...

এশ দিনৰ ভিতৰত জুবিন গাৰ্গক ন্যায় প্ৰদানৰ প্ৰতিশ্ৰুতি

Spread the love

এশ দিনৰ ভিতৰত জুবিন গাৰ্গক ন্যায় প্ৰদানৰ প্ৰতিশ্ৰুতি

ডিব্ৰুগড়ত লুৰীণজ্যোতি গগৈৰ নিৰ্বাচনী প্ৰচাৰ প্ৰিয়ংকা গান্ধীৰ

চাইন অন ডেস্ক:

অসমত কংগ্ৰেছ নেতৃত্বাধীন বিৰোধী মিত্ৰজোঁটৰ চৰকাৰ গঠন হ’লে এশ দিনৰ ভিতৰত ন্যায় প্ৰদান কৰা হ’ব প্ৰাণৰ শিল্পী জুবিন গাৰ্গক। আজি ডিব্ৰুগড় বৰবৰুৱাত অনুষ্ঠিত বিৰোধী মিত্ৰজোঁটৰ বিশাল নিৰ্বাচনী জনসভাত অংশগ্ৰহণ কৰি এই প্ৰতিশ্ৰুতি প্ৰদান কৰিছে কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীয়ে। নাজিৰা, টিংখাং আৰু খোৱাং সমষ্টিৰ প্ৰাৰ্থীসকলৰ হৈ অনুষ্ঠিত কৰা নিৰ্বাচনী সভাত নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদিকা প্ৰিয়ংকা গান্ধীয়ে উপস্থিত থাকি জুবিন গাৰ্গ সম্পৰ্কত প্ৰিয়ংকা গান্ধীয়ে কয়, মই সঁচা কথা ক’বলৈ গ’লে জুবিন গাৰ্গৰ বাবে একো জনা নাছিলোঁ। জুবিনৰ মৃত্যুৰ পাছতহে মই তেওঁৰ বিষয়ে জানিবলৈ চেষ্টা কৰিছিলোঁ। তেওঁৰ মৃত্যুৰ সময়ত প্ৰতিগৰাকী অসমীয়াই কান্দিছিল। জুবিনৰ গান, চৰ্চা, আলোচনা আদিৰ লগতে তেওঁৰ বিষয়ে অধ্যয়ন কৰাৰ পাছতহে জুবিনক চিনি পাবলৈ চেষ্টা কৰিছিলোঁ। জুবিন গাৰ্গ প্ৰকৃতাৰ্থত অসমীয়া জাতিৰ কন্ঠ আছিল। আধুনিক অসমীয়া সংস্কৃতিক উত্তৰণৰ দিশত আগুৱাই নিয়া মূল কাণ্ডাৰী আছিল জুবিন গাৰ্গ। চৰকাৰক কোনোদিন ভয় কৰা নাছিল। সাহসেৰে জনতাৰ স্বাৰ্থত বলিষ্ঠভাৱে মাত মাতিছিল। সঁচা কথা ক’বলৈ ভয় নকৰা জনতাৰ শিল্পী আছিল জুবিন গাৰ্গ। একেটা ভাষণ প্ৰসংগত প্ৰিয়ংকা গান্ধীয়ে লগতে কয় যে, ৰাজ্যত অভাৱনীয়ভাৱে মূল্যবৃদ্ধি হৈছে, কিন্তু চাহ বাগিচাৰ শ্ৰমিকৰ মজুৰী বৃদ্ধি নহ’ল। বাগিচাৰ শ্ৰমিকসকল নূন্যতম সা-সুবিধাখিনিও পোৱা নাই। জনজাতিকৰণৰ মৰ্যাদা নিদিলে। পা‌ঁচ বছৰ প্ৰতিশ্ৰুতি পালন নকৰিলে। ভ্ৰষ্টাচাৰ চৰকাৰ চলাই নিজৰ সুবিধা আদায় কৰি ল’লে, কিন্তু জনতাৰ কোনো উপকাৰ নকৰিলে। এই নিৰ্বাচনী যুঁজ সাধাৰণ নিৰ্বাচনী যুঁজ নহয়। এই যুঁজ অসমৰ মানুহৰ স্বাধীনতাৰ যুঁজ। বিজেপিয়ে ভয়-ভাবুকিৰে চৰকাৰ চলোৱাৰ অভিযোগ উত্থাপন কৰি কয়, ভয়-ভাবুকি দি বিজেপিৰ সভাত মাতি লৈ যায় মহিলাক। আমাৰ চৰকাৰ আহিলে এনেকুৱা কৰিব নোৱাৰিব। আমি ঘৰত বহি মহিলাৰ বেংক একাউন্টত চৰকাৰী ধন দিয়াৰ ব্যৱস্থা কৰিম।জনতাই অধিকাৰ বিচাৰিলে, মাত মাতিলে ভয় ভাবুকি দিয়ে। জেলত পঠোৱাৰ ভয় দেখোৱায়। আজি অসমত ভয়াতুৰ চৰকাৰ চলি আছে। ভয়াতুৰহে জনতাক ভয় কৰে। ভয়াতুৰে ভয়-ভাবুকি দি ৰাজত্ব চলায়। আনহাতে যিদিনাই জনতাই প্ৰশ্ন কৰিব সেইদিনাই দেশত ভয়াতুৰ চৰকাৰ নাথাকিব। মোদীয়ে অসমৰ জনতাক গোলামীত থকাটো বিচাৰে। এইখন ৰাজ্য সাহসী বীৰৰ ৰাজ্য। নিজৰ অস্তিত্ব, সংস্কৃতি সুৰক্ষাৰ বাবে আমি যুজিব লাগিব। সংস্থাপন, শিক্ষা আপোনাৰ অধিকাৰ আছে। মূল্যবৃদ্ধি হ্ৰাস পোৱাটো আপোনাৰ অধিকাৰ। কিন্তু এই সকলোবোৰ অধিকাৰ বিজেপি