাধান কৰা হ’ব।

(১১) গুৱাহাটীকে ধৰি মুখ্য নগৰীয়া কেন্দ্ৰসমূহত সুলভ মূল্যৰ ভাড়াঘৰৰ সুবিধা কৰা হ’ব।

(১২) চাহ জনগোষ্ঠীৰ লগতে ৬ জনগোষ্ঠীৰ জনজাতিকৰণ কৰা হ’ব। বিটিটি (BTC), কার্বি আংলং (KAAC) আৰু ডিমা হাচাও (NC Hills) পৰিষদসমূহক অধিক বিত্তীয় আৰু প্রশাসনিক ক্ষমতাৰে শক্তিশালী কৰা হ’ব। বিভিন্ন কাৰণত উচ্ছেদিত হোৱা জনজাতীয় লোকসকলৰ পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰা হ’ব।

(১৩) জোষ্ঠ নাগৰিকসকলৰ বাবে মাহিলি ১,২৫০ টকাৰ পেঞ্চন আৰু এটা সুকীয়া মন্ত্রালয় গঠন কৰা হ’ব। বিশেষ আইনী আৰু আৰক্ষী সাহায্যৰ জৰিয়তে জ্যেষ্ঠ নাগৰিকৰ ওপৰত হোৱা নির্যাতন ৰোধ কৰা হ’ব।

(১৪) ৬ মাহৰ ভিতৰত চৰকাৰী পৰীক্ষাৰ ফলাফল আৰু ৩ মাহৰ ভিতৰত নিযুক্তিৰ ব্যৱস্থা কৰা হ’ব। ইয়াক আইনী বাধ্যবাধকতা কৰা হ’ব। চৰকাৰী ঠিকা লাভৰ ক্ষেত্ৰত অভিযান্ত্রিক স্নাতকসকলৰ বাবে এটা সুকীয়া অনুজ্ঞাপত্ৰৰ শ্ৰেণী (License category) আৰু সংৰক্ষিত কোটাৰ ব্যৱস্থা কৰা হ’ব। মেধাৰ প্ৰৱজন ৰোধ কৰিবলৈ থলুৱাভাৱে মর্যাদাপূর্ণ আৰু দীর্ঘস্থায়ী কৰ্মসংস্থাপনৰ সৃষ্টি কৰা হ’ব।

(১৫) সাংস্কৃতিক ক্ষেত্ৰত কাম কৰিব বিচৰা বা কৰি থকা যুৱক-যুৱতীসকলৰ বাবে “জুবিন গাৰ্গ ফেল’শ্বিপ” প্রৱর্তন কৰা হ’ব। অসমৰ শৈল্পিক প্রতিভাক বিকশিত কৰিবলৈ ‘জুবিন গাৰ্গ চেণ্টাৰ ফৰ এক্সেলেঞ্চ ফৰ আৰ্ট এণ্ড কালচাৰ’ স্থাপন কৰা হ’ব।

(১৬) চাহ শিল্পক অসমৰ মুখ্য উদ্যোগ হিচাপে পুনৰুজ্জীৱিত আৰু স্বীকৃতি প্ৰদান কৰা হ’ব আৰু সকলো চাহ শ্রমিকে ঔদ্যোগিক শ্রমিকৰ সৈতে সংগতি ৰাখি ঔদ্যোগিক নূন্যতম মজুৰিৰ লগতে আনুষংগিক সুবিধাসমূহ লাভ কৰাৰ অধিকাৰী হ’ব। চাহ বাগিচা অঞ্চলৰ ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়া স্কুল বাছৰ ব্যৱস্থা কৰা হ’ব। সকলো চাহ বাগিচা অঞ্চলত বিশুদ্ধ খোৱাপানী, শৌচাগাৰ, পথ আৰু বিদ্যুৎ সংযোগ নিশ্চিত কৰা হ’ব।

(১৭) অসম চৰকাৰৰ ঋণৰ বোজা হ্ৰাস কৰা হ’ব। ইয়াৰ বাবে প্ৰতি ছয় মাহৰ মূৰে মূৰে ৰাজ্যৰ বিত্তীয় অৱস্থাৰ ওপৰত এখন ‘শ্বেতপত্র’ প্ৰকাশ কৰা হ’ব। বিত্তীয় অনুশাসন আৰু ৰাজহুৱা ব্যয়ৰ সঠিক ব্যৱহাৰৰ জৰিয়তে দায়িত্বসহকাৰে অসমৰ ঋণৰ বোজা হ্রাস কৰা হ’ব। আঞ্চলিক স্বাৰ্থ সুৰক্ষিত কৰিবলৈ এক ‘উত্তৰ-পূব বিত্তীয় সমন্বয় টাস্ক ফ’ৰ্চ’ গঠন কৰা হ’ব।

