সমাগত নিৰ্বাচন,ত্যপৰতা প্ৰশাসনৰ
ডিব্ৰুগড় নিৰ্বাচনী জিলাত সাধাৰণ পৰ্যবেক্ষকৰ ভ্ৰমণ
চাইন অন ডেস্ক:
আগন্তুক বিধানসভা নিৰ্বাচন – ২০২৬ ৰ পৰিপ্ৰেক্ষিতত ৯০ নং দুলিয়াজান, ৯১ নং টিংখং, আৰু ৯২ নং নাহৰকটীয়া বিধানসভা সমষ্টিৰ বাবে নিয়োজিত ভাৰতীয় প্ৰশাসনিক সেৱাৰ জ্যেষ্ঠ বিষয়া তথা সাধাৰণ পৰ্যবেক্ষক চিফাং আৰ্থাৰ ৱৰ্চুইয়োৱে আজি ২২ মাৰ্চত আগন্তুক বিধানসভা নিৰ্বাচনৰ প্ৰস্তুতি পৰ্যালোচনা কৰাৰ উদ্দেশ্যে পুৱা ডিব্ৰুগড় জিলা আয়ুক্ত কাৰ্যালয়ত উপস্থিত হয়। এই ভ্ৰমণৰ সময়ত তেওঁ ৯০ নং দুলিয়াজান, ৯১ নং টিংখং, আৰু ৯২ নং নাহৰকটীয়া বিধানসভা সমষ্টি ৰিটাৰ্নিং বিষয়াসকলৰ (RO)ৰ সৈতে জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত ১০ বজাত সকলোৰে লগত মত বিনিময় কৰে।
পৰ্যবেক্ষকগৰাকীয়ে চলি থকা সকলো প্ৰস্তুতি সম্পৰ্কে পৰ্যালোচনা কৰি নিৰ্বাচন পৰিচালনাৰ বাবে সামগ্ৰিক প্ৰস্তুতিৰ মূল্যায়ন কৰে। পৰ্যবেক্ষক গৰাকীয়ে বৰ্তমান সন্মুখীন হোৱা যিকোনো সমস্যা বা প্ৰত্যাহ্বানৰ বিষয়েও সোধা-পোছা কৰি প্ৰয়োজনীয় নিৰ্দেশনা জাৰি কৰে।
ইয়াৰ পিছতে তেওঁ ৰিটাৰ্নিং অফিচাৰ (RO)ৰ সৈতে পুৱা ১১.০০ বজাৰ পৰা ডিব্ৰুগড়ৰ ডন বস্কো স্কুলৰ এটা প্ৰশিক্ষণ কেন্দ্ৰ পৰিদৰ্শন কৰি প্ৰশিক্ষাৰ্থীসকলৰ সৈতে মত বিনিময় কৰে আৰু ভোটগ্ৰহণ কৰ্মীসকলৰ বাবে প্ৰশিক্ষণ প্ৰক্ৰিয়া পৰ্যালোচনা কৰে।
জিলাখনত আগন্তুক নিৰ্বাচনটি মুক্ত, ন্যাৰ্য আৰু মসৃণ পৰিচালনা নিশ্চিত কৰাৰ ওপৰত পৰ্যবেক্ষকগৰাকীয়ে গুৰুত্ব আৰোপ কৰে।