‘২৬ ৰ নিৰ্বাচনত ধুবুৰীত পুনৰাবৃত্তি হব নেকি ?
ধুবুৰীৰ একমাত্ৰ বিজেপি বিধায়ক ধ্ৰুৱ কুমাৰ সেন পুনৰ!
চাইন অন ডেস্ক:
‘২৬ ৰ বিধানসভা নিৰ্বাচনত ধুবুৰীত ঘটিব নেকি ১৯৯১ চনৰ পুনৰাবৃত্তি ?সেই আশাই কৰিছে ধুবুৰীৰ একাংশ বিজেপি কৰ্মীকে ধৰি দলীয় প্ৰাৰ্থী উত্তম প্ৰসাদ আৰু তেখেতৰ সমৰ্থক সকলে। উল্লেখ্য যে, ১৯৯১ চনৰ বিধানসভা নিৰ্বাচনত বিজেপিৰ প্ৰাৰ্থী ৰূপে জয়ী হৈ ধ্ৰুৱ কুমাৰ সেনে ধুবুৰীৰ প্ৰথমগৰাকী বিধায়ক ৰূপে এক ইতিহাস সৃষ্টি কৰিছিল। আনকি, অসমৰ ব্ৰহ্মপুত্ৰ উপত্যকাৰ প্ৰথমগৰাকী বিজেপি বিধায়ক আছিল তেওঁ। কিন্তু সময় সলনি হয় সেয়া অমোঘ সত্যত পৰিণত কৰি আজি সেইজনেই নেতা অসুস্থতাৰ সৈতে যুঁজি, প্ৰায় একাকীত্বৰ মাজতে জীৱনৰ শেষ অধ্যায় পাৰ কৰিছে। দৃষ্টি শক্তি প্ৰায় হেৰাই গৈছে, দেহ-মনও যেন ক্লান্ত তেওঁৰ। আগতে যিজন লোকে জনতাৰ মাজত দিন কটাইছিল, আজি তেওঁক চোৱাচিতা কৰাৰ মানুহো যেন কমি আহিছে। সাধাৰণ জীৱনযাপনৰ বাবে পৰিচিত ধ্ৰুৱ কুমাৰ সেনে বিধায়ক হৈ থকা অৱস্থাত বাছেৰেই যাতায়াত কৰিছিল। সেয়া এতিয়াও ধুবুৰীৰ বহুতেই ৰাজনৈতিক নেতা, বিধায়ক এগৰাকীৰ সৰলতা আৰু সততাৰ কাহিনী ৰূপে স্মৰণ কৰে। ইয়াতে উনুকিয়াব লগা বিষয়টো হ’ল যে, নিৰ্বাচন আহিলেই শাসকীয় বিজেপি দলৰ একাংশ নেতা, মন্ত্ৰী একাংশই তেখেতক সাক্ষাৎ কৰাটো এক স্বাভাবিক নিয়মত পৰিণত হৈছে। কিন্তু পৰিতাপৰ কথা এয়াই যে বিজেপিৰ স্থানীয় নেতৃত্বৰ অধিকাংশই কিন্তু অন্তঃকৰণে আগুৱাই আহি নিজ দলৰেই প্ৰাক্তন তথা এতিয়ালৈ ধুবুৰীৰ একমাত্ৰ বিজেপি বিধায়ক ধ্ৰুৱ কুমাৰ সেনক সহায় কৰা আজিলৈ দেখা নাই ৰাইজে।