...

ঢেকীয়াজুলিত বিজেপিৰ নিৰ্বাচনী ৰণডংকা

Spread the love

ঢেকীয়াজুলিত বিজেপিৰ নিৰ্বাচনী ৰণডংকা

জনসমুদ্ৰত পৰিণত বাগিছাৰ খেলপথাৰ

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ বিশাল জনসভা

চাইন অন ডেস্ক:

সম্প্ৰতি নিৰ্বাচনী বতাহে গৰম কৰি তুলিছে ৰাজ্যৰ ৰাজনীতি। কি বিজেপি, কি কংগ্ৰেছ, কি অগপ,কি ৰাইজৰ দল,কি জাতীয় পৰিষদ,কি এআইডিইউএফ,কি নিৰ্দলীয় – এতিয়া সকলো নিৰ্বাচনী প্ৰচাৰত ব্যস্ত। ইয়াৰ মাজতে আজি ঢেকীয়াজুলি বিধানসভা সমষ্টিত শাসকীয় বিজেপি দলে বিশাল জনসভাৰ আয়োজন কৰি নিৰ্বাচনী ৰণডংকা তথা শক্তি প্ৰদৰ্শন কৰিলে ৷ দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহে বিজেপি মনোনীত প্ৰাৰ্থী অশোক সিংহলৰ সমৰ্থনত বিশাল নিৰ্বাচনী জনসভা সম্বোধন কৰিবলৈ শ্বহীদ তীৰ্থ ঢেকীয়াজুলিত উপস্থিত হয় ৷ ইয়াকে লৈ জনসমুদ্ৰত পৰিণত হ’ল ঢেকীয়াজুলি চাহ বাগিছাৰ খেলপথাৰ। আজি বিশেষ চৰ্চা লাভ কৰা গেৰুৱা বাহিনীৰ এই সভাত হাজাৰ হাজাৰ বিজেপি সমৰ্থকৰ সমাগম ঘটে। সিফালে
ভাষণ প্ৰসংগত বিজেপিৰ জেষ্ঠ্য নেতাগৰাকীয়ে কয় – “মই মোৰ বন্ধু অশোক সিংহলক জিকাবলৈ ঢেকীয়াজুলিত আহিছো।” ৰাইজক অবৈধ অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে ভোট দিবলৈ আৰু গৌৰৱ গগৈ আহিলে এচ আৰ কিয় বিৰোধিতা কৰি আছে তাক সুধিবলৈও তেওঁ আহবান জনায় ৷ কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে ভাষণত লগতে উল্লেখ কৰে যে বিজেপি চৰকাৰ অহাৰ পাছত অসমত সন্ত্ৰাসবাদ নোহোৱা হ’ল। বটদ্ৰৱাত আমি বেদখলকাৰীক উচ্ছেদ কৰিলোঁ। নৰেন্দ্ৰ মোদী চৰকাৰে ভাৰতৰত্ন প্ৰদান কৰিলে ড° ভূপেন হাজৰিকাক। দেশৰ সুৰক্ষা কংগ্ৰেছৰ বাবে বিষয় নহয়। মই ইয়াত গৌৰৱ গগৈক প্ৰশ্ন কৰিব বিচাৰিছো – অসম আন্দোলনৰ শ্বহীদৰ স্মাৰক কিয় নবনালে কংগ্ৰেছে ? যেতিয়া আপোনাৰ দেউতা মুখ্যমন্ত্ৰী আছিল, কেন্দ্ৰই অসমক কিমান টকা দিছিল ? এনেকৈ কংগ্ৰেছ আৰু গৌৰৱ গগৈৰ বিৰুদ্ধে আক্ৰমণাত্মক ৰূপত দেখা গ’ল গৃহমন্ত্ৰী অমিত শ্বাহক। উল্লেখ্য যে নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ঢেকীয়াজুলিত এতিয়া মূলতঃ বিজেপি আৰু কংগ্ৰেছৰ মাজৰ যুঁজখন তীব্ৰতৰ হৈ পৰিছে। আজি বিজেপিৰ এই বিশাল জনসভাই তৃতীয়বাৰৰ বাবে প্ৰাৰ্থিত্ব লাভ কৰা অশোক সিংহলৰ নিৰ্বাচনী যাত্ৰাত এক নতুন মাত্ৰা প্ৰদান কৰিলে।

Leave a Reply

Your email address will not be published. Required fields are marked *