...

মেঘালয়ৰ পশ্চিম গাৰোপাহাৰ জিলাত উত্তেজনা!

Spread the love

মেঘালয়ৰ পশ্চিম গাৰোপাহাৰ জিলাত উত্তেজনা!

 

জিএইচএডিচি নিৰ্বাচনক কেন্দ্ৰ কৰিয়েই উত্তেজনা
দক্ষিণ শালমাৰা–মানকাচৰত মোবাইল ইণ্টাৰনেট সেৱা বন্ধৰ নিৰ্দেশ অসম চৰকাৰৰ

চাইন অন ডেস্ক:

মেঘালয়ৰ পশ্চিম গাৰোপাহাৰ জিলাত জিএইচএডিচি নিৰ্বাচনক কেন্দ্ৰ কৰি সৃষ্টি হোৱা অগ্নিগৰ্ভ পৰিৱেশে অসমৰ সীমান্তৱৰ্তী জিলা দক্ষিণ শালমাৰা -মানকাচৰ জিলাৰ জনশান্তি আৰু আইন-শৃঙ্খলা বিঘ্নিত কৰাৰ সম্ভাৱনা থকাৰ প্ৰেক্ষাপটত অসম চৰকাৰে জিলাখনত মোবাইল ইণ্টাৰনেট আৰু ডাটা সেৱা তৎকালীন ভাবে বন্ধ ৰখাৰ নিৰ্দেশ জাৰি কৰা বুলি জানিব পৰা গৈছে। যোৱা কালি ১০ মাৰ্চৰ দিনা অসম চৰকাৰৰ ৰাজনৈতিক (এ) বিভাগে জাৰি কৰা সেই চৰকাৰী জাননীখনত বিগত ৯ মাৰ্চৰ দিনা মেঘালয়ৰ গাৰো পাহাৰ জিলাৰ সীমান্তৱৰ্তী অঞ্চলসমূহত কিছু অপ্রীতিকৰ ঘটনা সংঘটিত হোৱা বুলি জিলা প্ৰশাসনৰ পোৱা তথ্যৰ ভিত্তিত এই সিদ্ধান্ত গ্ৰহণ কৰা বুলি উল্লেখ আছে। গৃহ আৰু ৰাজনৈতিক বিভাগৰ অতিৰিক্ত মুখ্য সচিব অজয় তেৱাৰীয়ে জাৰি কৰা এই জাননী Indian Telegraph Act, 1885-ৰ ধাৰা ৫(২) আৰু Temporary Suspension of Telecom Services (Public Emergency or Public Safety) Rules, 2017 অনুসৰি জাৰি কৰা হৈছে। অৱশ্যে, এই সময়ছোৱাত ভইচ কল আৰু স্থিৰ টেলিফোন লাইনৰ (Land line) ৰ জৰিয়তে ব্রডবেণ্ড সেৱা চলি থাকিব বুলি চৰকাৰে স্পষ্ট কৰিছে। এই আদেশ অমান্য কৰিলে ভাৰতীয় ন্যায় সংহিতাৰ , ২০২৩-ৰ ধাৰা ২২৩ আৰু Indian Telegraph Act-ৰ প্ৰাসংগিক বিধান অনুসৰি আইনগত ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলিও চৰকাৰে সতৰ্ক কৰি দিছে। মানকাচৰ দক্ষিণ শালমাৰা দক্ষিণ শালমাৰাৰ জিলা প্ৰশাসনেও জনসাধাৰণক শান্তি বজাই ৰাখিবলৈ আৰু উৰা-খবৰ বা গুজৱ প্ৰচাৰ নকৰিবলৈ আহ্বান জনাইছে। উল্লেখ্য যে, চুবুৰীয়া ৰাজ্য মেঘালয়ৰ পশ্চিম গাৰোপাহাৰ জিলাত অনুষ্ঠিত হ’বলগীয়া জিএইচএডিচি নিৰ্বাচনৰ মনোনয়ন পত্ৰ দাখিল কৰাক কেন্দ্ৰ কৰি জিলাখনৰ চিবিনাংত সৃষ্টি হোৱা অগ্নিগৰ্ভ পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত ভাৰতীয় সেনাৰ দলকো মোতায়েন কৰা হোৱা বুলিও প্ৰকাশ।

Leave a Reply

Your email address will not be published. Required fields are marked *