...

ঢকুৱাখনাত জলসম্পদৰ তিনি গুৰুত্বপূৰ্ণ আঁচনিৰ শুভাৰম্ভ বিধায়ক নৱ দলেৰ

Spread the love

ঢকুৱাখনাত জলসম্পদৰ তিনি গুৰুত্বপূৰ্ণ আঁচনিৰ শুভাৰম্ভ বিধায়ক নৱ দলেৰ

১ কোটি ১২ লাখ টকা ব্যয় সাপেক্ষে ঢকুৱাখনা নগৰৰ সুৰক্ষা কৱচ

ঢকুৱাখনা:

ঢকুৱাখনা সমষ্টিৰ বিধায়ক নৱ কুমাৰ দলেই আজি তিনিখনকৈ গুৰুত্বপূৰ্ন খহনীয়া প্ৰতিৰোধী আঁচনিৰ আধাৰশিলা স্থাপন কৰে।শুকুৰবাৰে বিয়লি বিধায়ক দলেৱে উত্তৰ ঢকুৱাখনা পঞ্চায়তৰ মহেমাৰীত উপস্থিত হৈ ঢকুৱাখনা জলসম্পদ সংমণ্ডলৰ অধীনত ২০২৫-২৬ বিত্তীয় বৰ্ষৰ পি ডি এন এ পুঁজিৰ ১ কোটি ১২ লাখ টকা ব্যয় সাপেক্ষে ঢকুৱাখনা নগৰৰ সুৰক্ষা কৱচ স্বৰূপ কঢ়াবান্ধ মথাউৰিৰ ম’হেমাৰীৰ পৰা বান্তৌ চাপৰি অংশৰ শক্তিশালীকৰণ আঁচনি আৰু ৰাজ্যিক স্ব-অগ্ৰাধিকাৰ উন্নয়ন-গ্ৰামীণ পুঁজিৰ শিতানৰ প্ৰায় ২৫ লাখ ব্যয় সাপেক্ষে কঢ়ানদীৰ বাওঁপাৰৰ মহেমাৰী গাঁৱৰ পৰা বান্তৌ চমুৱা পথাৰ অঞ্চলৰ খহনীয়া প্ৰতিৰোধী আঁচনিৰ আধাৰশিলা স্থাপন কৰে বিধায়কগৰাকীয়ে।উল্লেখ্য যে বছৰ বছৰ ধৰি গৰাখহনীয়াই সৰ্বস্বান্ত কৰা অঞ্চলটোৰ ৰাইজ এই আঁচনিৰ জৰিয়তে যথেষ্ট উপকৃত হ’ব বুলি আশা কৰা হৈছে।ইয়াৰ পিছতে বিধায়কগৰাকীয়ে ঘিলামৰাত উপস্থিত হৈ
৩কোটি ৪৮ লাখ টকা ব্যয়ৰে ঘিলামৰাৰ চামপৰা নৈৰ মথাউৰিৰ গুৰৰথালী পৰা ঢকুৱাখনা পথলৈ অংশটো শক্তিশালী কৰাৰ আঁচনিৰ শুভাৰম্ভ কৰে।আজিৰ অনুষ্ঠানত বিধায়কগৰাকীক সংগ দিয়ে মিচিং স্বায়ত্তশাসিত পৰিষদৰ অধ্যক্ষ সুনীল কুমাৰ পেগু ঢকুৱাখনা সমজিলা সম-আয়ুক্ত অপূৰ্ব কুমাৰ নাথ,জলসম্পদৰ বিভাগৰ কাৰ্যবাহী অভিযন্তা কৃষ্ণকান্ত পেগু,হাৰ্হি-মাতমৰা জিলা পৰিষদৰ সদস্য প্ৰণৱ পেগু, ঘিলামৰা জিলা পৰিষদৰ সদস্য চন্দ্ৰেশ্বৰ গগৈৰ প্ৰমুখ্যে বহু কেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

Leave a Reply

Your email address will not be published. Required fields are marked *