...

ঢকুৱাখনা সমষ্টিত সমুখ সমৰত নৱ-আনন্দ

Spread the love

ঢকুৱাখনা সমষ্টিত সমুখ সমৰত নৱ-আনন্দ

 

শাসক-বিৰোধীৰ নিৰ্বাচনী প্ৰচাৰ অভিযান তুংগত

ঢকুৱাখনা:

অহা ৯ এপ্ৰিলত অনুষ্ঠিত হ’ব বিধানসভা নিৰ্বাচন। ইতিমধ্যে এই নিৰ্বাচনক লৈ প্ৰতিটো ৰাজনৈতিক দলেই নিৰ্বাচনী প্ৰচাৰত নামি পৰিছে।৭৭ নং ঢকুৱাখনা বিধানসভা সমষ্টিত বিজেপি আৰু বিৰোধী কংগ্ৰেছ দলে ব্যাপক নিৰ্বাচনী তৎপৰতা আৰম্ভ কৰা দেখিবলৈ পোৱা গৈছে।ইতিমধ্য শাসক-বিৰোধী দুয়োটা শিবিৰে সমষ্টিৰ চুকে-কোণে সোমাই প্ৰচাৰ চলোৱা পৰিলক্ষিত হৈছে। গুৰুত্বপূৰ্ণ সমষ্টিটোত বিজেপি দলে পুনৰবাৰ নৱ কুমাৰ দলেক প্ৰাৰ্থিত্ব প্ৰদান কৰাৰ পাছত দলীয় নেতা-কৰ্মীসকলৰ মাজত ব্যাপক উৎসাহ উদ্দীপনা বৃদ্ধি পাইছে।চতুৰ্থ বাৰৰ বাবে বিধায়কৰ আসনখনৰ বাবে ভোট যুদ্ধত অৱতীর্ণ হোৱা বিজেপি , অগপ আৰু গণশক্তি মিত্ৰজোঁটৰ প্ৰাৰ্থী নৱ কুমাৰ দলেয়ে
মাৰাথান নির্বাচন প্রচাৰ চলোৱাৰ সমান্তৰালকৈ কংগ্ৰেছ প্ৰাৰ্থী আনন্দ নৰহেও সমষ্টিটোৰ বিভিন্ন প্ৰান্তৰ ভোটাৰৰ ঘৰে ঘৰে গৈ নিৰ্বাচনী প্ৰচাৰ ইতিমধ্যেই আৰম্ভ কৰা পৰিলক্ষিত হৈছে।প্রধানকৈ অৰুণোদয় আঁচনি, লাখপতি বাইদেউ, কৃষক সম্মান নিধি আঁচনি, নিযুত মইনা, মহিলা উদ্যমিতা আঁচনিকে ধৰি একাধিক আঁচনিক মূলধন কৰি শাসকীয় বিজেপি মিত্রজোঁটৰ প্রার্থী তথা বিধায়ক নৱ কুমাৰ দলেয়ে প্রচাৎ অভিযান জোৰদাৰ কৰা পৰিলক্ষিত হৈছে।আনহাতে সমষ্টিটোৰ মূল সমস্যা বান নিয়ন্ত্ৰণ আৰু খহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা কৰাৰ লগতে একালৰ বান বিধ্বস্ত মাতমৰাৰ মথাউৰিৰ উপৰত পকী পথ নিৰ্মাণ,অসম মালা আঁচনিৰ অধীনত নিৰ্মাণ সম্পূৰ্ণ হোৱা দুটাকৈ গুৰুত্বপূৰ্ণ পথকে ধৰি সমষ্টিৰ মূল পথসমূহৰ উন্নয়ন আৰু ৰাষ্ট্ৰীয় সন্তোষ ট্ৰফী ফুটবল প্ৰতিযোগিতা সফল আয়োজন কৰা আদি একাধিক বিষয়ক অস্ত্র হিচাপে লৈ দলেয়ে সভাই সমিতিয়ে নিজৰ কর্মদক্ষতাৰ কথা প্রকাশ কৰি ভোটাৰৰ মন মুহিবলৈ প্রয়াস কৰা দেখা গৈছে।ইপিনে ৰাজনীতিৰ পথাৰত প্ৰথম খোজ দিয়া যুৱ নেতা আনন্দ নৰহেও স্থানীয় অনুষ্ঠান-প্ৰতিষ্ঠান, ব্যক্তি বিশেষক সাক্ষাৎ কৰি আশীৰ্বাদ বিচৰা পৰিলক্ষিত হৈছে।ইয়াৰ মাজতে সমষ্টিটোৰ হেভীৱেইট প্ৰাৰ্থী ‘নৱ কুমাৰ দলেয়ে সংবাদ মাধ্যমৰ আগত ৰাইজৰ আস্থা আৰু সহযোগিতাই মোৰ শক্তি বুলি মন্তব্য কৰি তেওঁ কয় -‘বিগত ৫ বছৰত সমষ্টিবাসী ৰাইজৰ আশিসত সমষ্টিটোৰ উন্নয়ন সাধিবলৈ দিনে-নিশাই কাম কৰিলোঁ‌। সমষ্টিখনক আৰু অধিক উন্নয়নৰ দিশে ধাৱমান কৰাবলৈ থকা মোৰ পৰিকল্পনাসমূহক বাস্তবায়িত কৰিবলৈ পুনৰবাৰ সমষ্টিবাসী ৰাইজে আশীৰ্বাদ কৰিব বুলি মই বিশ্বাসী।’ অনুসূচীত জনজাতিৰ বাবে সংৰক্ষিত ঢকুৱাখনা সমষ্টিত প্ৰকাশিত ভোটাৰ তালিকা অনুসৰি মুঠ ভোটাৰৰ সংখ্যা হ’ল১,৬২,৭০৩ ।ইয়াৰ ভিতৰত পুৰুষ ৮১,৮৪০ গৰাকী,মহিলা ভোটাৰ ৮০,৮৬৩ ।

Leave a Reply

Your email address will not be published. Required fields are marked *