(১৮) কোনো বিধায়কৰ নিকট আত্মীয়ক কোনো চৰকাৰী ঠিকা বা জনকল্যাণমূলক আঁচনিৰ আৱণ্টন দিয়া নহ’ব। ন্যায়িক তদাৰক আৰু হুইচলব্লাৱাৰৰ সুৰক্ষা নিশ্চিত কৰি এক স্বতন্ত্র দুর্নীতি বিৰোধী আয়োগ গঠন কৰা হ’ব।

(১৯) প্রতিটো খিলঞ্জীয়া জনগোষ্ঠীক সন্মান জনাই উমৈহতীয়া অসমীয়া পৰিচয় আৰু সংস্কৃতিক শক্তিশালী কৰাই হ’ল কংগ্ৰেছৰ লক্ষ্য। ১০ লাখ থলুৱা লোকৰ একচনীয়া পট্টাক ম্যাদী পট্টালৈ ৰূপান্তৰ কৰা হ’ব। বানপানী আৰু গৰাখহনীয়াৰ ফলত উচ্ছেদিত হোৱা পৰিয়ালসমূহক ৩ কঠাকৈ গ্রাম্য ভূমি প্রদান কৰা হ’ব।

(২০) অসমৰ অধিকাৰ আৰু সাংবিধানিক সুৰক্ষা কবচ নিশ্চিত কৰিবলৈ ‘অসম চুক্তি’ক সম্পূর্ণৰূপে মানি চলা আৰু কাৰ্যকৰী কৰা হ’ব। ষষ্ঠ অনুসূচী আৰু বনাঞ্চল অধিকাৰ আইনৰ অধীনত জনজাতীয় পৰম্পৰাগত ভূমি সুৰক্ষিত কৰা আৰু অবৈধ বেদখল ৰোধ কৰা হ’ব।

(২১) পুঁজিপতি গোষ্ঠীক দিয়া বৃহৎ পৰিমাণৰ ভূমি আৱণ্টনৰ (১০ বিঘা বা তাতকৈ অধিক) এছ.আই.টি (SIT) ৰ জৰিয়তে তদন্ত কৰা আৰু প্ৰয়োজন হ’লে সেই ভূমি পুনৰুদ্ধাৰ কৰি অসমৰ ভূমিহীন থলুৱা লোকৰ মাজত বিতৰণ কৰা হ’ব।

(২২) সত্ৰ আৰু নামঘৰসমূহৰ চোৱাচিতা তথা সাংস্কৃতিক কাৰ্যসূচীৰ বাবে বার্ষিক বিত্তীয় সাহায্য প্ৰদান কৰা হ’ব। মাজুলী, শিৱসাগৰ, নগাঁও, কাজিৰঙা, কোকৰাঝাৰ, কাৰ্বি আংলং, ধুবুৰী আৰু গোৱালপাৰাত ‘সাংস্কৃতিক আৰু ঐতিহ্য ক্ষেত্র’ গঢ়ি তোলা হ’ব।

(২৩) অসমক দেশৰ ভিতৰতে অন্যতম দ্রুতবেগী আৰু শক্তিশালী অর্থনীতি হিচাপে প্রতিষ্ঠা কৰাই হ’ল কংগ্ৰেছৰ লক্ষ্য। ৰাজ্যৰ ঐতিহ্যমণ্ডিত উদ্যোগ যেনে কাগজ কল (নগাঁও আৰু কাছাৰ), মৰাপাট কল, চেনী কল আৰু সাৰ কাৰখানাক অগ্রাধিকাৰ ভিত্তিত পুনৰুজ্জীৱিত কৰা হ’ব। আধুনিক ৰিলিং আৰু বয়ন কেন্দ্ৰৰ জৰিয়তে মুগা, এৰী আৰু পাটৰ উৎপাদন বৃদ্ধি কৰা হ’ব। উত্তৰ পাৰ (তেজপুৰ-ডিব্ৰুগড়) আৰু বৰাক উপত্যকাৰ বাবে বিশেষ ঔদ্যোগিক কৰিডৰ স্থাপন কৰা হ’ব।

(২৪) সকলো ব্যৱসায়িক প্ৰতিষ্ঠানৰ চাইনবৰ্ডত ৮০% বিষয়বস্তু অসমীয়া ভাষাত আৰু ২০% অন্যান্য ভাষাত লিখাটো বাধ্যতামূলক কৰা হ’ব।

