...

মধ্য এছিয়াৰ যুদ্ধ আজি নৱম দিনত!

Spread the love

মধ্য এছিয়াৰ যুদ্ধ আজি নৱম দিনত!

ইৰাণৰ ১২০০ৰ অধিক লোক নিহত

ইৰাণৰ প্ৰায়বোৰ এলেকাত বন্ধ ইন্টাৰনেট সেৱা

চাইন অন ডেস্ক:

মধ্য এছিয়াৰ যুদ্ধ আজি নৱম দিনত ভৰি দিলে।যুদ্ধ শাম কটাৰ কোনো পৰিস্থিতিৰ উদ্ভৱ হোৱা পৰিলক্ষিত হোৱা নাই। বৰঞ্চ ইৰানৰ ওপৰত মিত্ৰ বাহিনীৰ আক্ৰমণ তীব্ৰতৰ হৈ পৰিছে।
ইজৰাইল-আমেৰিকা আৰু ইৰাণৰ মাজত হোৱা যুদ্ধই আজি দশম দিনত ভৰি দিছে। দুয়ো পক্ষই অব্যাহত ৰাখিছে আক্ৰমণ-প্ৰতিআক্ৰমণ। এই যুদ্ধৰ ফলত ইজৰাইল-ইৰাণৰ বহু ক্ষতিও হৈছে। বহু লোকৰ মৃত্যু হোৱাৰ উপৰি হাজাৰ হাজাৰ লোক আহত হৈছে।

ইৰাণৰ স্বাস্থ্য মন্ত্ৰণালয়ৰ প্ৰবক্তাই সামাজিক মাধ্যমত পোষ্ট কৰি কয় যে- যুদ্ধৰ ফলত ইৰাণৰ নাগৰিকৰ বহু ক্ষয়ক্ষতি হৈছে।পোষ্টটো অনুসৰি, ইৰাণৰ ১২০০ৰো অধিক লোক নিহত হৈছে আৰু আঘাতপ্ৰাপ্ত হৈছে ১০সহস্ৰাধিক লোক। প্ৰায় ১২ বছৰৰ বয়সৰ ২০০ কিশোৰ, ২শতাধিক মহিলাৰ মৃত্যু হৈছে এই যুদ্ধৰ ফলত। তদুপৰি আহত হৈছে ১৪০০ৰো অধিক মহিলা-যুৱতী।

এই যুদ্ধৰ ফলত ইৰাণৰ স্বাস্থ্য খণ্ডৰ বিস্তৰ ক্ষতিসাধন হৈছে, সেয়াও কল্পনাৰ অগোচৰ। দেশখনৰ ২৫ খনকৈ হাস্পতালৰ ভীষণ ক্ষতিগ্ৰস্ত হৈছে,লগতে ১৮টা জৰুৰীকালীন স্বাস্থ্য কেন্দ্ৰ আৰু ১৪খন এম্বুলেন্স সম্পূৰ্ণৰূপে নষ্ট হৈছে।আনহাতে ইৰাণৰ প্ৰায়বোৰ এলেকাতেই বন্ধ হৈ পৰিছে ইন্টাৰনেট সেৱা। যাৰবাবে দেশখনৰ ভিতৰত বৰ্তমানেও যুদ্ধৰ ফলত কিমান ক্ষয়ক্ষতি হৈছে সেয়াও সঠিক তথ্য জানিব পৰা হোৱা নাই।

Leave a Reply

Your email address will not be published. Required fields are marked *