...

বলাই জনজাতি মধ্য ইংৰাজী বিদ্যালয়ৰ দ্বিতীয়খন স্থায়ী তোৰণ উদ্বোধন

Spread the love

বলাই জনজাতি মধ্য ইংৰাজী বিদ্যালয়ৰ দ্বিতীয়খন স্থায়ী তোৰণ উদ্বোধন

দাতা তুলেন্দ্ৰ নাথ শইকীয়াক অঞ্চলবাসীৰ সম্বৰ্ধনা

চাইন অন ডেস্ক:

বলাই জনজাতি মধ্য ইংৰাজী বিদ্যালয়ৰ সোণালী জয়ন্তী বৰ্ষ উপলক্ষত নিৰ্মিত বিদ্যালয়খনৰ দ্বিতীয়খন স্থায়ী তোৰণ যোৱা ১১ মাৰ্চ তাৰিখে উদ্বোধন কৰে নপাম থান গাঁৱৰ বিশিষ্ট সমাজকম¹, অৱসৰপ্ৰাপ্ত আয়কৰ বিষয়া তথা বৰ্তমান ডিব্ৰুগড় নগৰ উন্নয়ন এলেকাৰ বাসিন্দা তুলেন্দ্ৰ নাথ শইকীয়াই৷ নতুন বলাই গাঁৱৰ গায়ন-বায়ন দলে পৰিৱেশন কৰা গায়ন-বায়নৰ গুৰু গম্ভীৰ পৰিৱেশত তোৰণখনি উদ্বোধন কৰাৰ পিছতে বিদ্যালয়ৰ প্ৰেক্ষাগৃহতে এক অনুষ্ঠানো অনুষ্ঠিত হয়৷ সাংবাদিক তথা নতুন বলাই গাঁৱৰ সমাজকম¹ হৰেন সোনোৱালে আঁতধৰা অনুষ্ঠানটিত প্ৰাক্তন গাঁও প্ৰধান বাবুৰাম সোনোৱাল, বিদ্যালয়খনৰ অৱসৰপ্ৰাপ্ত চতুৰ্থ বৰ্গৰ কৰ্মচাৰী তথা সমাজকম¹ ত্ৰিবেন্দ্ৰ সোনোৱাল, সমাজকম¹ শৰৎ শইকীয়া, বিশিষ্ট সমাজকম¹ তথা বলাই জনজাতি উচ্ছ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষক গকুল চন্দ্ৰ খাউণ্ড, সোনোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ সদস্য, বলাই জনজাতি উচ্ছ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক তথা বিশিষ্ট সমাজকম¹ বদন চন্দ্ৰ সোনোৱাল, কোটোহা উচ্ছ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষক তথা নতুন বলাই গাঁৱৰ বিশিষ্ট সমাজকম¹ যদুনাথ শইকীয়া, বিদ্যালয়খনৰ শিক্ষক-শিক্ষয়িত্ৰী, ছাত্ৰ-ছাত্ৰী, কৰ্মচাৰী, অভিভাৱক-অভিভাৱিকাৰ উপৰি অঞ্চলটিৰ বহু বিশিষ্ট ব্যক্তি উপস্থিত থাকে৷ উল্লেখ্য যে, বিদ্যালয়খনৰ সোণালী জয়ন্তী বৰ্ষ উপলক্ষত বিদ্যালয়খনৰ বাবে দ্বিতীয়খন স্থায়ী তোৰণ নিমাৰ্ণৰ বাবে নপাম থান গাঁৱৰ বিশিষ্ট সমাজকম¹, অৱসৰপ্ৰাপ্ত আয়কৰ বিষয়া তথা বৰ্তমান ডিব্ৰুগড় নগৰ উন্নয়ন এলেকাৰ বাসিন্দা তুলেন্দ্ৰ নাথ শইকীয়াই দুই লাখ টকাৰ আৰ্থিক সাহাৰ্য আগবঢ়াইছিল৷ শইকীয়াৰ পিতৃ ধনবৰ শইকীয়া আৰু ভাতৃ কৃষ্ণ শইকীয়াৰ সোঁৱৰণত উৎসগাৰ্ কৰা তোৰণখনিৰ উদ্বোধনী অনুষ্ঠানৰ আৰম্ভণিতে দুয়োগৰাকী প্ৰয়াত ব্যক্তিলৈ শ্ৰদ্ধা জনাই বন্তি প্ৰজ্বলন কৰা হয়৷ এই কাৰ্যসূচী সমাপন কৰে কোটোহা উচ্ছ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষক তথা নতুন বলাই গাঁৱৰ বিশিষ্ট সমাজকম¹ যদুনাথ শইকীয়াই৷ বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলে এটি সমবেত সংগীত পৰিৱেশন কৰাৰ পিছতে তোৰণৰ দাতা তুলেন্দ্ৰ নাথ শইকীয়াক চেলেং, গামোছা, সঁফুৰা আৰু এখন পত্ৰৰে সম্বৰ্ধনা জ্ঞাপন কৰা হয়৷ বিদ্যালয়খনৰ প্ৰধান শিক্ষক মোহিত সোনোৱালে নিজৰ একাষাৰত তোৰণৰ দাতা তুলেন্দ্ৰ নাথ শইকীয়াক বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰে৷ ইয়াৰ পিছতে ৰাইজক সম্বোধি এক চমু ভাষণ প্ৰদান কৰি তুলেন্দ্ৰ নাথ শইকীয়াই ভৱিষ্যতেও বিদ্যালয়খনৰ বাবে পাৰ্যমানে সহায়ৰ হাত আগবঢ়াই যাব বুলি প্ৰকাশ কৰে৷ ৰাইজৰ হৈ অনুষ্ঠানত প্ৰাক্তন গাঁও প্ৰধান বাবুৰাম সোনোৱাল আৰু বিশিষ্ট সমাজকম¹ তথা বলাই জনজাতি উচ্ছ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষক গকুল চন্দ্ৰ খাউণ্ডে বক্তব্য আগবঢ়াই৷ বক্তব্যত গকুল চন্দ্ৰ খাউণ্ডে তোৰণৰ দাতা তুলেন্দ্ৰ নাথ শইকীয়াক তেওঁৰ বদান্যতাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে৷ তুলেন্দ্ৰ নাথ শইকীয়াৰ প্ৰয়াত পিতৃ ধনবৰ শইকীয়া বৃহত্তৰ বলাই, জকাই অঞ্চলৰ প্ৰথম গৰাকী প্ৰগতিশীল কৃষক আছিল বুলিও ভাষণ প্ৰসংগত তেখেতে উল্লেখ কৰে৷ অনুষ্ঠানৰ শেষত সকলোকে ধন্যবাদ জ্ঞাপন কৰি হৰেন সোনোৱালে বিগত বৰ্ষৰ দৰে এইবাৰো বৃহত্তৰ বলাই আৰু জকাই অঞ্চলৰ পথ- উপপথসমূহত সোণাৰু আৰু শেৱালী গছৰ পুলি ৰোপন কাৰ্য অব্যাহত থাকিব বুলি প্ৰকাশ কৰে৷ এইক্ষেত্ৰত অঞ্চলস্থ ৰাইজৰ সহায় সহযোগিতা কামনা কৰে হৰেন সোনোৱালে৷

Leave a Reply

Your email address will not be published. Required fields are marked *