নগালেণ্ডত অসমৰ শিক্ষকৰ মৃতদেহ উদ্ধাৰ
শিক্ষক অভিজিত শইকীয়াৰ মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য
চাইন অন ডেস্ক:

অৰ্ধগলিত অৱস্থাত উষা জিলাৰ এখন নদীৰ কাষত উদ্ধাৰ হয় শিক্ষক অভিজিত শইকীয়াৰ মৃতদেহ।
ঘটনাটোৱে সমগ্ৰ তিতাবৰত সৃষ্টি কৰিছে তীব্ৰ প্ৰতিক্ৰিয়া।

শিক্ষক অভিজিত শইকীয়াৰ ঘৰ তিতাবৰৰ বিবিজানত বুলি জানিব পৰা গৈছে। বিগত কিছু দিনৰ পৰা সন্ধানহীন হৈ আছিল শিক্ষক অভিজিত শইকীয়া।

ঘটনাৰ সন্দৰ্ভত নাগালেণ্ডৰ উষা জিলাৰ আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।