(২৫) অসমক বিশ্বমানৰ শিক্ষাৰ সুবিধাৰে এক অগ্রণী শৈক্ষিক কেন্দ্র হিচাপে গঢ়ি তোলাই হ’ল কংগ্ৰেছৰ লক্ষ্য। অসমত অত্যাধুনিক এ.আই. (AI) প্রযুক্তিযুক্ত নতুন চৰকাৰী বিদ্যালয় প্রতিষ্ঠা কৰা হ’ব। স্থানীয় যুৱক-যুৱতীক নিযুক্তি দি অভিভাৱকৰ টিউচনৰ খৰচ হ্ৰাস কৰিবলৈ “টিউচন বাইদেউ” কাৰ্যসূচী আৰম্ভ কৰা হ’ব। “পঢ়িবা কার্ড”ৰ অধীনত উচ্চ শিক্ষাৰ বাবে ৪ শতাংশ সুতত ৫ লাখ টকালৈকে ঋণ প্ৰদান কৰা, যাৰ পৰিশোধ চাকৰি পোৱাৰ পাছতহে আৰম্ভ হ’ব।

(২৬) অসমক এক উচ্চ উপার্জনক্ষম, স্বাৱলম্বী আৰু প্রযুক্তি-চালিত কৃষি অর্থনীতি হিচাপে গঢ়ি তোলাই হ’ল কংগ্ৰেছৰ লক্ষ্য। প্রতিটো উন্নয়ন খণ্ডতে শস্য ক্রয় কেন্দ্ৰৰ সম্প্ৰসাৰণ কৰি মুখ্য শস্যসমূহৰ (ধান, মৰাপাট, সৰিয়হ, মাহজাতীয় শস্য, চাহ) বাবে নিশ্চিত নূন্যতম সমর্থন মূল্য (MSP) প্ৰদান কৰা হ’ব। কীটনাশক মুক্ত অঞ্চল গঠনৰ জৰিয়তে ১০ লাখ হেক্টৰ ভূমিত জৈৱিক কৃষিৰ প্ৰসাৰ ঘটোৱা হ’ব। অসম কৃষি বিশ্ববিদ্যালয় আৰু কৃষি বিজ্ঞান কেন্দ্ৰসমূহৰ জৰিয়তে কৃষি গৱেষণা শক্তিশালী কৰা হ’ব। পশুপালনৰ সৈতে জড়িত পৰিয়ালসমূহলৈ আর্থিক সাহায্য আৰু বীমা আঁচনি আগবঢ়োরা হ’ব।

(২৭) উপার্জন, স্থান বা সামাজিক পটভূমি নির্বিশেষে মানসম্পন্ন স্বাস্থ্যসেৱাক এক অধিকাৰ হিচাপে গঢ়ি তোলাই হ’ল কংগ্ৰেছৰ লক্ষ্য। সেয়ে প্ৰতিটো পৰিয়ালৰ বাবে ২৫ লাখ টকাৰ নগদহীন (Cashless) চিকিৎসা বীমাৰ সুবিধা আগবঢ়োৱা হ’ব। একেবাৰে ভিতৰুৱা অঞ্চলৰ স্বাস্থ্যসেৱা নিশ্চিত কৰিবলৈ ‘ভিলেজ ক্লিনিক’ আৰু ‘ম’বাইল মেডিকেল ইউনিট’ৰ সম্প্ৰসাৰণ কৰা হ’ব।

(২৮) জলবায়ু পৰিৱৰ্তনৰ প্ৰত্যাহ্বান নেওচিব পৰা আৰু এক পৰিৱেশ অনুকূল বহনক্ষম অসম গঢ়াই হ’ল কংগ্ৰেছৰ লক্ষ্য। নদী আৰু অৱবাহিকাৰ বৈজ্ঞানিক ব্যৱস্থাপনাৰ বাবে এক ‘ব্রহ্মপুত্র অৱবাহিকা আঁচনি’ ৰূপায়ণ কৰা হ’ব। জলাশয়সমূহ (দীপৰ বিল, চোন বিল আদি) পুনৰুজ্জীৱিত কৰা, বনাঞ্চল আৰু বন্যপ্রাণী কৰিডৰ সম্প্ৰসাৰণ কৰা আৰু পৰিৱেশ পৰ্যটনৰ প্ৰসাৰ ঘটোৱা হ’ব। বানপানী, খহনীয়া আৰু জলবায়ুজনিত জৰুৰীকালীন পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ এক উৎসর্গিত ‘জলবায়ু সহনশীল পুঁজি’ গঠন কৰা হ’ব। ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনী (SDRF) আৰু স্বেচ্ছাসেৱকসকলক অধিক শক্তিশালী কৰা হ’ব। ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনৈসমূহৰ ওপৰত নিৰ্মাণ হ’বলগীয়া সকলো নতুন দলঙৰ নক্সা জলবায়ু পৰিৱৰ্তনৰ প্ৰতি লক্ষ্য ৰাখি প্ৰস্তুত কৰা হ’ব।

▪️বেদব্ৰত বৰা, অধ্যক্ষ
সংবাদ মাধ্যম আৰু যোগাযোগ বিভাগ
অসম প্ৰদেশ কংগ্ৰেছ কমিটী
PR/APCC/M-26/0161

Leave a Reply

Your email address will not be published. Required fields are marked *