...

দিছপুৰ প্ৰেছ ক্লাবত মানস ৰবীনৰ সংবাদ মেল

Spread the love

দিছপুৰ প্ৰেছ ক্লাবত মানস ৰবীনৰ সংবাদ মেল

 

জুবিন ক্ষেত্ৰ নিৰীক্ষণৰ বাবে ৰাজহুৱা কমিটী

চাইন অন ডেস্ক:

জুবিন গাৰ্গৰ স্মৃতি সংৰক্ষণ আৰু জুবিন ক্ষেত্ৰৰ কাম-কাজ সঠিক নিৰীক্ষণৰ বাবে এখন ৰাজহুৱা কমিটী গঠনৰ পোষকতা কৰিছে শিল্পী মানস ৰবীনে। এই কমিটীখন গঠনৰ বাবে কাইলৈ শিল্পী জুবিনৰ ছমহীয়া মৃত্যুৰ দিনটোত বিয়লি ৬ বজাত জুবিন অনুৰাগীসকলক জুবিন ক্ষেত্রত উপস্থিত হ’বলৈ আমন্ত্ৰণ আৰু অনুৰোধ জনাই মানস ৰবীনে। দিছপুৰ প্ৰেছ ক্লাবত আয়োজিত এখন
সংবাদমেলযোগে জুবিন অনুৰাগীসকলক কমিটী গঠনৰ ক্ষেত্ৰত সহযোগিতা কৰিবলৈ আহ্বান জনায়। উল্লেখ্য যে ৰাজ্যত শেহতীয়াকৈ হোৱা ধুমুহা- বৰষুণৰ বাবে জুবিন গাৰ্গৰ সমাধি ক্ষেত্ৰৰ অবস্থা শোচনীয় হৈ পৰিছিল। জুবিনৰ সমাধিৰ তম্বুও বতাহত ফালি গৈছিল। এনে পৰিপ্ৰেক্ষিতত জুবিনৰ সংগী তথা বন্ধু মানস ৰবীনে জুবিন সমাধিৰ স্থায়ী নিৰ্মাণৰ বাবে প্রচেষ্টা হাতত লৈছিল। মানস ববীনে এই প্রচেষ্টা হাতত লোৱাৰ পিছত চৰকাৰে গঠন কৰি দিয়া কমিটীখন উপস্থিত হৈ সমগ্ৰ পৰিস্থিতিৰ তদাৰক কৰি তৎপৰতাৰে কাম আৰম্ভকৰে। কিন্তু এনে তৎপৰতাৰ মাজতে বিশিষ্ট অভিনেতা প্রাঞ্জল শইকীয়াই মানস ৰবীনে জুবিন ক্ষেত্রত স্থায়ী নিৰ্মাণ কৰিব নোৱাৰে বুলি মন্তব্য কৰে। প্ৰাঞ্জল শইকীয়াৰ এই মন্তব্যৰ পিছত কালি সংবাদ মেলযোগে মানস ৰবীনে প্রাঞ্জল শইকীয়াক উভতি ধৰি কয়- ‘চৰকাৰে গঠন কৰি দিয়া কমিটীখনে জুবিন ক্ষেত্রত তৎপৰতাৰে কাম আৰম্ভ কৰিছে। খুব ভাল কথা। তাত আমাৰ আপত্তি কৰিবলগীয়া একো নাই। কিন্তু অভিনেতা প্রাঞ্জল শইকীয়াই এটা অদ্ভুদ কথা কৈ দিলে। কিয় ক’লে নাজানো। সংবাদ মেলৰ জৰিয়তে তেওঁক ক’ব বিচাৰিছোঁ যে জুবিন গাৰ্গৰ মৃত্যুৰ ছমাহ হ’ব। কমিটীখন গঠন কৰা বহু দিন হ’ল। ছমাহত কিন্তু কমিটীখনৰ না কাৰ্যালয় এটা হ’ল, না পুঁজি দিলে, না কিবা ক্ষমতা দিলে। মানস ৰবীন গৈ ওলোৱাৰ বাবেই আপোনাক পঠিয়াইছে চাগে। আপোনালোকে মানস ৰবীনৰ ওচৰত কৃতজ্ঞ হ’ব লাগে যে মানস ৰবীনে আপোনালোকক অলপ শক্তি দিলে।’ সংবাদ মেলত মানস ৰবীনে জুবিন ক্ষেত্ৰৰ সৈতে জড়িত কমিটী আৰু সকলো পক্ষকে অধিক দায়িত্বশীল হ’বলৈ আহ্বান জনায়। মানস ৰবীনে সংবাদ মেলত জুবিন গাৰ্গৰ নামত কোনো বিতর্ক হোৱাটো নিবিচাৰে বুলিও দোহাৰে। আনহাতে, আগন্তুক ৰঙালী বিহুৰ সাত বিহুলৈ বিহু মঞ্চত দেখা নাপাব মানস ৰবীনক। সংবাদ মেলত মানস ৰবীনে জুবিন গাৰ্গৰ আবৰ্তমানত এইবাৰ সাত বিহুলৈ বিহুৰ মঞ্চত নুঠাৰ কথা ঘোষণা কৰে। সংবাদ মেলত মানস ৰবীনে কয়- ‘ঘৰৰ মানুহ এজন নোহোৱা হ’লে পৰিয়ালটোত বহু দিনলৈকে কিছু কাম নকৰে। মই জুবিনদাৰ কাৰণে এসপ্তাহৰ কাৰণে অর্থাৎ সাত বিহুলৈ কোনো অনুষ্ঠান নকৰোঁ। তাৰ পিছত কিবা অনুষ্ঠান হ’লে কৰিম। কিন্তু সাত দিনলৈকে মই মোৰ মেনেজমেন্ট টীমটোক মানা কৰি থৈছোঁ।’ সাত বিহুৰ পিছতহে বিহুৰ অনুষ্ঠান কৰাৰ কথা সদৰী কৰি মানস ৰবীনে কয়- ‘আমাৰ লগত এটা বৃহৎ বাদ্যযন্ত্ৰীৰ টীম আছে। তেওঁলোকৰ পেটৰ ভাতমুঠি মই মাৰিব নোৱাৰোঁ। বাকী শিল্পীসকলে কৰক, জুবিন একেবাৰে ঘৰুৱা কাৰণে মোৰ কৰিব মন নাযাব।’ মানস ৰবীনে আৰু কয় যে বিহু অসমীয়া জাতিৰ আয়ুস ৰেখা আৰু বিহুটোক জীয়াই ৰাখিলেহে জুবিনদাকো জীয়াই ৰখা হ’ব।

Leave a Reply

Your email address will not be published. Required fields are marked *