নৃত্যশিল্পী প্ৰিয়া তামুলীলৈ বৰ বিহুৱতী -২০২৬ সন্মান
লুইত পৰীয়া লোক সাংস্কৃতিক কলা কেন্দ্ৰৰ
চাইন অন ডেস্ক:
ডিব্ৰুগড় জিলাৰ খলিহামাৰীৰ নিবাসী পিতৃ কৃষ্ণ তামুলী আৰু মাতৃ জিনা তামুলীৰ এক মাত্ৰ কন্যা প্ৰিয়া তামুলীক ডিব্ৰুগড় জিলাৰ অন্যতম লুইত পৰীয়া লোক সাংস্কৃতিক কলা কেন্দ্ৰই বৰবিহুৱতী -২০২৬ সন্মান প্ৰদান কৰে। উল্লেখ্য যে তিনি বছৰ বয়সৰ পৰাই প্ৰিয়া
তামুলীয়ে বিহু নাচ, বিহু নাম মৌ কোঁৱৰী, বিহুৱতী আৰু সৌন্দৰ্য প্ৰতিযোগিতাত অংশ গ্ৰহন কৰি কাৰেং অসম ২০২৩ বৰ্ষত আৰু বিভিন্ন মঞ্চত সৌন্দৰ্য প্ৰতিযোগিতাত প্ৰথম স্থান অধিকাৰ কৰি অঞ্চললৈ সুনাম কঢ়িয়া আনিবলৈ সক্ষম হৈছে। বিহু নাচৰ শ্ৰেষ্ঠ নাচনী বটাঁ ২০১৫ বৰ্ষ, ব্ৰক্ষ্মপুত্ৰ ফাউণ্ডেচন প্ৰতিভা বটাঁ ২০১৫ বৰ্ষ, শ্ৰেষ্ঠ মৌ কোঁৱৰী ২০১৬ বৰ্ষ, শ্ৰেষ্ঠ বিহুৱতী ২০১৮, ২০১৯, ২০২০ আৰু ২০২১ বৰ্ষত বিভিন্ন বিহু মঞ্চত অধিকাৰ পাবলৈ সক্ষম হৈছে। আজি লুইত পৰীয়া লোক সাংস্কৃতিক কলা কেন্দ্ৰৰ তৰফৰ পৰা বৰ বিহুৱতী ৩১ মাৰ্চ ২০২৬ সন্মান প্ৰদান কৰে।
Like this:
Like Loading...