...

ডিব্ৰুগড়ত দুদিনীয়াকৈ কৃষক মেলা আৰম্ভ চাইন অন ডেস্ক:

Spread the love

ডিব্ৰুগড়ত দুদিনীয়াকৈ কৃষক মেলা আৰম্ভ

 

চাইন অন ডেস্ক:

কৃষি প্ৰযুক্তি ব্যৱস্থাপনা সন্থা (আটমা), ডিব্ৰুগড় জিলাৰ উদ্যোগত সোমবাৰৰ পৰা দুদিনীয়াকৈ “কৃষক মেলা” অনুষ্ঠিত হৈছে। জিলা কৃষি বিষয়াৰ কাৰ্যালয়ৰ প্ৰাঙ্গণত অনুষ্ঠিত এই মেলাত পুৱাৰে পৰা জিলাখনৰ বহু সংখ্যক কৃষকৰ উপস্থিতি লক্ষ্য কৰা যায়।
কাৰ্যসূচী অনুসৰি পুৱা কৃষকসকলৰ নাম পঞ্জীয়ন কাৰ্য সম্পন্ন কৰাৰ পাছত খোৱাং বিধানসভা সমষ্টিৰ বিধায়ক চক্ৰধৰ গগৈয়ে মেলাখনি উদ্বোধন কৰে। ইয়াৰ পাছত অনুষ্ঠিত মুকলি সভাত চৰকাৰে কৃষক ৰাইজৰ বাবে ৰূপায়ন কৰা বিভিন্ন অভিলাষী আঁচনি কেনেদৰে লাভ কৰিব পাৰি সেই সন্দৰ্ভত বিস্তৃত ব্যাখ্যা আগবঢ়োৱা হয়। লগতে কৃষকৰ আয় দুগুণ বৃদ্ধি কৰাৰ ক্ষেত্ৰত চৰকাৰে গ্ৰহণ কৰা বিভিন্ন পদক্ষেপ সম্পৰ্কে অৱগত কৰে কৃষি বিষয়া অনুপ কুমাৰ পেগু আৰু জেষ্ঠ কৃষি উন্নয়ন বিষয়া ভাস্কৰ বৰাই।
অনুষ্ঠানত উদ্যমী কৃষকসকলক বিশেষ সম্বৰ্ধনা জনোৱা হয়। সম্বৰ্ধনা লাভ কৰা কৃষকসকল হৈছে— সুনিল সিং, অনিমা দত্ত, জিতু গগৈ, বাবুল গোহাঁই, দুলাল কোঁৱৰ, তিলক সোনোৱাল আৰু সঞ্জয় হাজৰিকা।
আবেলি অনুষ্ঠিত “কেচুসাৰ আৰু ইয়াৰ উপকাৰিতা” শীৰ্ষক আলোচনা চক্ৰত উপস্থিত বিশেষজ্ঞ কৃষি বিজ্ঞানীসকলে কয় যে, বৰ্তমান সময়ত ৰাসায়নিক সাৰৰ অত্যাধিক প্ৰয়োগে মাটিৰ গুণাগুণ আৰু উৰ্বৰতা হ্ৰাস কৰাৰ লগতে পৰিৱেশত নেতিবাচক প্ৰভাৱ পেলাইছে। ফলস্বৰূপে বিভিন্ন ৰোগ-ব্যাধিৰ প্ৰৱণতাও বৃদ্ধি পাইছে। সেই পৰিপ্ৰেক্ষিতত কৃষকসকলক অধিক পৰিমাণে জৈৱিক পদ্ধতিৰে খেতি কৰাৰ লগতে জৈৱিকভাৱে উৎপাদিত শাক-পাচলি গ্ৰহণ কৰিবলৈ আহ্বান জনোৱা হয়।
অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে চাবুৱা-লাহোৱাল বিধানসভা সমষ্টিৰ বিধায়ক পোনাকণ বৰুৱা, কৃষি বিজ্ঞান কেন্দ্ৰ, ডিব্ৰুগড়ৰ জেষ্ঠ বিজ্ঞানী তথা মুৰব্বী ড০ দেৱজিৎ বৰঠাকুৰৰ লগতে বিভাগৰ অন্যান্য বিষয়া-কৰ্মচাৰীসকল উপস্থিত থাকে।

Leave a Reply

Your email address will not be published. Required fields are marked *