...

বালিপৰাত আমছুৰ নেতাসহ ১৯ জনৰ বিজেপিত যোগদান

Spread the love

বালিপৰাত আমছুৰ নেতাসহ ১৯ জনৰ বিজেপিত যোগদান

কংগ্ৰেছৰ কল্পনা বৰুৱাৰ লগতে বিভিন্ন দল-সংগঠনৰ মুঠ ১৯ জন

বালিপৰা:

শোণিতপুৰৰ ৬৮ নং ৰঙাপৰা বিধানসভা সমষ্টিত অব্যাহত আছে নিৰ্বাচনী প্ৰচাৰ আৰু যোগদান প্ৰক্ৰিয়া । আজি বিজেপিৰ বালিপৰা ব্লক মণ্ডল কাৰ্যালয়ত অনুষ্ঠিত এক যোগদান অনুষ্ঠানত আমছুৰ নেতা ছফিকুল ইছলামৰ লগতে অন্য ৫ জন সদস্য, কংগ্ৰেছ দলৰ কল্পনা বৰুৱাৰ লগতে বিভিন্ন দল-সংগঠনৰ পৰা সৰ্বমুঠ ১৯ জনকৈ লোকে আনুষ্ঠানিকভাৱে বিজেপিত যোগদান কৰে । যোগদান অনুষ্ঠানত ভাষণ প্ৰসংগত ৰঙাপৰাৰ বিজেপি প্ৰাৰ্থী কৃষ্ণ কমল তাঁতী আৰু বিহালীৰ প্ৰাক্তন বিধায়ক দিগন্ত ঘাটোৱাৰে কয় যে বিজেপি নেতৃত্বাধীন চৰকাৰখনে অসমত সকলো শ্ৰেণীৰ ৰাইজৰ সৰ্বাংগীণ উন্নয়নৰ হকে অৰুণোদয়, উদ্যমিতা আদি বিভিন্ন আঁচনি ৰূপায়ণ কৰিছে আৰু এইবোৰৰ লাভালাভ ৰাইজে ভোগ কৰিবলৈ সক্ষম হৈছে । কংগ্ৰেছৰ দিনৰ কেৱল সূত-কম্বল, স্বজন-তোষণৰ ৰাজনীতিয়ে কৰা হৈছিল । আজি অসমত বাট-পথ ,শিক্ষা,স্বাস্থ্য আদি সকলো দিশত ক্ষিপ্ৰ গতিত উন্নয়ন সম্ভৱপৰ হৈছে । ৰাইজে এইবাৰ নিৰ্বাচনত বিজেপিক পুনৰবাৰ সংখ্যাগৰিষ্ঠতা প্ৰদান কৰি বিজেপি চৰকাৰ প্ৰতিষ্ঠা কৰিব ,সেয়া নিশ্চিত । ” অনুষ্ঠানটোত বালিপৰা মণ্ডল বিজেপিৰ সভাপতি দীপন সিংহা, বিজেপি নেতা ধ্ৰুৱ প্ৰসাদ কুৰ্মীৰ লগতে ভালেমান দলীয় কাৰ্যকৰ্তা উপস্থিত থাকে ।

Leave a Reply

Your email address will not be published. Required fields are marked *