...

ডিব্ৰুগড় জিলাত সাধাৰণ পৰ্যবেক্ষকৰ নিৰ্বাচনী প্ৰস্তুতিৰ পৰ্যালোচনা

Spread the love

ডিব্ৰুগড় জিলাত সাধাৰণ পৰ্যবেক্ষকৰ নিৰ্বাচনী প্ৰস্তুতিৰ পৰ্যালোচনা

 

চাইন অন ডেস্ক:

অনাগত বিধানসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত ৯০ নং দুলীয়াজান, ৯১ নং টিংখং আৰু ৯২ নং নাহৰকটীয়া বিধানসভা সমষ্টিৰ বাবে নিয়োজিত সাধাৰণ পৰ্যবেক্ষক চিপহাং আৰ্থাৰ ৱৰচুইৱে (IAS) ১ এপ্ৰিল তাৰিখে ডিব্ৰুগড় জিলাত নিৰ্বাচনী প্ৰস্তুতিৰ এক ব্যাপক পৰ্যালোচনা চলায়।

দিনটোৰ কাৰ্যসূচীৰ অংশ হিচাপে, সাধাৰণ পৰ্যবেক্ষকগৰাকীয়ে ডিব্ৰুগড় জিলা আয়ুক্তৰ কাৰ্যালয়ৰ এন.আই.চি. (NIC) কনফাৰেন্স কক্ষৰ পৰা ভাৰতীয় নিৰ্বাচন আয়োগে আয়োজন কৰা এক ভিডিঅ’ কনফাৰেন্সত অংশগ্ৰহণ কৰে।

ইয়াৰ পাছতে সাধাৰণ পৰ্যবেক্ষকগৰাকীয়ে চৰকাৰী বালক উচ্চতৰ মাধ্যমিক বিদ্যালয়ত পোলিং বিষয়াসকলৰ বাবে স্থাপন কৰা কেন্দ্ৰীয় প্ৰশিক্ষণ কেন্দ্ৰ পৰিদৰ্শন কৰে য’ত প্ৰায় ২৬০ গৰাকী নিৰ্বাচনী বিষয়াই প্ৰশিক্ষণত অংশগ্ৰহণ কৰে। তেওঁ ই.ভি.এম. (EVM) আৰু ভি.ভি.প্যাট (VVPAT) পৰিচালনা, মক পোল (Mock Poll), ভি.ভি.প্যাট শ্লিপ পৰীক্ষণ, ছিলিং প্ৰক্ৰিয়া, শাৰী ব্যৱস্থাপনা, ভোটাৰ চিনাক্তকৰণ পদ্ধতি আৰু বিধিবদ্ধ নথিপত্ৰ প্ৰস্তুত কৰা আদি বিভিন্ন দিশসমূহ পৰ্যালোচনা কৰে।

তদুপৰি, পৰ্যবেক্ষকগৰাকীয়ে তিনিওটা বিধানসভা সমষ্টিৰ বাবে ই.ভি.এম. কমিচনিং প্ৰক্ৰিয়া আৰু ষ্ট্ৰং ৰুমৰ ব্যৱস্থাসমূহৰ এক পুংখানুপুংখ পৰিদৰ্শন চলায়। ৰিটাৰ্ণিং বিষয়া (RO) / সহকাৰী ৰিটাৰ্ণিং বিষয়া (ARO), বি.ই.এল. (BEL) / ই.চি.আই.এল. (ECIL)-ৰ অভিযন্তাসকল, ৰাজনৈতিক দলৰ প্ৰতিনিধি আৰু কৰ্তব্যৰত বিষয়াসকলৰ উপস্থিতিত এই পৰিদৰ্শন সম্পন্ন হয়। কমিচনিং ৰেজিষ্টাৰ, চীল লিষ্টৰ দৰে সকলো নথিপত্ৰ সঠিকভাৱে আপডেট কৰা হৈছে নে নাই সেয়া নিশ্চিত কৰে।

কমিচনিং সম্পন্ন হোৱা ই.ভি.এম.সমূহ থকা ষ্ট্ৰং ৰুমসমূহো তেওঁ পৰিদৰ্শন কৰে আৰু ২৪ ঘণ্টা চিচিটিভি (CCTV) নিৰীক্ষণ তথা প্ৰৱেশ-প্ৰস্থানৰ সঠিক ৰেকৰ্ড ৰখাৰ দৰে নিৰাপত্তা ব্যৱস্থাসমূহৰো বুজ লয়।

Leave a Reply

Your email address will not be published. Required fields are marked *