ডিব্ৰুগড় নিৰ্বাচনী জিলাত সাধাৰণ পৰ্যবেক্ষক, আৰক্ষী পৰ্যবেক্ষক আৰু ব্যয় পৰ্যবেক্ষকৰ সৈতে ডিব্ৰুগড় জিলা প্ৰশাসনৰ বৈঠক সম্পন্ন।
ডিব্ৰুগড় :

এই আলোচনাত ডিব্ৰুগড় জিলাৰ আটাইকেইটা বিধানসভা সমষ্টিকে সামৰি লোৱা হৈছিল । উক্ত সভাত জিলা আয়ুক্ত তথা জিলা নিৰ্বাচনী বিষয়া শ্ৰী বিক্ৰম কৈৰী (ভাঃপ্ৰঃসে) , জিলা আৰক্ষী অধীক্ষক শ্ৰী অভিজিৎ গৌৰৱ দিলীপ, জ্যেষ্ঠ বিষয়া, নিৰ্বাচন সম্পৰ্কীয় বিভিন্ন কোষৰ ন’ডেল বিষয়া, জিলা প্ৰশাসনৰ বিভাগীয় মুৰব্বী উপস্থিত থাকে। নিৰ্বাচনৰ প্ৰস্তুতি, আইন-শৃংখলা, ব্যয় নিৰীক্ষণ, বিভাগসমূহৰ মাজত সমন্বয়, আৰু আৰ্হি আচৰণ বিধি পালনৰ সৈতে জড়িত মূল বিষয়সমূহৰ ওপৰত বিতংভাৱে আলোচনা কৰা হয়।
পৰ্যবেক্ষকসকলে সমন্বিত প্ৰচেষ্টা, নিৰ্বাচন আয়োগে জাৰি কৰা নিৰ্দেশনাসমূহ কঠোৰভাৱে পালন কৰা, আৰু জিলাখনৰ সকলো বিধানসভা সমষ্টিত নিৰ্বাচন মুক্ত, ন্যায্য আৰু শান্তিপূৰ্ণভাৱে অনুষ্ঠিত কৰাটো নিশ্চিত কৰাৰ বাবে সক্ৰিয় ব্যৱস্থা গ্ৰহণৰ ওপৰত গুৰুত্ব আৰোপ কৰে।
এই বৈঠকৰ জৰিয়তে পৰ্যবেক্ষক কেইজনে সংশ্লিষ্ট সকলো বিষয়াক সজাগ হৈ থাকিবলৈ আৰু নিৰ্ধাৰিত দায়িত্বসমূহ সময়মতে পালন কৰাটো নিশ্চিত কৰিবলৈ নিৰ্দেশ দিয়ে।
নিৰ্বাচনী প্ৰচাৰ কোষ, ডিব্ৰুগড়।