...

ধুবুৰীত বিজেপিৰ উত্তম প্ৰসাদ

Spread the love

ধুবুৰীত বিজেপিৰ উত্তম প্ৰসাদ

গোলকগঞ্জত অশ্বিনী ৰায় সৰকাৰ

বীৰসিং জৰুৱাত মাধবী দাসক প্ৰাৰ্থীত্ব বিজেপিৰ

ধুবুৰী:

সকলো জল্পনা-কল্পনাৰ অন্ত পেলাই অৱশেষত বিজেপিয়ে ঘোষণা কৰা প্ৰাৰ্থী তালিকাত দলটোৱে ধুবুৰীৰ প্ৰাৰ্থী ৰূপে প্ৰক্ষেপ কৰিলে উত্তম প্ৰসাদক। সংখ্যালঘু ভোটাৰে নিৰ্ণায়ক ভূমিকা লোৱা ধুবুৰী বিধানসভা সমষ্টিত প্ৰসাদক প্ৰক্ষেপ কৰাৰ ঘটনাই পুৰণি গতানুগতিক চিন্তাধাৰাৰ পৰা আঁতৰি ধুবুৰী বিধানসভা সমষ্টিটোক লৈ বিজেপি নেতৃত্বই এক নতুন ধৰণে চিন্তা-চৰ্চা কৰাটো প্ৰতীয়মান হোৱা বুলিয়েই মত স্থানীয় ৰাজনৈতিক বিশ্লেষক একাংশৰ। তাৰোপৰি, সংখ্যাগুৰু ভোটাৰৰ উপৰিও সমষ্টিটোৰ সংখ্যালঘু ভোটাৰৰ মাজতো গ্ৰহণযোগ্যতা থকাটো উত্তম প্ৰসাদৰ “এক্স ফেক্টৰ” বুলিও উঠি আহিছে। উল্লেখ্য যে, প্ৰাৰ্থীত্ব নিশ্চিত হোৱাৰ পিছে পিছে দলীয় কৰ্মী আৰু সমৰ্থক সকলে ফটকা ফুটাই, ৰং-ৰইচ কৰি বিশাল এক সমদলৰে ধুবুৰীৰ তেতুলতলাস্থ বিজেপিৰ জিলা কাৰ্যালয় লৈ আদৰি নিয়ে প্ৰসাদক। ইপিনে, ধুবুৰীৰ গোলকগঞ্জ বিধানসভা সমষ্টিত সমষ্টিটোৰ প্ৰাক্তন বিজেপি বিধায়ক অশ্বিনী ৰায় সৰকাৰক পুনৰ প্ৰাৰ্থী ৰূপে প্ৰক্ষেপ কৰিছে বিজেপিয়ে। উল্লেখ্য যে, সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত সংখাগুৰু ভোটাৰে নিৰ্ণায়ক ভূমিকা লোৱা জিলাখনৰ একমাত্ৰ সমষ্টিটো হ’ল গোলকগঞ্জ। তাৰেই পৰিপ্ৰেক্ষিতত এইবাৰ গোলকগঞ্জত বিজয়ী হোৱাৰ বাবে সৰকাৰৰ ওপৰত কিছু মানসিক হেঁচা থকাটোও কিন্তু নিশ্চিত। উল্লেখ্য যে, অশ্বিনী ৰায় সৰকাৰে গোলকগঞ্জৰ পৰা প্ৰাৰ্থীত্ব পোৱাটো নিশ্চিত হোৱাৰ লগে লগে বিজেপি কৰ্মী আৰু সমৰ্থক সকলৰ মাজত এক উৎসৱমুখৰ পৰিবেশৰ সৃষ্টি হয়। আনহাতে, সংখ্যালঘু ভোটাৰে নিৰ্ণায়ক ভূমিকা লোৱা ধুবুৰী জিলাৰ বীৰসিং জৰুৱা বিধানসভা সমষ্টিত বিজোপিয়ে মাধবী দাসক প্ৰাৰ্থীত্ব প্ৰদান কৰাটো আন এক চমক বুলিয়েই অভিহিত কৰা হৈছে। আনহাতে, বিজেপিৰ প্ৰকাশিত তালিকাত ধুবুৰীৰ গৌৰীপুৰ আৰু বিলাসীপাৰা সমষ্টি দুটা স্থান নোপোৱাৰ পৰিপ্ৰেক্ষিতত সেই সমষ্টি দুটা মিত্ৰ দল অগপক এৰি দিয়াটো নিশ্চিত বুলিয়েই বিবেচিত হৈছে। অৱশ্যে, এই বাতৰি পঠিওৱা লৈকে অগপই আনুষ্ঠানিক ভাবে প্ৰাৰ্থী তালিকা ঘোষণা কৰা নাই। ইপিনে, কংগ্ৰেছেও এতিয়ালৈকে ধুবুৰীৰ প্ৰাৰ্থীৰ নাম ঘোষণা কৰা নাই।

Leave a Reply

Your email address will not be published. Required fields are marked *