শুৱালকুছি মণ্ডল বিজেপিৰ কাৰ্যালয়ত আজি অৰ্ধ শতাধিক কংগ্ৰেছ কৰ্মীয়ে ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰে৷শুৱালকুছি মণ্ডল বিজেপিৰ উপ সভাপতি প্ৰদীপ দাসৰ সভাপতিত্ব অনুস্হিত যোগদান কাৰ্যসূচীত অংশ গ্ৰহণ কৰি মুখ্যমন্ত্ৰীৰ বিশেষ কৰ্তব্যৰত বিষয়া হেমন্ত চৌধুৰীয়ে কয় যে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড°হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসমৰ সকলো স্তৰতে সম উন্নয়ন হৈছে ৷ অসমৰ উন্নয়নে সৰ্বকালৰ অভিলেখ ভংগ কৰিছে ৷ সেই বাবেই আজি অসমবাসীৰ হৃদয়ত মুখ্যমন্ত্ৰী স্হান সুকীয়াকৈ স্হাপন হৈছে ৷ সৰ্বদিশৰ উন্নয়নে অসমখন জাকত জিলিকা কৰি তুলিছে ৷ অহা পাচ বছৰত মুখ্যমন্ত্ৰী ড°হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত হব লগা চৰকাৰখনে অসমখন দেশৰ ভিতৰতে সৰ্বশ্ৰেষ্ঠ ৰাজ্যলৈ ৰূপান্তৰ কৰিব ৷ সেয়েহে আমি সকলোৱে মিলি মুখ্যমন্ত্ৰীৰ হাত শক্তিশালী কৰি শ্ৰেষ্ঠ ৰাজ্য গঢ় দিয়াত সহযোগ কৰিব লাগে আৰু বিপুল ভোটত এন ডি এৰ মিত্ৰজোঁটৰ প্ৰাৰ্থীক জয়ী কৰাব লাগে ৷ তেওঁ পুনৰ কয় যে আজি যি সকলে কংগ্ৰেছ ত্যাগ কৰি বিজেপিত যোগদান কৰিলে তেওঁলোকক বিজেপি দলৰ হকে আমি আদৰণি জনাইছো ৷ এই যোগদানে শুৱালকুছি মণ্ডল বিজেপিক অধিক শক্তিশালী আৰু গতিশীল কৰি তুলিব ৷ বিজেপিৰ কাৰ্যকৰ্তা সকলে নতুনকৈ যোগদান কৰা সকলক উপযুক্ত সন্মান প্ৰদান কৰিব বুুলিও তেওঁ পৰামৰ্শ আগবঢ়াই কয় যে, নিৰ্বাচলৈকে বিজেপিৰ কাৰ্যকৰ্তা আৰু কৰ্মী সকলে ধৰ্য্যশীল হৈ সুস্থ মানসিকতাৰে দলীয় কামকাজত অৱতীৰ্ণ হব লাগিব ৷ কাৰ্যকৰ্তা সকলে অধিক সক্ৰিয় হৈ হাজো-শুৱালকুছি সমস্টিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী প্ৰকাশ দাসক সৰ্বাধিক ভোটত জয়ী কৰাব লাগিব ৷ কিয়নো শুৱালকুছি মণ্ডলৰ প্ৰতিগৰাকী বিজেপি কৰ্মী একো একো গৰাকী যোদ্ধা ৷ গতিকে আমি সৈনিকৰ দৰে কাম কৰি মুখ্যমন্ত্ৰীক পূৰ্ণ সহযোগ কৰিব লাগিব ৷ সভাত যোগদানকাৰী সকলক মুখ্যমন্ত্ৰীৰ বিশেষ কৰ্তব্যৰত বিষয়া হেমন্ত চৌধুৰীয়ে বিজেপি দলৰ মাফলা আৰু টুপী পিন্ধাই দললৈ আদৰণি জনায় ৷ যোগদানকাৰী সকলে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড°হিমন্ত বিশ্ব শৰ্মাই অসমৰ সৰ্বদিশতে কৰা সম উন্নয়নৰ প্ৰতি আকৃস্ট হৈ আৰু অসমখন সুৰক্ষিত হৈ থকাৰ স্বাৰ্থত কংগ্ৰেছ এৰি বিজেপিত যোগদান কৰা বুলি উল্লেখ কৰে ৷ সভাত শুৱালকুছি মণ্ডল বিজেপিৰ সম্পাদক মাণিক দাস, দুলু দাস আৰু হাজো-শুৱালকুছি সমস্টিৰ নিৰ্বাচন সমিতিৰ আহ্বায়ক বলেন ৰাজবংশী উপস্থিত থাকে ৷ সভাৰ শেষৰ ফালে হাজো-শুৱালকুছি সমস্টিৰ মিত্ৰজোঁট প্ৰাৰ্থী প্ৰকাশ দাস উপস্থিত হৈ কংগ্ৰেছ দলৰ ভ্ৰস্টাচাৰৰ সীমা অতিক্ৰম কৰাত অতিষ্ঠ হৈ কংগ্ৰেছ কৰ্মী সকল বিজেপি দলত যোগদান কৰিছে বুলি উল্লেখ কৰি অহা ৪ মে’ত অসমৰ পৰা কংগ্ৰেছ দলটো উৎখাৎ হোৱাটো প্ৰায় নিশ্চিত হৈ পৰিব বুলি কয় ৷ মুখ্যমন্ত্ৰীয়ে সকলো জাতি জনগোষ্ঠীকলৈ অসমখন বিকশিত আৰু সুৰক্ষিত কৰিব বিচাৰিছে ৷ কিন্ত কংগ্ৰেছে ইয়াক ভাগ ভাগ কৰি অসমৰ উন্নয়ন স্হবিৰ কৰিব বিচৰাৰ লগতে অসমত সদায় এটা অশান্তিৰ পৰিৱেশ সৃষ্টি কৰিব বিচাৰে ৷ অসমৰ ৰাইজে এইবাৰৰ নিৰ্বাচনত এনে শক্তিক উচিত শিক্ষা দিব।তেওঁ সমস্টিটোত ৰাইজৰ বিপুল উৎসাহ উদ্দিপনা আৰু সহাঁৰিয়ে তেওঁক অধিক শক্তি প্ৰদান কৰিছে বুলি দোহাৰে৷
Your email address will not be published. Required fields are marked *
Comment *
Name *
Email *
Website
Save my name, email, and website in this browser for the next time I comment.