চৰকাৰে কাঢ়ি নিছে। গণতান্ত্ৰিক দেশত জনতাতকৈ ডাঙৰ কোনো নাই। প্ৰধানমন্ত্ৰীয়েই হওক বা মুখ্যমন্ত্ৰীয়েই হওক। কংগ্ৰেছ মিত্ৰজোঁটৰ চৰকাৰ গঠন হ’লে নিবনুৱাক স্বাৱলম্বীতাৰ বাবে ৫০ হাজাৰ টকা, ২৫ লাখ টকালৈ বিনামূলীয়া চিকিৎসাৰ ব্যৱস্থা, ১০০ দিনৰ ভিতৰত জুবিন গাৰ্গৰ ন্যায়, ১০ লাখ ভূমিপুত্ৰক স্থায়ী ভূমি পট্টা প্ৰদান কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে। নিৰ্বাচনী সভাত ভাষণ প্ৰদান কৰি প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে কয়, অসমক উদ্ধাৰ কৰিবলৈ হ’লে ৯ এপ্ৰিলত উৎখাত কৰিব লাগিব হিমন্ত বিশ্ব শৰ্মাক। পূৰ্বে তৰুণ গগৈক বিশ্বাসঘাটকতা কৰি বিজেপিত আহি সৰ্বানন্দ সোণোৱালক বিশ্বাসঘাটকতা কৰিলে। অসমৰ ছয় জনগোষ্ঠীক জনজাতিকৰণৰ ক্ষেত্ৰত বিশ্বাসঘাটকতা কৰিলে। গৰু চোৰ, পানী চোৰ আৰু কয়লা চোৰৰ চৰকাৰ থাকিলে অসম উন্নয়ন হ’ব নোৱাৰে বুলি সমালোচনা কৰে। ইফালে ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে ভাষণত কয়, এইবাৰ অসমীয়া জাতীয়তাবাদ আৰু হিন্দু সাম্প্ৰদায়িতকাবাদৰ মাজত যুজ হ’ব। অসমীয়া জাতীয়তাবাদ জিকিব লাগিব এই যুঁজখনত। এইবাৰ আমি তিনি গগৈ লগ হৈছোঁ। তিনি গগৈৰ চৰকাৰ হ’ব এইবাৰ। ইফালে উপস্থিত ৰাইজক অখিল গগৈয়ে পাঠ কৰোৱালে শপতবাক্য। অসম জাতীয় পৰিষদৰ সভাপতি তথা খোৱাং সমষ্টিৰ বিজেপি প্ৰাৰ্থী লুৰীণজ্যোতি গগৈয়ে উদ্দাত্ত কন্ঠেৰে ভাষণ প্ৰদান কৰি কয়, অসমৰ মানুহৰ সুৰক্ষিত ভৱিষ্যত, সাম্প্ৰদায়িক শক্তিক উৎখাত কৰিবলৈ আমি আশীৰ্বাদ বিচাৰিছোঁ। পৰিৱৰ্তনৰ ঢৌ খোৱাঙৰ পৰা আৰম্ভ হৈছে। এই পৰিৱৰ্তনৰ ঢৌৱে ছুনামিৰ সৃষ্টি কৰিব। আমি সকলোৱে মিলি গৌৰৱ গগৈক মুখ্যমন্ত্ৰী বনাম। আমি সকলোৱে মিলি নতুন অসম গঢ়িম। হিমন্ত বিশ্ব শৰ্মাৰ ভ্ৰষ্টাচাৰৰ নীতিক ওফৰাই দিম। অসম জাতীয় পৰিষদৰ সাধাৰণ সম্পাদক চিত্তৰঞ্জন বসুমতাৰীয়ে আঁত ধৰা নিৰ্বাচনী সভাৰ মঞ্চত একেলগে দেখা গ’ল তিনি গগৈক। ডিব্ৰুগড়ৰ বৰবৰুৱা পূজা ফিল্ডৰ পৰাই গৌৰৱ গগৈ, অখিল গগৈ আৰু লুৰীণজ্যোতি গগৈয়ে প্ৰদৰ্শন কৰিলে শক্তি। প্ৰিয়ংকা গান্ধীৰ সন্মুখতে লুৰীণজ্যোতি গগৈয়ে গৌৰৱ গগৈক মুখ্যমন্ত্ৰী পতাৰ কথা আনুষ্ঠানিকভাৱে ঘোষণা কৰে। প্ৰায় ৩০ সহস্ৰাধিক লোকৰ উপস্থিতিত অনুষ্ঠিত কৰা নিৰ্বাচনী সভাত ছত্তিশগড়ৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ভূপেশ বাঘেল, প্ৰদেশ কংগ্ৰেছৰ তত্বাৱধায়ক জিতেন্দ্ৰ সিং, প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী পৱনসিং ঘাটোৱাৰ, ঝাৰখণ্ডৰ কৃষি মন্ত্ৰী শিল্পী নেহা তিৰ্কী, কংগ্ৰেছ নেতা বন্ধু তিৰ্কী, ডিব্ৰুগড়ৰ অজাপ প্ৰাৰ্থী মৈনাক পাত্ৰ, চাবুৱা-লাহোৱাল সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী প্ৰাঞ্জল ঘাটোৱাৰকে ধৰি ভালেসংখ্যক কংগ্ৰেছ নেতৃত্ব উপস্থিত থাকে।

Leave a Reply

Your email address will not be published. Required fields are marked *