...

প্ৰাৰ্থীত্ব লাভ কৰি স্বগৃহত লুৰিণজ্যোতি গগৈ

Spread the love

প্ৰাৰ্থীত্ব লাভ কৰি স্বগৃহত লুৰিণজ্যোতি গগৈ

 

জনগণৰ বাবে যুঁজি আছিলো, যুঁজি যাম

চাইন অন ডেস্ক:

প্ৰাৰ্থীত্ব লাভ কৰিয়েই স্বগৃহত উপস্থিত হোৱা অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈক ডিব্ৰুগড় বিমানবন্দৰত বিপুল আঁদৰণি জনালে দলীয় কৰ্মীয়ে। গুৱাহাটীৰ পৰা ডিব্ৰুগড় বিমানবন্দৰত উপস্থিত হোৱা লুৰিণজ্যোতি গগৈক ঢোলে-দগৰে অজাপৰ নেতা-কৰ্মীয়ে আঁদৰাৰ লগতে এক বিশাল ৰে’লীৰে খোৱাং অভিমূখে যাত্ৰা কৰে। বিভিন্ন জনগোষ্ঠীয় সাংস্কৃতিক দলসমূহৰ জৰিয়তে লুৰিণজ্যোতি গগৈক উষ্ম আঁদৰণি জনায়। প্ৰায় দহ সহস্ৰাধিক লোকৰ উপস্থিতিত লুৰিণজ্যোতি গগৈক স্বাগতম জনালে দলীয় নেতা-কৰ্মীয়ে। দলীয় কৰ্মীৰ সম্ভাষণ গ্ৰহণ কৰি লুৰিণজ্যোতি গগৈয়ে কয় যে, খোৱাংবাসী ৰাইজক কথা দিছো যে, দীৰ্ঘদিনৰ পৰা অসমৰ সমাজ, জাতীয় জীৱন, মানুহৰ কাৰণে মই যিধৰণে যুঁজি আছো, আগন্তক দিনত অধিক শক্তিশালী আৰু দৃঢ়ভাৱে যুঁজি যাম। খোৱাংবাসীৰ আশা-আকাংক্ষা, সমস্যা, সপোনক বাস্তৱায়িত কৰিবলৈ মই দৃঢ় প্ৰতিজ্ঞ। মই জনগণৰ যুঁজি আছিলো আৰু যুঁজি যাম। অসমৰ ৰাইজৰ হৈ সংগ্ৰাম অব্যাহত আছিল আৰু ভৱিষ্যতলৈকে থাকিব। ইফালে কংগ্ৰেছৰ জ্যেষ্ঠ নেতা প্ৰদ্যুৎ বৰদলৈৰ বিজেপি গমনক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে লুৰিণজ্যোতি গগৈয়ে। গগৈয়ে কয় যে, গণতান্ত্ৰিক ব্যৱস্থাত ৰাজনৈতিক ভৱিষ্যত নিৰ্মাণ কৰে জনসাধাৰণে। ইয়াত কোনো নেতা বা ব্যক্তি শ্ৰেষ্ঠ হ’ব নোৱাৰে। জনতাই ৰায় দিব আৰু জনগণই সিদ্ধান্ত দিব। কোনোবাই কৰবাত দল বাগৰিছে, কোনোবাই দালালি কৰিছে, কোনোবাই ব্যক্তিস্বাৰ্থ পুৰণ কৰিবলৈ ইফাল-সিফাল কৰিছে। কিন্তু অসমৰ ভৱিষ্যত সুৰক্ষিত কৰিবলৈ আৰু জনগণৰ আশা-আকাংক্ষাক আৰু তেওঁলোকৰ সমস্যা সমাধানৰ বাট নিৰ্ণয় কৰিবলৈ কৰা কাম-কাজেহে ৰাইজে প্ৰকৃত মূল্যায়ন কৰিব। সময়ত তাৰ উপযুক্ত সিদ্ধান্ত ৰাইজে দিব। আনহাতে শিৱসাগৰ সমষ্টিত ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ বিৰুদ্ধে প্ৰাৰ্থীত্ব নিদিয়ে বুলি উল্লেখ কৰি মিত্ৰতাক লৈয়ো তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছে লুৰিণজ্যোতি গগৈয়ে। বিজেপিক পৰাভূত কৰাৰ স্বাৰ্থত ত্যাগ কৰা বুলি উল্লেখ কৰি কয়, কম আসন পাইছো, কিন্তু তাৰ বাবে আক্ষেপ নাই। মিত্ৰতাত এৰাধৰা থাকিবই।

Leave a Reply

Your email address will not be published. Required fields are marked *