...

ডিব্ৰুগড় কানৈ বাণিজ্য মহাবিদ্যালয়ত মানসিক স্বাস্থ্য সজাগতা অনুষ্ঠান

Spread the love

চাইন অন ডেস্ক:
ডিব্ৰুগড়ৰ অন্যতম শিক্ষানুষ্ঠান ‘ডিব্ৰুগড় কানৈ বাণিজ্য মহাবিদ্যালয়’ত নতুনকৈ গঠন কৰা মানসিক সুষ্ঠতা ক্লাৱৰ উদ্যোগত ২৫ ফেব্ৰুৱাৰীত এখনি অনলাইন মানসিক স্বাস্থ্য সজাগতা অনুষ্ঠান অনুষ্ঠিত হৈ যায়। এই অনুষ্ঠান আভ্যন্তৰীণ মান নিশ্চয়তা কোষ (IQAC), বাণিজ্য বিভাগ আৰু অৰ্থনীতি বিভাগৰ যুটীয়া সহযোগত আয়োজন কৰা হয়।অনুষ্ঠানত সমল ব্যক্তি হিচাপে উপস্থিত থাকে বিশিষ্ট মনোৰোগ চিকিৎসক ডা০ সেউজী গোস্বামী। বাণিজ্য বিভাগৰ সহকাৰী অধ্যাপক তথা মানসিক সুষ্ঠতা ক্লাবৰ নড’ল বিষয়া বাণী কছাৰীয়ে আঁতধৰা অনুষ্ঠানটিত মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ জয়দেব গগৈয়ে ছাত্ৰ- ছাত্ৰীসকলৰ মানসিক স্বাস্থ্য সন্দৰ্ভত গুৰুত্বপূৰ্ণ বক্তব্য আগবঢ়ায়।

তেখেতে বৰ্তমান সময়ছোৱাত মানসিক সুস্থতাৰ প্ৰয়োজনীয়তাৰ ওপৰত আলোকপাত কৰাৰ লগতে মহাবিদ্যালয়ত পোন প্ৰথমবাৰৰ বাবে গঠন কৰা মানসিক সুষ্ঠতা ক্লাবৰ উদ্দেশ্য আৰু কাৰ্যপদ্ধতি সম্পৰ্কেও বিস্তৃতভাৱে অৱগত কৰে। সমল ব্যক্তি ডা° গোস্বামীয়ে ছাত্ৰ-ছাত্ৰীসকলক উদ্দেশ্যি প্ৰেৰণাদায়ক বক্তব্য প্ৰদান কৰি মানসিক চাপ, উদ্বেগ, হতাশা আদি সমস্যা সমূহ চিনাক্ত কৰাৰ উপায় আৰু তাৰ সঠিক সমাধানৰ দিশ নিৰ্দেশনা দিয়ে। তেখেতে ছাত্ৰ-ছাত্ৰীসকলক মানসিক সুস্থতা ৰক্ষা কৰিবলৈ ইতিবাচক চিন্তা-চৰ্চা আৰু প্ৰয়োজন হ’লে বিশেষজ্ঞৰ পৰামৰ্শ ল’বলৈ আহ্বান জনায়। অৰ্থনীতি বিভাগৰ জ্যেষ্ঠ সহযোগী অধ্যাপক ড০ অনিতা বৰুৱাৰ নেতত্বত বহু ছাত্ৰ ছাত্ৰীয়ে সমল ব্যক্তিৰ সৈতে অনলাইনত নিজৰ সমস্যাৰ বিষয়ে ব্যক্ত কৰি মত বিনিময় কৰে।মহাবিদ্যালয়ৰ জ্যোতি প্ৰসাদ আগৰৱালা প্ৰেক্ষাগৃহত অনলাইন যোগেদি অনুষ্ঠিত এই অনুষ্ঠানত শিক্ষক-কৰ্মচাৰী আৰু একাধিক ছাত্ৰ-ছাত্ৰীৰ সক্ৰিয় উপস্থিতিয়ে অনুষ্ঠানটোক সাফল্যমণ্ডিত কৰি তোলে।

উল্লেখযোগ্য যে, শিক্ষাৰ্থীসকলৰ সামগ্ৰিক বিকাশৰ ক্ষেত্ৰত মানসিক সুস্থতাক অগ্ৰাধিকাৰ দি মহাবিদ্যালয় কৰ্তৃপক্ষই গ্ৰহণ কৰা এই পদক্ষেপক সচেতন মহলে প্ৰশংসা কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *