...

ধুবুৰীৰ গৌৰীপুৰত নিৰ্বাচনী হিংসা!

Spread the love

ধুবুৰীৰ গৌৰীপুৰত নিৰ্বাচনী হিংসা!

এআইইউডিএফ দলৰ বাহনত আক্ৰমণ, দুৰ্বৃত্তৰ পলায়ন

ধুবুৰী:

নিৰ্বাচনৰ মনোনয়ন পত্ৰ জমা দিয়াৰ অন্তিমটো দিনটোতেই ধুবুৰীৰ গৌৰীপুৰত সংঘটিত হ’ল নিৰ্বাচনী হিংসাৰ এক ঘটনা। জানিব পৰা মতে, গৌৰীপুৰৰ ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ এআইইউডিএফৰ দলীয় কৰ্মীৰ থকা এখন বাহনত দুৰ্বৃত্তৰ দলে শিলগুটি আৰু ৰডেৰে আক্ৰমণ কৰে। ঘটনাটোত বাহনখনত থকা এআইইউডিএ কৰ্মী কেইগৰাকী কম-বেছি পৰিমাণে আহত হয়। ইপিনে দুষ্কাৰ্যটো সংঘটিত কৰিয়েই দুৰ্বৃত্তৰ দলটো বেগুনতলি-পাৰঘাটৰে পলায়ন কৰা বুলি প্ৰকাশ। ঘটনাস্থলীত ইতিমধ্যে আৰক্ষী উপস্থিত হৈ পৰিৱেশ নিয়ন্ত্ৰণ কৰা বুলিও জানিব পৰা গৈছে। ইপিনে, আজিৰ ঘটনাৰ উচিত তদন্তৰো দাবী জনাইছে এআইইউডিএফ কৰ্মীসকলে।

Leave a Reply

Your email address will not be published. Required fields are marked *